ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/অনুবাদকৰ কথা

ৱিকিউৎসৰ পৰা

[ অনুবাদকৰ কথা ]

অনুবাদকৰ কথা

 ২০০২ চনৰ বুকাৰ বঁটাপ্ৰাপক য়ান মৰ্টেলৰ উপন্যাস ‘লাইফ অৱ পি’ পঢ়িবলৈ পোৱাৰ সময়ত মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ'ৰ কথা মনত পৰি গৈছিল অৱলীলাক্ৰমেই। দুয়োখন উপন্যাসৰ ধৰণ-কৰণ একেই। দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা দুই মানৱৰ অদম্য সাহসৰ কাহিনী। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। ‘কনটিকি অভিযান’ৰ কাহিনীৰ পৰা উমবাৰ্টো একোৰ .....লৈ সাগৰীয় এডভেঞ্চাৰৰ সাহিত্যই আমাক মুগ্ধ কৰিছে। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে'জৰ ‘দ্য ষ্ট’ৰী অৱ এ ছিপৰেড ছেইলৰ'। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক। ১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। আমেৰিকাৰ পৰা চোৰাংভাৱে বয়বস্তু কঢ়িয়াই অনাৰ ফলত যি ভৰৰ সৃষ্টি হৈছিল, সেয়া সহিব নোৱাৰি মাজসাগৰত ডুব যোৱাৰ উপক্ৰম হয় জাহাজখন। কোনোপ্ৰকাৰে জাহাজ ৰক্ষা পৰিলেও সাগৰৰ অতল বুকুত হেৰাই যায় আঠজনকৈ নাৱিক। জাহাজখন কলম্বিয়াত উপস্থিত হোৱাৰ পাছত দুৰ্ঘটনাৰ খবৰ বিশ্বই জানিবলৈ পালে। নিৰুদ্দিষ্ট নাৱিকসকলক বিচাৰি তৎকালীনভাৱে উদ্ধাৰ অভিযানো চলোৱা হ’ল। তিনি দিন ধৰি নিৰৱচ্ছিন্নভাৱে অভিযান চলোৱাৰ পাছতো পোৱা নগ'ল কোনো এজন নাৱিকৰে সন্ধান। স্বাভাৱিকতে কলম্বিয়া চৰকাৰৰ নৌ বাহিনীৰ তৰফৰ পৰা দুৰ্ভগীয়া নাৱিককেইজনৰ মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল। কিন্তু সকলোকে আচৰিত কৰি দহ দিনৰ পাছত কলম্বিয়াৰ এক আওহতীয়া উপকূলত আহি উপস্থিত হ’ল লুই আলজেন্দ্ৰো ভেলাছকো। অনাহাৰ-অনিদ্ৰাৰ পৰিণতিত তেতিয়া মৃতপ্ৰায় অৱস্থা তেওঁৰ। তেওঁৰ সেই প্ৰাণৰক্ষাৰ ঘটনা এক ব্যাখ্যাতীত বিষয়ৰূপে আজিও [ অনুবাদকৰ কথা ] চিহ্নিত হৈ আছে।

 সাগৰক জয় কৰি নিজক ৰক্ষা কৰাৰ এই অবিশ্বাস্য ঘটনাৰ পাছত ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয় লুই আলজেন্দ্ৰো। বিপুল আয়োজনেৰে চৰকাৰে তেওঁক সম্বৰ্ধনা জনায়, ৰাষ্ট্ৰপতিয়ে তেওঁক কৰমৰ্দন কৰে, দেশৰ সুন্দৰীসকলে তেওঁক জনসমাগমত চুমাৰে সম্ভাষণ জনায়। তেওঁৰ খবৰেৰে ভৰি পৰে বাতৰি কাকতৰ পৃষ্ঠা, তেওঁৰ উদাত্ত ভাষণ শুনা যায় ৰেডিঅ'ত। ভুমুকি মাৰে বিজ্ঞাপনৰ ছবিত। ধনী হোৱাৰ বিৰল সুযোগ নামি আহে জীৱনলৈ।

