পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৮৫ জন্মস্থ শ্লোকৰ কীৰ্ত্তন। শুনা শিষ্য চয়, তেজিয়ো সংশয়, সত্য বস্তু ভগৱন্ত। তাঙ্কে কৰে। ধ্যান, তো সবে তাস্ক, ধ্যান কৰা অপৰ্যন্ত। স্বৰূপ লক্ষণে, তাহাকে বুজাঞো, শুনা সাবধান মনে। তাহান স্বৰূপ, | নাৰদত বিনে, নাজানয় আন জনে॥ সত্য বস্তু হৰি, জানা নিষ্টকৰি, প্ৰপঞ্চ ইতো অসত্য। যিহেতু সত্যৰ, সকাশত থাকি, সত্য হেন প্ৰকাশন্ত॥ কহে শুনিয়োক, প্ৰকৃতিৰ গুণচয়। তথাপিতো জানা, তাঙ্ক নিষ্টে নোচোৱয়। তমো গুণ হন্তে, গোলক হোৱয়, ইন্দ্ৰিয় ৰজো গুণত। সত্যৰ কাৰণ, ঈশ্বৰতে আছে, সত্ত্ব গুণ হন্তে, | শুদ্ধ সময়, দেৱতা হৱে বেকত॥ তিনি গুণে আসি, সৃষ্টি স্থিতি লয়, | জগতৰ কৰি ৰৱে।। | সৃষ্টি কৰিলন্ত, সমস্ত শাস্ত্ৰত কৰে। জগতকে পালা, আপুনি হুয়া প্ৰবেশ। ৰজো গুণে ব্ৰহ্মা, সত্ত্ব গুণে বিষ্ণু, সমস্ত সংহৰা, তমো গুণে হবে, নাথাকয় লৱলেশ।