চিকাৰ কাহিনী/কোচবিহাৰৰ মহাৰজা নৃপেন্দ্ৰনাৰায়ণ ভূপ বাহাদুৰৰ লগত চিকাৰ

ৱিকিউৎসৰ পৰা

[ ৭৬ ]

কোচবিহাৰৰ মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণ

ভূপ বাহাদুৰৰ লগত চিকাৰ

 মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণে আমি জনাৰেপৰা বছৰি একোবাৰ অসমলৈ চিকাৰ কৰিবলৈ আহিছিল।

 নিজৰ ল'ৰা-ছোৱালী আৰু দুই-চাৰিজন বন্ধু-বান্ধৱৰ বাহিৰে প্ৰায়ভাগ চিকাৰী বিলাতৰপৰা আহে। প্ৰত্যেক চিকাৰৰ খৰচ প্ৰায়েই লাখ টকামান পৰে। অসমৰ বিখ্যাত চিকাৰী স্বৰ্গীয় নবীনৰাম ফুকনদেৱে প্ৰায়েই তেখেতৰ চিকাৰলৈ নিমন্ত্ৰণ পায়। এবাৰ ময়ো পালোঁ।

 মেছপাৰাৰ জমিদাৰ শ্ৰীযুত ভোলানাথ চৌধুৰী ডাঙৰীয়াই গোৱালপাৰাত চিকাৰৰ নিমন্ত্ৰণ জনালে ৰজাক। নিমন্ত্ৰণ দিয়া প্ৰস্তাৱ ওলাওতেই বহুতে জমিদাৰক ভয় দেখুৱাব ধৰিলে। “এই-বেলি ফুকনৰ বুদ্ধিত পৰি জমিদাৰীৰ তলি উদং হব। ৰজাক নিমন্ত্ৰণ দি বাহাদুৰি লোৱাৰ মজা পাব।” ইত্যাদি ইত্যাদি।

 হওঁতে ময়েই মাতিবলৈ উদগাই দিয়৷ সঁচা; কিন্তু মই ভালদৰে জানিছিলোঁ যে জমিদাৰে নিমন্ত্ৰণ দিয়াৰ গৌৰৱ পাব, কিন্তু বিশেষ একো খৰচ নহয়, ৰজাই নিজেই সমুদায় খৰচ যোগাব।

 নিমন্ত্ৰণ জনোৱাৰ ভাৰ মোৰ ওপৰতেই পৰিল। নিমন্ত্ৰণ পাই ৰজাই বৰ সন্তোষ পালে আৰু আগ্ৰহেৰে গ্ৰহণ কৰিলে; ময়ো লগতে নিমন্ত্ৰণ পালো ৰজাৰ পক্ষৰপৰাও।

 জয়জয়তে ৰজাই তেখেতৰ দেৱানৰ লগত পৰিচয় কৰাই দিলে! তেওঁ কলে যে সম্প্ৰতি আমাৰ ইঞ্জিনিয়াৰে আপোনাৰ লগত দেখা কৰি কোন ঠাইত কেম্প কৰিলে সুবিধা হয়। সেই বিষয়ে পৰামৰ্শ কৰিব আৰু আপুনি লগত মানুহ দিলে তেওঁ ঠাই বিচাৰি লব। [ ৭৭ ]  কেইদিনমান পিচত ইঞ্জিনিয়াৰ চাহাবে আহি মোৰ লগত দেখা কৰিলে আৰু কলে যে ৰেল-জাহাজৰপৰা ওচৰ হোৱা ঠাই পালে ভাল হয়; ১০।১৫ মাইল দূৰৈ হলেও বাট উলিয়াই লব পাৰিব।

 লগত জনা-বুজা মানুহ দিলোঁ। তেওঁ লোকজন লগত লৈ নিজে চাই-চিতি আলি-পদূলি বান্ধিলে আৰু ডাকঘৰ আৰু টেলিগ্ৰাফ অফিচ বহুৱালে।