 লুই আলজেন্দ্ৰো ভেলাছকোৰ জীৱনৰ এই বাস্তৱ কাহিনীটোৰ আধাৰত গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জে স্পেনিছ ভাষাত লিখি উলিয়াইছিল ‘দ্য ষ্ট'ৰী অৱ ছিপৰেক্ড ছেইলৰ'। ১৯৫৫ চনত কলম্বিয়াৰ ‘এল প্ৰছপেক্টাডৰ'ত ১৪ দিন ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই কাহিনীটো। মাৰ্কে’জ তেতিয়া চফল ডেকা – উৎসাহী সাংবাদিক। তেওঁ সেই কাকতখনতে কাম কৰিছিল। উক্ত কাহিনীটোৰ লেখক যে মাৰ্কে’জ, সেই কথা কেইজনমানৰ বাহিৰে কোনেও জনা নাছিল। প্ৰথম পুৰুষত ৰচিত এই কাহিনীটোৰ কাহিনীকাৰ হিচাপে লুই আলজেন্দ্ৰোৰহে নামটো ছপা হৈছিল। ১৫ বছৰ পাছত প্ৰকাশকে কিতাপ আকাৰে যেতিয়া প্ৰকাশ কৰি উলিয়ালে, তেতিয়াহে প্ৰথমবাৰৰ বাবে মাৰ্কে’জৰ নামটো ৰচয়িতাৰূপে উল্লেখ কৰা হ’ল। অৱশ্যে মাৰ্কে’জে কিতাপখনৰ সমস্ত ‘ৰয়েল্টী’ লুই আলজেন্দ্ৰোৰ নামত উৎসৰ্গা কৰে।

 সম্ভৱতঃ মাৰ্কে’জৰ এইখনেই একমাত্ৰ গ্ৰন্থ— যাৰ বাবে তেওঁ পোনপটীয়াভাৱে ৰাষ্ট্ৰৰ ৰোষত পৰিবলগীয়া হৈছিল। সেই সময়ত চিলিত জেনেৰেল গুস্তাভো ৰোজাছ পিনিল্লাৰ নেতৃত্বত একনায়কত্ববাদী শাসন চলিছিল। গণতন্ত্ৰ ভূ-লুণ্ঠিত হৈছিল, বাক স্বাধীনতা বুলিবলৈ একোৱেই নাছিল। লুই আলজেন্দ্ৰোৰ কাহিনীটো প্ৰকাশ হোৱাৰ লগে লগে সেনা বিভাগৰ জৰিয়তে শাসকে যে চোৰাং বস্তুৰ সৰবৰাহত নামিছে, নৌ বাহিনীৰ জাহাজক অবৈধ সৰবৰাহৰ কামত ব্যৱহাৰ কৰিছে— সেয়াও গোমৰ ফাঁক হৈ পৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰিছিল শাসক পিনিল্লা। পাছলৈ মাৰ্কে’জৰ বিৰুদ্ধে পিনিল্লা চৰকাৰ ইমানেই প্ৰতিহিংসাপৰায়ণ হৈ পৰিছিল যে মাৰ্কে’জে দেশ এৰি গুচি আহিবলগীয়া হৈছিল আৰু ইউৰোপকে ধৰি বিভিন্ন দেশত আশ্ৰয় লৈ প্ৰায় ৭ বছৰ কাল সাংবাদিকতাৰ জীৱন পাৰ কৰিছিল। দেশলৈ মাৰ্কে’জৰ প্ৰত্যাৱৰ্তন ঘটিছিল পিনিল্লাৰ পতনৰ পাছতহে।

