এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অঞ্জলি
জিৰোৱা ভাগৰ লাগি ফুলনি তলত
সৰে যদি এটি ফুলো গাত,—
পৰি ৰোৱা তাৰে যদি পাওঁ এটি পাহি
সেয়ে মোৰ দেৱ-পাৰিজাত।
সন্ধিয়া নেথাকা যদি ভিতৰ সোমাই
চোৱা যদি বেলিৰ মেলানি;
নিশা চোৱা ব্ৰহ্মাণ্ডৰ অতীত বুৰঞ্জী
ওপৰৰ পিনে মূৰ দাঙি।
যায় যদি উৰি চুলি, ৰিহাৰ আঁচল,
শীতল পচোৱা বতাহত,
চোৱা যদি ঘৰমুৱা গৰুৰ ঢাপলি,
গৰখীয়া এছাৰি হাতত।
বৰষুণ শুনি যদি টোপনি অহোৱা
নিঘিণোৱা থুৰুতি বিজুলী,
ধুমুহাত তুমি যদি যাব খোজা উৰি,
নিৰভয়ে ফুৰা বাট বুলি।