 যিমানলৈকে পাৰে মটৰেৰে আৰু নোৱাৰা ঠাইত ঘোঁৰাৰে ডাক অনা-নিয়া কৰাৰ দিহা হ'ল। ডাক-বাকচো বহিল আৰু দিনত তিনিবাৰকৈ ডাক নিয়াৰ বন্দৱস্ত কৰা হ'ল। ন-কৈ জাহাজঘাটো কৰোৱা হ'ল আৰু বন্দৱস্ত কৰা হ’ল, কলিকতাৰপৰা মাছ,আঞ্জা-পাচলি, বৰফ আদি বস্তু নিতৌ অনাৰ।

 ওখ মুকলি ঠাই লোৱা হ'ল। মিউনিচিপেলিটীত লগোৱাৰ দৰে শাৰী শাৰীকৈ চাকি দিয়াৰ ব্যৱস্থা হ'ল; খেল-মাটি কৰা হ'ল, নলীনাদ বহুৱাই পানীৰ যোগাৰ কৰা হ'ল। থকা তম্বু ১৪ টা। তাৰ উপৰিও অলেখ তম্বু। তাৰ ভিতৰতে প্ৰধান হৈছে, বহা তম্বু,( ৰুম টেণ্ট )। খোৱা তম্বু ( ডাইনিং ৰুম টেণ্ট ), খেলাৰ তম্বু,( স্পোৰ্টিং ৰুম বা কলাৰ টেণ্ট ), খাৰ-বাৰুদ থোৱা তম্বু, বন্দুক থোৱা তম্বু, চাকৰ-বাকৰ থকা, ৰন্ধা-বঢ়া কৰা ইত্যাদি তম্বু আছেই। দুই-চাৰিটা খেৰৰ জুপুৰি ঘৰো সজা হৈছিল। এইবিলাক হোৱাৰ পিচত থাকিল হাতী আঢ়ৈকুৰিমান। লগতে আহিল ৰজাৰ খাচ চিকাৰী হাতাশু আৰু এজনৰ নাম পাহৰিলোঁ; ৰজাৰ লগত ফুৰি ফুৰি বুঢ়া হৈছে; কিন্তু উৎসাহ কমা নাই। ৰজাই তেওঁবিলাকৰ লগত কোচ-বিহাৰৰ কথিত ভাষাৰে কথা কয়। চিকাৰৰ আওভাও ৰজাতকৈও সিবিলাকে অলপ সৰহ জানে যেন লাগিল।

 হাতীৰ দুভাগ কৰা হয়। এভাগত হাউদা দিয়া হয় আৰু এভাগত কেৱল গাদী দিয়ে। হাউদাৰ হাতী প্ৰত্যেক চিকাৰীকে [ ৭৮ ] একোটা দিয়া হয় আৰু সেই হাতী চিকাৰৰ ঠাইত আগেয়ে গৈ ৰৈ থাকে। পিচত গাদীৰ হাতীত উঠি চিকাৰৰ ঠাইলৈ যায়।

 কোন কোন হাউদাৰ হাতীত উঠি চিকাৰ কৰিব, তাৰবাবে চিঠি-খেল হয় আগদিনা গধূলি। তাত হাতীৰ নাম আৰু নম্বৰ উঠে, সেই অনুসৰি চিকাৰৰ ঠাইত নিজৰ হাতী বিচাৰি লব লাগিব। হাতীৰ দানা, মাউতৰ চাউল-দালিৰ কাৰণে বজাৰো বহুৱা হয়। মুঠতে চিকাৰৰ কেইদিন সৰু-সুৰা এখন নগৰ পতা হয়।

 সকলো ঠিকঠাক হোৱা সংবাদ দিলত অভ্যাগতসকলক লগত লৈ ৰজা উপস্থিত হ'ল।

 তম্বুত আগেয়ে নাম লিখি থোৱা হৈছিল। গৈ পাই নিজ নিজ তম্বু বিচাৰি লৈ হাত-মুখ ধুই, কাপোৰ-কানি সলাই বহা তম্বুলৈ আহিল।

