পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯০
অসমীয়া সাহিত্যৰ চানেকি।

এহি মতে দুৰাচাৰ।
কৰি মহা অহঙ্কাৰ॥
সভাক সন্মুখ ভৈল।
কৃষ্ণক নিন্দিবে লৈল॥
শুনা সভাসদ লোক।
জন্মৰ সকল হৌক।
মাধৱৰ নাম গুণ।
কলিত পৰম পুণ্য॥
জানি আনি তেজি কাম।
নিৰন্তৰে বোলা ৰাম॥

সবাক সম্বুধি শিশুপাল দুৰাশয়।
বোলে শুনা শুনা ওৰা সভাসদ চয়॥
তোৰা সব শ্ৰেষ্ঠ পাত্ৰ বুদ্ধিত সাগৰ।
নধৰিবা কেহো ইতো বাক্য বালকৰ॥
আতি শিশুমতি সহদেৱ মূঢ়জন।
কেনমতে সাদৰিলা ইহাৰ বচন॥
নতো দেখে সমাজ নজানে ব্যৱহাৰ।
বোলে উপকাৰী কৃষ্ণ কুটুম্ব আমাৰ॥
ইহাৰ প্ৰসাদে সুখে আছোঁ হেন জানে।
তাতেসে কৃষ্ণক ইতো বৰ বুলি মানে॥
তুমি সব সভাসদ পতি মহাজন।
কিসক সাদৰা সবে ইহাৰ বচন॥
নুহি যোগ্য কৃষ্ণ ইতো অগ্ৰ অৰিহণে।
নেদিবা সম্মত তুমি সব মহাজনে॥
জগততে শ্ৰেষ্ঠ দুই ব্ৰহ্মা মহাদেৱ।
যাহাৰ চৰণ সুৰাসুৰে কৰে সেৱ॥
জগত কাৰণ দুইও দেৱতে উত্তম।
ব্ৰহ্মাণ্ডতো নাহি ইতো দুইহন্তকো সম॥