পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
বঘাসুৰ বধ।

গাত খানি পশে গৃহস্থৰ ঘৰে,
 সৰ্ব্বস্ব হৰি আনয়।
স্ত্ৰী বাল্যে যদি  ডাকিয়া বোলয়,
 তেবে শীঘ্ৰে পলাৱয়॥
হেনয় যশক তোৰা সবে কহ,
 কিঞ্চিতো বৈলক্ষ্য নাই।
ৰাত্ৰি অন্ধকাৰে পশি নগৰত,
 বধি আছি ছেগ চাই॥
তাহাকে মুনি বখানস অৰে,
 মুঢ় নৰ ক্ষুদ্ৰ জন।
অযুত বৎসৰ পড়িয়া আছিল,
 ভাঙ্গিলি দুৱাৰখান॥
ভয়ঙ্কৰ একো পৰ্ব্বত থাকয়,
 মুযে মাটি গুচাৱয়।
বৃষ্টি পড়ি গিৰি খসিয়া পড়য়,
 তেবে মুষ বীৰ হয়॥
আনো নানা মত কথা পালি দিল,
 পাণ্ডব ধীৰ মহন্ত।
অসত্য বাদত ভ্ৰুভঙ্গো নাই,
 কিছু মন্যু নকৰন্ত॥
জয় জয় নৰ নাৰায়ণ নৃপ,
 অখণ্ড মণ্ডলেশ্বৰ।
সম দম দণ্ড ভেদ ন্যায় নীতি,
 সকল গুণে সাগৰ॥
বৈষ্ণৱ সবক  পালন কৰন্ত,
 প্ৰাৰ্থকৰ পূৰা মন।
 দিব্য ভোগ ভুঞ্জি পৰকালে পাছে,
 বৈকুণ্ঠে কৰা গমন॥