সংগ্ৰহৰ কাষ চাপিছে বুলি কব পৰা কিতাপ এখনিও আমাৰ চকুত পৰা নাই।
এই শ্ৰেণীৰ মৌখিক সাহিত্যৰ প্ৰভাৱ ভাষাত কিমান দকৈ সোমাই আছে,
অলপ ভালকৈ ভাবি চালেই সহজে অনুমান কৰিব পাৰি। মুঠতে, অসমীয়া
বিৰাট জন-সাহিত্য বৰ্ত্তমানৰ লিখিত বা ‘শিক্ষিত’ সাহিত্যৰ তীৰ্থস্থান হব
লাগিব। পটন্তৰ-মালা তাৰে এটি অতি আৱশ্যকীয় অঙ্গ। এই তীৰ্থস্থান।
পাহৰণিৰ শত্ৰু-সৈন্যৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আৰু তাত হৃদয়ৰ নতুন
সংযোগ দি এটি নতুন বিৰাট জাতীয় সাহিত্য সৃষ্টি কৰিবলৈ এতিয়াও
তৎপৰ নহলে অসমীয়া সাহিত্যৰ ভৰিত আন্ধাৰ। বিশেষকৈ অসমীয়া
গদ্য-সাহিত্যলৈ এতিয়াও সাধাৰণতে এটি নিভাঁজ নিমজ গতি আহিবলৈ
বাকী; গদ্য-সাহিত্য কেতিয়াবা কেনেবাকৈ বনফুলৰ দৰে ফুলি উঠিলেও উঠিব
পাৰে, কিন্তু গদ্য সাহিত্য সেইদৰে হোৱা বস্তু নহয়; তাৰ কাৰণে জাতীয়
সাহিত্যৰ ভালেখিনি অধ্যয়ন, শিক্ষা আৰু সাধনাৰ আৱশ্যক।
“বাঁহী", পঞ্চদশ বছৰ, নৱম সংখ্যা, পুহ, ১৮৪৭ শক
⸻⸻
ফুল-পুৰাণ—ফুলকোঁৱৰৰ গীত
কেচুৱাই কথা কবলৈ আৰম্ভ কৰা স্বৰূপে পোনতে কলকলোৱাৰ দৰে পৃথিবীৰ প্ৰত্যেক জাতিয়েই কাপ-কাঠি হাতত লোৱাৰ বহুত অগতে আত্ম- প্ৰকাশৰ প্ৰেৰণাত পোনতে সহজ গীত আৰু প্ৰকৃতি-পুৰাণ, পশু-পুৰাণ আদিৰ সাধু ৰচনা কৰি গায়, কয়; সেয়ে জন-কাব্য, জন-সাহিত্য। জাতিৰ বিদ্যাৱন্তই জন-কাব্যৰ দশা গণে; পুথি-ফলি হাতত লোৱাৰ লগে লগে শিশুৰ সোণৰ সপোন পমি যোৱাৰ দৰে জাতিও ‘শিক্ষিত' হোৱা মাত্ৰকে সেই গীত-সাধুবোৰ হৰি আহিবলৈ ধৰে। সেই হৰণত বাধা দি তাক লিখিত ৰূপলৈ আনিবলৈ গলেই সি পুৱাৰ নীয়ৰ-মুকুতাৰ দৰে হাততে হেৰায়; ‘সাহিত্য’লৈ ৰূপান্তৰিত কৰিলেই সি গোট মাৰে, গতানুগতিক হয় আৰু তাক ‘জন’ স্বৰূপত পানী-চলু দিব লগা হয়।