এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গৰখীয়া নাম
১।
হুৰ হুৰ বটা চাই।
মোৰ ধান নেখাবি তোক দিম গোটা কড়াই।।
ধানো খাম চাউলো খাম,
তোক বিয়া কৰাই ঘৰলৈ যাম।।
২।
টোকোৰা এ আমাৰ ধান নেখাবি
লোকৰ খান খাবি।
আৰু বেলিলৈ ৰুই দিম,
দালত পড়ি পড়ি খাবি।।
দালদুল ভাঙ্গি তই তেলীৰ তালৈ যাবি
তেলীয়ে দিব তেল খাৰণী মালীয়ে দিব ফুল।
৩।
শালিকী এ ৰটৌ টৌ।
ভাত হল শাক হল শালিকী বাই বা কেহেলৈ গল?
এই খিনিতে আছিলে জাবৰ খুচৰি,
কেনোবাই লৈ গল ডিঙ্গি মুচৰি।।
৪।
ৰদালি এ ৰদ দে।
আলি কাটি জালি দিম।
বড় পিড়া পাৰি দিম,
তাতে বহি বহি ৰদ দে।
ৰদালিৰ মাকৰ কুটকুৰা ছুলি।
কাহানি পাবগৈ বিৰিঙ্গাৰ গুৰি।।
৫।
বগলী এ সবাহলৈ নগলি কিয়?
গৈছিলো গৈছিলো বটত বৰখুনে পালে।
ৰঙ্গদৈৰ ঘৰতে সোমাব খুজিলো
চেঙ্গদৈ কুকুৰে খালে।
চেই কুকুৰ চেই নাহিবি জপনা দেই।।
৬।
হঁয়কলি হঁয়কলি,