 ঘড়ী-ঘণ্টা হিচাপে খোৱা-বোৱা চলে। ৰাতি খোৱাৰ পিচত তাচৰ খেল, নাচ-বাগ, গীত-বাজনা, কথা-গল্প চলে দুপৰ নিশালৈকে।

 পুৱা ৭ বজাত প্ৰথম ঘণ্টা পৰে, সাজু হবৰ কাৰণে। দ্বিতীয় ঘণ্টা পৰে ৭॥ বজাত। তেতিয়া খাই-বৈ দিনটোলৈ ওলাব লাগে। ৮ বাজিলে নিজ নিজ হাতীত উঠি গধূলিলৈকে চলিব লাগে।

 চিকাৰীয়ে নিজা বন্দুক আনে, কিন্তু লাগিলে ৰজাৰ বন্দুকো পায়। কাৰণ, ৰজাই নানাবিধৰ বন্দুক যথেষ্ট পৰিমাণে আনে।

 চকী-মেজ আৰু চব্য-চোষ্য-লেহ্য-পেয় আদি লৈ দুটা বা তিনিটা হাতী লগে লগে ফুৰে, ১॥ বজা মাত্ৰকে খোৱাৰ যোগাৰ হয়। খাই-মেলি আকৌ চিকাৰ আৰম্ভ হয় সন্ধিয়া নহয় মানে।

 নিতৌ গধূলি চিঠিখেল কৰি কোন ক'ত থাকিব ঠিক কৰা কথা আগেয়ে লিখিছোঁ। হাউদাৰ হাতী মুকলিত থাকে আৰু বাকী হাতীয়ে হাবিৰপৰা চিকাৰ খেদি আনে, যাৰ ভাগত আৰু কপালত পৰে সেয়ে মাৰে। চিকাৰ মৰিলে তাৰ ছবি তোলা হয়। দুজনৰ গুলী লাগিলে আচলতে কাৰ গুলীত ৰল তাৰ বিচাৰ কৰি ৰজাই [ ৭৯ ] নিজে ৰায় দিয়ে। কেম্পলৈ উভতি মুচিয়াৰে যি যি ৰাখিব লাগে তাৰ ব্যৱস্থা কৰে, অৱশ্যে মুচিয়াৰ ৰজাই লগতে আনে।

 কোনদিনা কি চিকাৰ কৰিব তাক আগতে থিৰ কৰা হয়। তাৰ বাহিৰে সেইদিনা আন চিকাৰ পালেও মাৰিব নোৱাৰে। ম'হ মৰা স্থিৰ হলে পহু মাৰিব নোৱাৰিব; কিন্তু বাঘ পালে মাৰিব পাৰিব; বাঘ মৰা স্থিৰ হলে ম'হ, পহু একো মাৰিব নোৱাৰিব। কেতিয়াবা আকৌ পহু মাৰিবলৈ অনুমতি দিয়া হয়। যি পোৱা তাকেই মৰাৰ ব্যৱস্থাও সময়ত হয়।

 এদিন দুদিন চিকাৰ বন্ধ কৰি ফুটবল আদি খেল খেলোৱা হয়।

 ৰজা অতি ধেমেলীয়া আৰু উদাৰ প্ৰকৃতিৰ লোক আছিল। ছুটীৰ দিনা নানা ৰকমৰ খেল উলিয়ায়। কিন্তু সেইদিনা—

“একস্য ক্ষণিকা প্ৰীতিঃ অৰ্ন্য়ৈ প্ৰাণে বিমুচ্যতে”
অৰ্থ্যাৎ কাৰোবা পৰমা প্ৰীতি কাৰো যায় প্ৰাণ।

