মনুস্যৰ সুখ সৌভাগ্য ব্ৰিদ্ধি, আৰু দুখ মোচন ব্যতিবেকে জ্ঞান লাভৰ একো
সাৰ্থক নাই। কি দসন সাস্ত্ৰ, কি পদাৰ্থ বিদ্যা, কি ৰাজনিয়ম, কি ইস্বৰ জ্ঞান,
এই সকলো সিখ্যা কৰাৰ একমাত্ৰ উদ্দেশ্য, জে সুখ প্ৰয়োজন আৰু উন্নতি, এই
দুটা কথাই সকলো সদুপাইৰ দ্বাৰ; এই সুখকে সন্তোসো বোলা জাই। মানুহে
অসুখৰ হাত এৰাই থাকিবলৈ ইস্বৰিয গুনেই স্বতহতঃ হতে ইচা হই; কিন্তু স্ৰম
সিকাৰ নকৰি দিৰ্ঘকাল অজ্ঞান অৱস্থাত থকা হেতুকে স্থান দ্ৰিষ্টি তেজ কম হৈ
দুৰাদৰ্সি অৱস্থাক পাই , সেই হেতুকে অজ্ঞানি জেই পোনে জাব খোজে, সেই
পোনেই খুন্দা খাই ওভতে , কিন্তু জ্ঞানীৰ জ্ঞান চকুৰে বহুত দুবৈলৈকে দেখে।
এই হেতুকে জেই পোনেই জাই, সেই পোনেই বাট পাই নিদেসে আৰু, মনব
সুখে ভ্ৰমন কবি সংসাৰ দেখি ত্ৰিপ্তিলাভ কৰে। অজ্ঞানিৰ চকুএ একে পৌনে
সমুখতে অলপলৈ দেখে , তাতেই হঠাত কোনো আপদজনক ঘটনাব ফল ভোগ
কৰি সন্তাপিত হয়। কিন্তু জ্ঞানিৰ স্থান চকু চাৰিওফালে আৰু অতি বেগে
বহুদুৰলৈকে দেখা পাই; সেই গুণে উপাই চিন্তি জথা সম্ভবে আপদৰ হাত এৰাই
সন্তোসে থাকে। অজ্ঞানি এ ভাবি তিমান কথা নেপাই, অন্ধকাৰ মাত্ৰ দেখে। কিন্তু
জি লোকে জ্ঞানৰ চালনা কৰিবলৈ আৰু নিজে মনৰ স্বাস্থ্য ৰাখিবলৈ জপাৱত ৰপে
জনা হৈছে, তেওঁ হলে চকু মুদিলেও নানা দেস দেসান্তৰৰ বেৱহাৰ, দ্ৰব্য গুন,
সংসাৰৰ স্বভাৱ, ইস্বৰৰ স্ৰিষ্টিৰ কৌসল প্ৰভ্ৰিতিক দসন কৰি পৰম পুলকিত ভাৱে
আনন্দ লাভ কৰি থাকে। সম্প্ৰতি জি জ্ঞান আৰু অজ্ঞানব তুলনা কবি গুনাগুন
চৰ্চা কৰা হল, ইয়াৰ দ্বাৰাই জানিবৰ সম্ভব সে জ্ঞানেই লোকৰ হিতকবি এবং
অজ্ঞানেই লোকৰ অহিতকৰি। এতিয়া জাক জ্ঞান বুলি বাখ্যা কৰা হৈছে, সেই
জ্ঞান পুবে অজ্ঞানৰ গভত আচিল। পাচে জেনেকৈ এন্ধাৰ ঘৰত ঠুকনি আৰু
পাথৰ দুই বস্তুৰ সংজোগৰ দ্বাৰাই ফিৰিঙ্গতি ওলাই অন্ধকাৰৰ মাজত উজ্জ্বল প্ৰকাশ
হই, তেনেকৈ অজ্ঞান স্বৰূপ অন্ধকাৰৰ মাজত আলোচনা সক্তিৰ বলেৰে কাৰ্জ্য
কাৰন স্বৰুপ ঠুকনি আৰু পাথৰৰ পৰা জ্ঞান ৰুপ উজ্জ্বল উৎপতি হই। পাচে
সেই উজ্জ্বলৰ দ্বাৰাই এই বিনন্দ বিলাস স্ৰিষ্টি দেখা পালে। তাতে দসক সকলে
জেয়ে জি দেখিলে, তাকেই পৰোপকাৰৰ উদ্দেসে হিত আৰু অহিত; এই পথ দুতি
সৰ্বসাধাৰনক দেখাবৰ কাৰনে লিপিবদ্ধকৈ থৈ থৈ গৈচিল। এতিয়া তাৰ গুনেৰে
আমি অলপ পৰিস্ৰমেৰেই বহুত লাভ কৰি এই কালত জন্ম লাভৰ সাৰ্থকতা পুনঃ
পুনঃ স্বিকাৰ কৰিবলৈ বাধ্য হৈচোঁহঁক।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬
অসমীয়া সাহিত্যৰ চানেকি।