পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪৫
ভবিষ্য-সংগ্ৰহ।


এহি মোৰ সংশয় ছেদিয়ো পশুপতি।
তোমাৰ যশক গাইবোঁ কৰোহোঁ প্ৰণতি।
প্ৰণমিয়া জগতৰ কৃপালু কৰণে।
ধৰিলা জগত মাতা হৰৰ চৰণে॥

পূৰ্বব শুনি আছোঁ অজামিল উপাখ্যান।
যম কৃষ্ণদূতৰ সম্বাদ বিদ্যমান॥
বিষ্ণুদূত হন্তে যম কিঙ্কৰ সকল।
শুনিলন্ত কৃষ্ণনাম মহিমাৰ বল॥

পাছে যমদূত সবে যমত পুছিলা।
নামৰ মহিমা যম ৰজায়ো কহিলা॥
নামৰ কীৰ্ত্তনে মাত্ৰ গুছয় নৰক।
মানিবিহি দূতগণ বৈষ্ণৱ জনক॥

এইমতে নামৰ মহিমা বাৰম্বাৰ।
তযু মুখে শুনি আছোঁ জগত আধাৰ॥
দেবীৰ সংশয় হেন শুনি মহেশ্বৰ।
ক্ৰোধ কৰি পাৰ্ব্বতিক বুলিলা বিস্তৰ॥

আৰু দেবী তুমি কেনে বিস্তৰ লপস।
বহু অৰ্থ পায়া যেন অল্পতে চলস॥
ইহাৰ উত্তৰ শুনা থিৰ কৰি মন।
ভকতি যোগৰ হেতু পাপ বিমোচন॥

ছয় উৰ্ম্মি যোগ যাৰ আছে নিৰন্তৰ।
নামত সে গহে কৰে পাতক বিস্তৰ॥
বেদবিধি নাচাৰে ভকত ভৈলোঁ বুলি।
নাশিল পামৰ সিটো জানিবা সমূলি॥

ভকতিত মহাপাপ কৰে যিটো জন।
বজ্ৰলেপ তুল্য হয়ে নাহি বিমোচন॥
অন্য অৱস্থাত পাপ কৰিয়া আচৰে।
হৰি ভকতিক কৰি সমূলি উভাৰে॥