 কোনোবাই ৰং পাই বঁটা-বকচিচ পায় আকৌ কোনোবাই পৰিহৰি গাৰ ছাল-বাকলি খেদাই নগুৰশাস্তি পায়।

 ঘোঁৰাৰ নেজৰ পিনে মুখ দি উঠি দৌৰাব লাগে ঘোঁৰা। নেজেৰে বগাই উঠিব লাগে হাতীত। দেও দি খাল পাৰ হব লাগে। নোৱাৰিলে অপবিত্ৰ খালত পৰি তললৈ যাব লাগে। চকুত কাপোৰ বান্ধি বস্তু বিচাৰি উলিয়াব লাগে। তাকে কৰোঁতে ক’ত হাত পৰে ঠিক নাই, ইত্যাদি প্ৰকাৰৰ ধেমালিৰ অৱতাৰণা কৰা হয়।

 হাবিৰ মাজত নগৰৰ সৰ্বপ্ৰকাৰৰ সুখ কোচবিহাৰৰ চিকাৰ কেম্পত পোৱা হয়। ইচ্ছা কৰা মাত্ৰেই ঈপ্সিত বস্তুৰ যোগান ধৰে ৰজাৰ লগুৱাই।

 চিকাৰ কৰা আৰু নকৰা ভদ্ৰমহিলাও কেম্পলৈ যায়।

 চিকাৰ প্ৰায় এপ্ৰিল, মাৰ্চ মাহত হয় আৰু এমাহমান চলে। ইয়াৰ ভিতৰতেই লক্ষাধিক টকা খৰচ হয়, ইয়াৰপৰাই অনুমান কৰিব পাৰি কি পৰিমাণে আয়োজন হয়।

[ ৮০ ]  খোৱা-বোৱা, নাচ-বাগ, আনন্দ-উৎসৱেই চিকাৰৰ প্ৰধান অঙ্গ নহয়; ৮ বজাৰপৰা সাঁজ নালাগে মানে অবিৰাম গতি, ৰ’দ-বৰষুণ বোকা-পানী, অটব্য অৰণ্য একো চাবলৈ নাই, চিকাৰ নোপোৱা মানে গৈ থাকা, মাত-বোল কৰিবৰ উপায় নাই, ধপাত, চুৰট খাবৰ সময় নাই, চিকাৰ পলোৱাৰ আশঙ্কাত, নিয়ম ভঙ্গৰ ভয়ত। কেৱল মাত্ৰ হাবিৰ পিনে খৰ দৃষ্টি, বাঘ-ভালুকৰ ধ্যান। চাওঁতে চাওঁতে চকু বিষাই যায়, বহোঁতে বহোঁতে কঁকাল শালি ধৰে, হাতীৰ জোকাৰণিত শৰীৰৰ যোৰা খহি যোৱা যেন লাগে, ৰ’দত দেহা পুৰি ঢৌ ফুটা যেন লাগে। পিয়াহত অণ্ঠকণ্ঠ শুকাই যায়; কিন্তু ক্ষন্তেক জিৰাবৰ উপায় নাই—এমাইল,দুমাইল, দহমাইল, পোন্ধৰ মাইল হাতী গৈয়েই থাকে, বন্দুক হাতত লৈ সকলো আওকাণ কৰি একমনে চিকাৰ চাই থাকিবই লাগিব।

 গা বেয়া বুলি এদিন চিকাৰলৈ নহাকৈ থাকিবৰ উপায় নাই,কাৰণ, গা বেয়া বুলি শুনা মাত্ৰেই ডাক্তৰ-কবিৰাজে হেঁচি ধৰেহি। অহুকাণে পহুকাণে শুনিবহে লাগে কাৰোবাৰ গা বেয়৷ বুলি, চিকিৎসাৰ কোবত তেওঁৰ জীৱন দুৰ্বহ কৰি তোলে।

