অনুজপ্ৰতিম স্নেহাস্পদ বন্ধু শ্ৰীপাৱতিপ্ৰসাদ বৰুৱা সুকবি আৰু
সুগায়ক ৰূপে আমাৰ পঢ়ুৱৈ সমাজত পৰিচিত। পৰিচিতৰ পৰিচয়
অকল অনাবশ্যকেই নহয়, কঠিনো৷ শ্ৰীবৰুৱা আৰু বৰুৱাৰ অগ্ৰজ স্বৰ্গীয়
ভগৱতীপ্ৰসাদৰ নীৰৱ কলা-সাধনা আৰু সুৰুচি এটি আপুৰুগীয় বস্তু বুলি
অন্ততঃ তেওঁলোকৰ বন্ধু-সমাজত জনাজাত। দেঢ় কুৰি বছৰৰো আগৰ
আমাৰ সম্পাদিত “মিলন” কাকতত জয়ে জয়ে প্ৰকাশিত বৰুৱাৰ বিতোপন
‘মৰণ-মাধুৰী” কবিতাটি লেখকৰ নাম নোলোৱাকৈ ওলোৱাত আন নালাগে
এওঁৰ নিজ অগ্ৰজেও তেনে নতুন ভাৱ-ভঙ্গীৰে সেই কৱিতা কোনে লিখা
বুলি মোক সুধিছিল। তাৰ পাছত লাহে লাহে অৱশ্যে শ্ৰীপাৰ্বতিপ্ৰসাদ
বৰুৱাৰ ৰচিত ভালেখিনি গীত আদি নিজ নামত নানা আলোচনীত প্ৰকাশিত
হৈছে।
প্ৰন্থকাৰৰ ভূমিকাত শ্ৰীপাৰ্বতিপ্ৰসাদ বৰুৱাৰ এয়ে প্ৰথম প্ৰৱেশ। তেওঁৰ এই এক নতুন মাহেন্দ্ৰ ক্ষণত ময়ে তেওঁক পুনৰ প্ৰথমে অভিনন্দিত কৰিবলৈ পাই ৰং পাইছো। “চিনাকি”, ১৫ বহাগ, ১৮৭৬ শক।
“অগ্নিৰেখা” কৱিতা—ফাতেমা খাতুন
এই পদ-পুথি-লেখিকা শ্ৰীমতী ফাতেমা খাতুনৰ অসমীয়া সাহিত্যত এয়ে প্ৰথম প্ৰবেশ। নতুন লেখক বা লেখিকাক যি সঙ্কোচ আৰু চুচুক-চামাকৰ ভাবে আগভেটি ধৰে, তেনে ভাবৰ পৰাই হবলা তেওঁ তেওঁৰ পুথিৰ চিনাকি এটি লিখি দিবলৈ মোক অনুৰোধ কৰে; ময়ো শলাগেৰে আৰু আগ্ৰহেৰে তাত মাস্তি হওঁ।
এই চিনাকিত লেখিকা জাতিত মুছলমান বা তিৰুতা বুলি বিশেষ বিচাৰ কৰিবৰ সকাম মই নেদেখো, আৰু তেনে কৰিলে তেওঁৰ প্ৰতি অবিচাৰহে কৰা হব পাৰে বুলি মই ভাবোঁ। স্বৰূপতে হাতে-লিখা অৱস্থাত লেখিকাৰ এই দুকুৰি কবিতা পঢ়ি মোৰ বিশ্বাস হৈছে কোনো চিনাকি নোহোৱাকৈয়ে দেখা দিয়া হলেও অসমীয়া সাহিত্য-ক্ষেত্ৰত তেওঁ নিজেই নিজৰ চিনাকি দিব পাৰিলেহেতেন।