বিশাল তীখাল যে প্ৰচণ্ড ঘোৰ বাণ।
মোহোৰ শৰীৰে পৰে বজ্ৰৰ সন্ধান॥ ৭৬১
ভালেতো দেৱতা গণে হাৰিলেক ৰণ।
সৱেয়ো মোহোত যাই পশিলা শৰণ॥
এহি বুলি মহেশ্বৰ ক্ৰোধে জ্বলি গৈলা।
যুগান্ত কালৰ যেন ৰুদ্ৰ ৰূপ ভৈলা॥ ৭৬২
সেহি মতে ক্ৰোধ কৰি দেৱ মহেশ্বৰ।
অৰ্জ্জুনক মাৰে শৰ হাজাৰে হাজাৰ॥
মাধৱক প্ৰতি প্ৰহাৰিলা কোটি বাণ।
শৰৰ সন্ধানে কৃষ্ণ ভৈলা কম্পমান॥ ৭৬৩
চাৰি দিব্য শৰ চাৰি ঘোঁৰাক হানিলা।
ত্ৰিশ যে অযুত হাত পাচ গুছি গৈলা॥
তীখাল চোখাল আৰু হানিলেক শৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥ ৭৬৪
আৰু দশ নৰাচ মাৰিলা মহাৰাগে।
অৰ্জ্জুনৰ হিয়াত পৰিল মহাবেগে॥
হৰৰ বিক্ৰম বৰ দেখি ধনঞ্জয়।
ক্ৰোধত জ্বলিলা বহ্নিশিখা যেন প্ৰায়॥ ৭৬৫
অৰ্জ্জুনে বোলন্ত সখি হুয়ো সাৱধান।
ৰথক কৰিয়ো থিৰ পূৰ্ব্বৰ সমান॥
মহেশক কোটি কোটি মাৰোঁ শৰচয়।
বিহ্বল কৰোহোঁ আজি দেখা কৃপাময়॥ ৭৬৬
এহি বুলি প্ৰহাৰিলা বিশাল দিব্য শৰ।
জাজ্জ্বল্য সমান হই চলিলা সত্বৰ॥
হৰৰ হৃদয়ে পৰে ব্ৰজৰ সন্ধানে।
ঢলিযা পৰিল হৰ বৃষভৰ যানে॥ ৭৬৭
দেৱতাৰ দেখি বৰ চমক লাগিল।
অৰ্জ্জুনৰ শৰে আজি মহেশ পৰিল॥
মহেশক সৱে দেৱ দেখি অচেতন।
মহা অসন্তোষ মনে কৰন্ত ক্ৰন্দন॥ ৭৬৮
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৭
দেৱজিত