হৰশৰ বিনাশিয়া বীৰ ধনঞ্জয়।
ক্ৰোধত কম্পয় বীৰ অগনিৰ নয়॥
ক্ৰোধ অপমানে পাণ্ডুপুত্ৰ গৈলা জ্বলি।
দশ দিব্য নৰাচ হানিলা হোঁহ বুলি॥ ৮১৪
আকাশে চলিলা শৰ বহ্নিসম জ্বলি।
হৰৰ হিয়াত পৰিলন্ত হলাহলি॥
পিঠি পাচে বাজ হই গৈলেক নিকলি।
মাৰুতৰ বাটে শৰ শীঘ্ৰে যায় চলি॥ ৮১৫
অৰ্জ্জুনৰ হাতে যাই উপসন্ন ভৈলা।
ধনঞ্জয় পুনু সেহি শৰ প্ৰহাৰিলা॥
জাজ্বল্য অগনি জ্বলি চলে দশশৰ।
শঙ্কৰৰ হৃদয়ে ভেদিলা দৃঢ়তৰ॥ ৮১৬
বিমুৰ্চ্ছিত ভৈলা হৰ দেখি তমোময়।
ক্ষণেকে চেতন পাইলা ব্ৰহ্মৰ তনয়॥
চেতন ভৈল হৰ লভিয়া হতাশ।
অৰ্জ্জুনে কৰিলা ৰণে মোক বৰ ত্ৰাস॥ ৮১৭
অৰ্জ্জুনৰ সম কোনো নাই জগতত।
আজি সে দেখিলোঁ মই ইহাৰ মহত্ত্ব॥
দহিবাক পাৰে ইটো চৈধ্যয় ভুবন।
ভালেতো দেৱতাগণে হাৰিলেক ৰণ॥ ৮১৮
মনত বোলন্ত ইটো বীৰ অদভূত।
এহি বুলি ক্ৰোধিলন্ত অজব্ৰহ্মসুত॥
ত্ৰৈলোক্য দহিবে যেন খুজিলন্ত হৰ।
যুগান্তৰ কালৰ যেন বহ্নিসম শৰ॥ ৮১৯
তিনিয়ো জগত সবে সংহৰিবে প্ৰতি।
যুগান্তৰ ৰূপ ৰুদ্ৰ ভৈলা পশুপতি॥
পঞ্চমুখ ভৈলা পাচে পোন্ধৰ লোচন।
চৰাচৰ প্ৰাণী সংহৰিবে ত্ৰিনয়ন॥ ৮২০
মাধৱে দেখ হৰ জাজ্বল্য যে সম।
প্ৰজা সংহাৰিৰে যেন কালান্তক যম॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
অসমীয়া সাহিত্যৰ চানেকি ৷