 শ্ৰীযুত ভোলানাথ চৌধুৰীয়ে এদিন কেম্পত থাকি জিৰাবৰ মনেৰে গা বেয়া বুলি কলে। শুনা মাত্ৰেই ৰজা-প্ৰজা, অভ্যাগতকে আদি কৰি সকলোৰে হেন্দোলনিয়ে চৌধুৰীক উত্ৰাৱল কৰি তুলিলে।

 “Our host Lakhipore is ill” বুলি চিকাৰ বন্ধৰ আদেশ হ’ল। জ্বৰ চোৱা, তেজ আদি পৰীক্ষা কৰা আয়োজন হব ধৰিলে,শুশ্ৰূষাকাৰিণীৰ (ইংৰাজ মহিলাৰ ) তম্বু চৌধুৰী ডাঙৰীয়াৰ তম্বুৰ ওচৰ চপাই তৰা হ’ল, মুঠতে বিপদভঞ্জন শ্ৰীমধুসূদনক মাতিবলগীয়া হ’ল। উপায়ান্তৰ নেদেখি মই চিভিল ছাৰ্জনৰ কাষ চাপি বিশ্বাসতে আচল কথা ভাঙি কলোঁ আৰু তেওঁক সেইদিনাৰ কাৰণে কেম্পত থৈ দুৰ্গা শ্ৰীহৰি বুলি চিকাৰলৈ যাত্ৰা কৰিলোঁ। ৰজাই ব্যৱস্থা কৰিলে, [ ৮১ ] দুদিনমান “লক্ষ্মীপুৰ” অৰ্থাৎ চৌধুৰী ডাঙৰীয়া চিকাৰলৈ যাব নালাগে আৰু চিভিল ছাৰ্জনকে আদি কৰি সকলো লগতে থাকিব। এই কথাত চিভিল চাৰ্জনে প্ৰমাদ গণিলে, কাৰণ, তেওঁ আচলতে ভাল চিকাৰী, তেওঁ এই ব্যৱস্থাৰ কথা শুনি মোৰ শৰণাগত হ'ল। মই তেওঁক ৰক্ষা কৰাৰ আন উপায় নাপাই ৰজাৰ সহায় লবলৈ বাধ্য হলোঁ। আচল কথা ভাঙি কোৱাত ৰজাই মোৰ গাত চপৰিয়াই বৰকৈ হাঁহিলে। চিভিল ছাৰ্জন বপুৰা ৰক্ষা পৰিল আৰু সেইদিনাৰে পৰা মোৰ পৰমভক্ত হল।

 ওৰেও দিনটোৰ পৰিশ্ৰমৰ পিচত জিৰাবৰ বিশেষ সময় নাথাকে; কাৰণ, আহি পালেই ৰাতি ভোজনৰ কাৰণে মুখ ধুই, কাপোৰ-কানি পিন্ধি সাজু হবৰ সময় হয়েই। খোৱাৰ পিচত ১২।১ মান বজালৈকে গীত-বাজনা, নাচ-বাগ, খেলা আদি সদায়ে চলে। শোৱা হয় প্ৰায় ১॥ বা ২ মান বজাত। এদিন ৰাতি আমি তাচ খেলি আছোঁ, ৰাতি ১২ বাজি গৈছে। এনেতে আহিল ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণ। চাকি-চুকা নুমাই গ’ল, কাৰো মাত কোনেও নুশুনা হ’ল। লৰ মাৰি সকলো বাজলৈ ওলালোঁ; চাওঁতে চাওঁতে এটা দুটাকৈ গোটেই কেইটা তম্বু পৰি গ'ল।

