বোপাটি শুৱনী, কঁকালত তিয়নি, সাজ বা নসলায় কিয়?
পিতলৰ শৰাইতে, সাজ থৈ আহিছোঁ, যোগান বা নধৰে কিয়?
পাগে মাৰিবৰে, কত ছেৱে জানা, নোলায় পাহেকটা চুলি।
খোজে কাঢ়িবৰে কত ছেৱে জানা, ভৰিতো নালাগে ধুলি॥
চৰাইৰে চিকুণে, তেলীয়া সাৰেঙে, মাছৰে চিকুণে মালী।
সৱাতো চিকুণে, আমাৰে বোপাটি, শুৱায় গজপুৰৰ আলি॥
এনে আড়ম্বৰহীন সৰল ভাব আৰু ভাষাৰে এনে অনুপম ৰচনা যেন কেৱল অসমীয়া জাতিৰেহে এদনীয়া সম্পদ! “আকালো নাই, ভঁৰালো নাই” বুলিয়ে জীৱন-সমস্যা অতি লঘুকৈ লোৱা প্ৰকৃত “সুজলা সুফলা শস্য- শ্যামলা” ভাৰতৰ এচুকীয়া শান্তিৰ আশ্ৰম অসমৰ সৰল-প্ৰাণ তিৰুতা সমাজৰ বাহিৰে আন যেই সেই মূলৰ পৰা এনেবোৰ গীত উপজিব পাৰে বুলি কল্পনা কৰাও স্বৰূপতে টান কথা। ইয়াত অসমীয়া জাতীয় আৰু ঘৰুৱা জীৱনৰ লগত এনেদৰে প্ৰতিটি বিষয় সেও হৈ ৰজিতা খাই পৰা আৰু তাৰ উপমাও অসমীয়াৰ এনে গাজত-লগা যে কোনেও তাক নুই কৰিব নোৱাৰে। আকৌ, আইদেউক নোৱাই আনি মৰলত বহিবলৈ মতাৰে পৰা চতুৰ নামতীসকলে গীত জুৰিলে—
চাউস ছাটি মাৰি, ফুলাম পাটি পাৰি, আনাগৈ আইদেউক মাতি।
নালাগে মাতিব, আপুনি আহিব, লবহি সমাজত পাটি।
পাণ পাৰিবলৈ, মৈটা নালাগে, আপুনি পকি সৰিব।
আইদেউক মাতিবলৈ, কটকী নালাগে, আপুনি আহি বহিব।
ইয়াত আইদেউক কি বিতোপন অভিনৱ উপায়েৰে সমাজলৈ মতা হল! আইদেউ গছৰ পাণৰ দৰেই ওখৰ বস্তু, গতিকে তেওঁক মাতি আনিবলৈ হলে কটকীৰূপ মৈটা লগিব; কিন্তু বৰ্তমান অৱস্থাত তাৰো আৱশ্যক নাই, পাণ পকিলে আপুনি সৰাৰ দৰে সময় পকিলে আইদেউ আপুনিয়ে আহিব। কেনে মৌলিক প্ৰকাশিকা শক্তি! কেনে হাড়ে-হিমজুৱে জাতীয়!!
তুলিতে তলিছা, বহিছে ললিতা, শৰাইলৈ মেলিছে চুলি।
দহো আঙুলিয়ে, ৰত্ন জ্বলিছে, নুপুৰে ধৰিছে তুলি।