 তেতিয়ালৈ অৱশ্যে মাৰ্কে’জ বিশ্বখ্যাত হৈ পৰা নাই, যদিও স্পেনিছ সাহিত্য তথা লেটিন আমেৰিকাত কথাকাৰ হিচাপে তেওঁৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি আহিছে। এই বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰেক্ষাপটতে প্ৰকাশকৰ তৎপৰতাত লুই আলজেন্দ্ৰোৰ কাহিনীটো [ অনুবাদকৰ কথা ] কিতাপ আকাৰত প্ৰকাশ পালে। পিছে এইক্ষেত্ৰত মাৰ্কে'জ বৰ বিশেষ উৎসাহী নাছিল। আনকি কিতাপখনত লেখক হিচাপে নিজৰ নামটোও দিবলৈ ইচ্ছা কৰা নাছিল। ১৯৮২ চনত নোবেল বঁটা লাভ কৰাৰ পাছত তেওঁৰ প্ৰায় সকলো ৰচনাই অতি সোনকালে ইংৰাজীলৈ ভাঙনি হ’ল, কিন্তু আটাইতকৈ পলমকৈ যিখন হ’ল, সেইখনেই লুই আলজেন্দ্ৰোৰ কাহিনীটো— যাৰ স্পেনিছ নাম Relato de naufrago | ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্‌ড ছেইলৰ' নামেৰে ৰেল্ডল’ফ হোগান অনূদিত এই গ্ৰন্থখন প্ৰকাশ পালে ১৯৯৬ চনত।

 সাধাৰণতে মাৰ্কে’জৰ সাহিত্য বুলিলে আমি তেওঁৰ গল্প-উপন্যাসকে প্ৰত্যাশা কৰোঁ। ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’ গল্প-উপন্যাস নহয়— ‘অকাহিনী মূলক (Non-fictional) লেখা। কিন্তু তেওঁৰ অন্যান্য উপন্যাসৰ দৰেই সুখপাঠ্য, কৌতূহল উদ্দীপক— যদিও ইয়াৰ ভাব-ভাষা আৰু আৱেদন ভিন্ন আৰু অভিনৱ। এগৰাকী কুৰি বছৰীয়া নাৱিকে কি অদম্য প্ৰাণশক্তিৰে প্ৰকৃতিৰ নিৰ্মমতাৰ বিৰুদ্ধে যুঁজ দি ৰক্ষা পৰিছিল, সেই অপৰাজেয় মানৱীয় শক্তিক তুলি ধৰিছে মাৰ্কে’জে নিজস্ব ভাষাশৈলীৰে। এই কাহিনীটোৰ মাজেৰে লুই আলজেদ্ৰোৰ সাহস আৰু ক্ষমতাক যিদৰে বুজা যায়, তেনেদৰে মাৰ্কে’জৰ সাহিত্যিক প্ৰতিভাৰ বৈচিত্ৰ্যকো উপলব্ধি কৰা যায়।

 আমোদজনক কথা এয়ে যে সাহিত্য কৃতি হিচাপে চিৰকালৰ বাবে এই কাহিনীটোৱে স্থায়িত্ব লাভ কৰিলে মাৰ্কে’জৰ কাপৰ জৰিয়তে। কিন্তু বহু সোনকালেই বিস্মৃতিৰ গৰ্ভত হেৰাই গ'ল কাহিনীটোৰ নায়ক লুই আলজেন্দ্ৰো। চৰকাৰৰ ৰোষত পৰি নিৰ্বাসিত জীৱন কটাবলৈ বাধ্য হোৱা লুই আলজেন্দ্ৰোৰ বাকী জীৱনছোৱা পাৰ হ’ল নিশ্চুপ- নিঃসাৰে। নৌ বাহিনীৰ চাকৰি এৰি তেওঁ দূৰৈৰ চহৰ এখনত বাছ কোম্পানী এটাত কেইবছৰমান নিযুক্ত হোৱাৰ পাছত বীমা কোম্পানী এটাৰ কামতো সোমাইছিল। ১৯৮৩ চনত গ্ৰন্থখনৰ ইংৰাজী অনুবাদ হোৱাত তেওঁ ৰয়েল্টী বিচাৰি মাৰ্কে’জৰ বিৰুদ্ধে গোচৰো দিছিল, কিন্তু সেই গোচৰত তেওঁ জিকিব নোৱাৰিলে। মৃত্যুৰ মাত্ৰ এসপ্তাহ আগতে ৰোগশয্যাৰ পৰা তেওঁ মাৰ্কে’জৰ ওচৰত ক্ষমা বিচাৰে। ২০০০ চনৰ ২ আগষ্টত ৬৬ বছৰ বয়সত লুই আলজেন্দ্ৰো ভেলাছকোৰ মৃত্যু হয়।

প্ৰশান্ত কুমাৰ দাস
গুৱাহাটী-৩