 ৰজা থকা তম্বুটো এটা বঙলা ঘৰৰ সমান। তাত থাকে ৰজা আৰু তেওঁৰ দুজনী ছোৱালী। সেইটো পৰাৰ শব্দ পাই লৰি গৈ দেখোঁ সেইটে৷ পৰিছে হয়, ৰজা বা কুঁৱৰী কাৰো মাত-বোল নাই। আমি প্ৰমাদ গণিলো। চিঞৰ-বাখৰ কৰি তম্বুত ধৰি টনা-আজোৰা লগালো। কোলাহলৰ ভিতৰতো ৰজাৰ গুৰু-গম্ভীৰ মাত তম্বুৰ ভিতৰৰপৰা শুনিলোঁ, “আমি সম্প্ৰতি তিনিও বৰ আৰামেৰে আছোঁ। তোমালোকৰ খবৰ কেনে?” মাত শুনি কণ্ঠত ধাতু আহিল। দুই কুঁৱৰী সমন্বিতে ৰজা ওলাই আহিল আৰু আগেয়ে ভাৰতলৈ নহা খোৰা কাপোৰ পিন্ধা ইংৰাজ চাহাবকেজনৰ মুখলৈ চাই আৰু বান্দৰ ভিজাৰ দৰে ভিজি থকা চাহাবকেজনলৈ [ ৮২ ] চাই হাঁহিৰে খলক লগালে। ৰজাই আশ্বাস দিবলৈ এৰি আৰু ভয়হে খুৱালে, আজি প্ৰলয় হব পাৰে বুলি কৈ। এনেতে মাৰিলে ভয়ঙ্কৰ ঢেৰেকনি এট৷; যেয়ে য'তে আছিল আৰু যাকে য'তে পালে সাৱটি ধৰিলে, ভদ্ৰমহিলাসকলৰ দুগৰাকীয়ে চিঞৰ মাৰি মূৰ্চ্ছা গ'ল।

 আধাঘণ্টামানৰ পিচত বতাহ-বৰষুণ কমিল; এটি দুটিকৈ তম্বু উঠিব ধৰিলে। ৰাতি কিন্তু শোৱা নহল।

 কাঁচৰ বাচন, থাল-পিয়লা, চকী-মেজ সকলো ভাগি গুৰি হ'ল। কিন্তু পুৱাতে ৰজাৰ আদেশ হ’ল—“পোৱা যদি কিবাকিবি খাই লোৱা আৰু নাপালেও ৮ বজাত চিকাৰলৈ যাব লাগিব।” এই ঘটনাৰ পিচতো ৮ বজাৰপৰ৷ গধূলিলৈ চিকাৰ। এনে কথাত কাৰ বিকাৰ নালাগি পাৰে।

 ৰাতি টোপনি নাই, দুখে-ভাগৰে উভতি আহি এমুঠি ভালকৈ খাম, তাৰো আগন্তুক নাই, ইয়াকে বোলে চিকাৰ। ইয়াৰে নাম নিকাৰ।

 আহি দেখোঁ, চাকি-চুকা জ্বলিছে আগৰ দৰেই, নামি দেখোঁ,খোৱা-বোৱাৰ আয়োজন আগতকৈ ভালহে! ই সপোন নে সচিত!অলপ খবৰ কৰি জানিলোঁ যে টেলিগ্ৰাম কৰি স্পেচিয়েল ট্ৰেইনেদি বস্তু-বাহানি কলিকতাৰপৰা দুজন চাহাব দোকানীৰ হতুৱাই অনাইছে। ইয়াৰে নাম ৰাজ-সম্পদ অৰ্থাৎ অৰ্থ-বল। কেদিনমান তাতে থাকি আন কেম্পলৈ যোৱা হ'ল। তাতো এখন ন নগৰ পাতি থোৱা হৈছিল। আকৌ চিকাৰ আৰম্ভ হ'ল; আকৌ বাঘ-পহু, মহ-মেঠোন মৰা হ'ল। একৈশ দিনৰ মূৰত চিকাৰ শেষ হ'ল। চিকাৰ চলি থাকোঁতেই এটা ঘটনা ঘটিছিল যাক নকলে চিকাৰ কাহিনী অসম্পূৰ্ণ হব।

