পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

লগত জড়িত হীনতা নীচতা আদিৰ যি ছাই-মাকতিয়ে আত্মাৰ সেই ফিৰিঙতি ঢাকি থয় তাক এইদৰে গুচাই দিয়া মাত্ৰেই তাৰ সেই পৱিত্ৰ অম্লান জ্যোতিয়ে সকলো আন্ধাৰ দূৰ কৰে। জড়তা আৰু বন্ধনৰ পৰা মুক্ত এনে আত্মাই কি আধ্যাত্মিক, কি বৈষয়িক, সকলো ক্ষেত্ৰতে অসাধ্য সাধন কৰিব পাৰে; আৰু তাৰ ফলতেই বৈষয়িক কোনো লক্ষ্য নোহোৱাকৈ অসমৰ বৈষ্ণৱ আন্দোলনে অসমীয়া জাতিৰ বৈষয়িক উন্নতিতো অতুলনীয় বৰঙণি যোগাব পাৰিছিল। ইয়াৰ অন্যতম জ্বল্-জ্বল্ পট-পট উদাহৰণ পোৱা হয় উত্তৰ-বৈষ্ণৱ যুগৰ অনুপম মায়ামৰা আন্দোলনত; আহোমৰ দৰে সেই কালৰ এটি প্ৰবল প্ৰতাপী ৰাজশক্তি এমুঠি নিৰস্ত্ৰ নিৰামিষী মায়ামৰা প্ৰজাই কিদৰে থৰ-হৰি কম্পমান কৰিছিল! শত শত বৰ্ষৰ সুপ্ৰতিষ্ঠিত আহোম ৰাজসিংহাসন বলেৰে কাঢ়ি লৈ ভালেমান বছৰ নিজে চলোৱা কথাৰ পৰাই, উলঙ্গ আত্মা আণবিক বোমাতকৈও কেনে শক্তিধৰ তাক অনুমান কৰিব পাৰি।

বৈষয়িক সাহিত্য - গণিত -জ্যোতিষ-ব্যাকৰণ

 ইংলণ্ডত যেনেকৈ যি এলিজাবেথীয় যুগে সাহিত্যত শ্বেপীয়েৰৰ জন্ম দিছিল, সেই এলিজাবেথীয় যুগেই আকৌ ধৰ্মত হুংকাৰ আৰু বিজ্ঞানত বেকনৰ জন্ম দিছিল; অসমতো ঠিক তেনেকৈয়ে যি বৈষ্ণৱ আন্দোলনত শঙ্কৰদেৱ, মাধৱদেৱ, ৰামসৰস্বতী, অনন্ত কন্দলী আদিৰ আবিৰ্ভাৱ হৈছিল, সেই বৈষ্ণৱ আন্দোলনৰ লগতেই গণিতত বকুল কায়স্থ আৰু কবিৰত্ন, জ্যোতিষত চূড়ামণি, আৰু ব্যাকৰণত পুৰুষোত্তম ঠাকুৰ বিদ্যাবাগীশ আদিয়েও দেখা দিয়ে। ওপৰে ওপৰে চালে এনে কথা আচৰিত যেন লাগিলেও, ইয়াত বিস্ময়ৰ কাৰণ নাই। কিয়নো আগতে উনুকিয়াই অহাৰ দৰে জড়তা বন্ধনৰ পৰা মুক্ত হোৱা এটা জাতিৰ বাবে উন্নতিৰ সকলো পথেই মুকলি হয়। ১৭৯৮ ত ৰচিত সুৰ্য্যখৰি দৈবজ্ঞৰ “দৰং-ৰাজবংশাৱলী’’ত এইসকলৰ বিষয়ে লিখিছে (৫৫৬-৬১১পদ)-

“শুনিকে সভাসল বাজাৰ চৰিত্ৰ।   নৰনাৰায়ণ ৰজা পৰম পবিত্ৰ॥ ৫৫৬
কলি যুগে মনুষ্য সবাৰ চিন্তি হিত।   শাস্ত্ৰ সমস্তৰ গ্ৰন্থ কৰাইলা বিদিত॥
ব্যাকৰ্ণৰ গ্ৰন্থ ৰত্ন-মালা কৰাইলন্ত।   যতেক কৰাইলা পদ নাহি আদি-অন্ত॥
গোড় কাম-ৰূপে যত পণ্ডিত আছিল।   সমস্তুকে আনি সত্ৰ-দেৱান পাতিলা॥৬০৪