‘শামুকৰ জনমে |
ধৰ, তই পাগলী, |
তোকে চূণে পুৰি খাম৷’ |
অন্ততঃ জন-সাহিত্যত শিৱ সদায় ‘অসমীয়া সংস্কৰণত’ দেখা দিয়ে। “ন হি হৰি হৰাৎ পৃথক” বা “পুণ্য নাম যত বিষ্ণু-শিৱৰ। তাক ভেদ বুদ্ধি কৰে যি নৰ॥ সিজনো নামৰ দ্ৰোহী পৰম!” এই নামাপৰাধৰ ভয়ৰ বাবেই হবলা মৌখিক দিহা-নামত শিৱ বিষয়ক বহুত ঘোষা আছে :— (ভোগজৰা, ১৯২৮)
‘ধুমুৰ ধুমুৰ ঔ, খুন্দে ভাঙৰ গুড়ি।
নন্দীয়ে ভৃঙ্গীয়ে উৰাল মাৰে,
পাৰ্বতী আয়ে চালে-জাৰে;
ধুমুৰ, ধুমুৰ ঔ, খুন্দে ভাঙৰ গুড়ি॥’
“খায় ভাঙৰ গুৰি, |
নিতৌ তিনি গুলি, |
ছপুৰা ধতুৰাৰ গুটি৷ |
“হৰ শিৱ শম্ভূ গৌৰীনাং৷ ৰুদ্ৰং পশুপতি ঈশানাং৷৷
“ডুপ্ ডুপ্ ডুপ্ বাজে ডম্বৰু৷ নাচে সদাশিৱ কল্পতৰু৷৷’’
“এ সদাশিৱ, তোমাৰ শিৰে জটা!
জগতক বৰ দিছা, আপুনি নাঙঠা॥’’
“এ শূলপাণি, ডম্বৰু ধৰিছা হাতে॥
শূলপাণি, গঙ্গাক নমাইছা মাথে॥’’