পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


আদি নমনাৰ বাৰে দামোদৰদেৱক ধৰাই নি এবছৰৰ ভিতৰত তেওঁক ৰাজ্য এৰি যাবলৈ আদেশ দিয়ে। সেই ৰাজ্যত থকা পাটবাউসী সত্ৰ বৈকুণ্ঠনাথক গতাই দি দামোদৰদেৱে, ৰামৰায় দাসৰ গুৰুলীলা মতে, কলে— “আৰু এক জগত-ঈশ্বৰ আজ্ঞা ধৰা। কথাবন্ধে এক খণ্ড ভাগৱত কৰা॥ পূৰ্ব্বে মহাপুৰুষে কৰিলে দশ স্কন্ধ। কীৰ্ত্তম ভটিমা ছবি দুলড়ী সুছন্দ॥ তাত কবি সুগম কৰিয়ো ভাগবত। স্ত্ৰী-শূদ্ৰ সৰ্ব্বলোকে বুঝে যেন মত।১৩৯।“প্ৰভু দামোদৰৰ আজ্ঞায়ে মহা সন্ত৷ শ্লোক ভাঙ্গি ভাগবত কথা কৰিলন্ত। অবিৰোধে স্ত্ৰী-শূদ্ৰ চণ্ডালে পঢ়য়। সংক্ষেপিয়া কথা ৰূপে কৈলা মহাশয়॥ ৯৪২।" নৰনাৰায়ণৰ (১৫৪০-৮৪ খৃঃ) পুতেক লক্ষীনাৰায়ণৰ (১৫৮৪–১৬২২ খৃঃ) ৰাজ্য সোণকোষৰ পশ্চিম পাৰে, তালৈ যাবলৈ বুলি পাৰ হওঁতেই বৈকুণ্ঠনাথে দামোদৰক তেওঁৰ প্ৰথম কথা- ভাগৱত দেখুৱায়। মূল পুথিৰ লগতে টাকা-টিপ্পনিবোৰৰো ‘ভাঙনি কৰাত পুথিখনৰ আকাৰ বৰ ডাঙৰ হব দেখি দামোদৰদেৱে কলে, “কিন্তু এতখানি বহু কথা ভৈলে পুথিও হইবে বৰ। বাহ্ৰয় স্কন্ধৰ কথাক লিখিতে লাগিবে পাত বিস্তৰ॥ এতেকে ইহাক কহিতে নপাৰি নকৰিবে কেহোঁ যত্ন। সংক্ষেপ কৰিয়া সাৰ মাত্ৰ লৈয়া কৰাঁ কথা কবিৰত্ন॥২২৫।” ইয়াকে কৈ দামোদৰদেৱ কোচবেহাৰলৈ গল আৰু বৈকুণ্ঠনাথ পাটবাউসীলৈ উলটি আহি চাৰি বছৰ মানৰ ভিতৰত কথা-ভাগৱত সমাপ্ত কৰে। কথা-গীতাৰ পাতনিত হেমচন্দ্ৰ গোস্বামীয়ে, গেইটৰ বিপৰীতে, ৰঘুদেৱৰ মৃত্যু আৰু পৰীক্ষিত নাৰায়ণৰ ৰাজ্যাভিষেক ১৫৯৩ খৃঃ ধৰি ১৫৯৭ খৃঃ ৰ ভিতৰত কথা-ভাগৱত ৰচিত হৈছিল বুলিছে; কিন্তু গেইটৰ মত নিয়মিতৰূপে খগুন নকৰাকৈ এই নতুন মত ধৰাটো বিজ্ঞানসম্মত নহয়।

 “শ্ৰীশ্ৰীমদ্ভাগৱত কথা। প্ৰথম স্কন্ধ, প্ৰথমোহধ্যায়ঃ। সূতৰ প্ৰতি শৌনকাদিৰ প্ৰশ্ন। কথাঃ- জয় জয় শ্ৰীকৃষ্ণ বিষ্ণু দৈৱকীনন্দন পৰমানন্দ গোবিন্দ যে জগত- ঈশ্বৰ পুৰুষোত্তম সকল লোকক কৃপায়ে অৱতৰি বহুবিধ লীলা কয়ল , সেই গোপ- বেশ নদ-নন্দন চৰণে সহস্ৰ কোটিবাৰ প্ৰণাম কৰোঁ। যাৰ নাম পাপ-হৰ পৰম মঙ্গল মুক্তিদায়ক , তাহন চৰিত্ৰ শ্ৰীভাগৱত শাস্ত্ৰ দ্বাদশ স্কন্ধ তিনি শত পঞ্চত্ৰিংশ অধ্যায় তাহাৰ কথা বন্ধে কিছে নিবন্ধিতে চাঞো। মঞি অল্পমতি তথাপি শ্ৰীদামোদৰৰ আজ্ঞায়ে সন্তসৱৰ অনুমোদনে টীকাভাষ্য অনুসৰি সংক্ষেপ প্ৰকাৰে নিবন্ধো। প্ৰথমে প্ৰথম স্কন্ধ কহোঁ : বিশ্ব-সৃষ্টি আদি নৱ লক্ষণে লক্ষিত জগতৰ পৰম আশ্ৰয় শ্ৰীকৃষ্ণক নমো। বেদব্যাস ঋষি প্ৰথমে নানা শাস্ত্ৰ কৰিলা, তথাপি