 এদিন ৰাতি। সেইদিনা পূৰ্ণিমা নহলেও তাৰে এদিন বা দুদিন আগ-পিচ হব। খাই-বৈ শুইছোঁ, চকু লাগিছে, শুনা-নুশুনাকৈ ৰজাৰ মাত শুনা যেন লাগিল। [ ৮৩ ]  উঠি আহি শুনিলোঁ, এটা এদঁতীয়া বনৰীয়া হাতী কেম্পলৈকে আহিছে। এটি দুটিকৈ সকলো ওলাল, হাতী গুলীয়াই মৰা সাব্যস্ত হ’ল; কোনে প্ৰথমে গুলী মাৰিব এই বিষয়ে চিঠিখেল কৰা আৰম্ভ কৰোঁতেই হাতীৰ ছৰ্দাৰ চাহাব ( Mr. Ashton ) জনে হাতীটো ধৰাৰ প্ৰস্তাৱ উপস্থিত কৰিলে। সকলোৱে তাতেই মান্তি হ'ল। আমি কিন্তু হাতীটোলৈ চাই প্ৰমাদ গণিলোঁ।

 ৰং চাবৰ মনেৰে সকলোৱে ৰৈ আছিল।

 প্ৰথমতে ছৰ্দাৰে ধুই হাতী এজনী আনিলে। সাধাৰণতে হাতী ধৰাৰ দৰে ফান ঠিক নকৰি হাতীজনীৰ ককালত বান্ধিলে আৰু ফানৰ এটা আগেৰে খোৰোচা সাজি মাটিত পাতিলে। গণেশে নিৰ্ভয় আৰু প্ৰসন্নচিত্তে গজেন্দ্ৰগমনে ধুইৰ ওচৰ চাপিলে; এছটন চাহাবৰ মুখত হাঁহি ওলাল।

 এখোজ দুখোজ কৰি আহি থাকোঁতেই খোৰোচাত ভৰি পৰিল,ফান্দিয়ে সময় বুজি ফান টানিলে। এখন ভৰিত ফান লাগিল—এছটন চাহাবৰ আনন্দে হিয়া নধৰা হ'ল।

 “শুণ্ডা লিয়াও, শুণ্ডা লিয়াও” বুলি চিঞৰিব ধৰিলে। খন্তেকতে আহিল “ইন্দ্ৰজিৎ”—ৰজাৰ প্ৰিয়তম আৰু বৃহত্তম দন্তাল, শোভন,সুন্দৰ ঐৰাৱৎ সদৃশ—ধীৰ, মন্থৰ গতি, নিৰুদ্বেগ চিত্ত; গণেশলৈ ভ্ৰূক্ষেপ মাত্ৰও নাই। ইন্দ্ৰজিতক দেখি কিন্তু গণেশে এখোজ দুখোজকৈ পিছুৱাই যাবলৈ ধৰিলে। গণেশৰ বয়স কম, পূৰ্ণ যৌৱন বুলিব পাৰি। নিখুঁত, নিপোটল; কিন্তু ডাঙৰে দীঘলে ইন্দ্ৰজিততকৈ বহুতো সৰু৷

 ডিঙিত ফান মাৰে মাৰে, এনেতে দুখোজমান আৰু পিছুৱাই গৈ হঠাতে ইন্দ্ৰজিতক আক্ৰমণ কৰিলে আৰু উধাই মুধাই খুচি ইন্দ্ৰজিতে যুঁজ লোৱাৰ আগতে বগৰাই দিলে; বগৰা মাত্ৰকে তীব্ৰ বেগে খুচি খুচি এৰি থৈ হাতীজনী লগতে লৈ পলাই গ'ল। [ ৮৪ ]  এনে হব পাৰে বুলি ইন্দ্ৰজিতে অকণো উমান কৰিব পৰাহেতেন এনে অৱস্থা হবলৈ নাপায়।

 আমিও কিংকৰ্তব্যবিমূঢ় হৈ তবধ মানি চাই ৰলোঁ। ইন্দ্ৰজিৎ পৰিয়েই আছিল।

 পৰীক্ষা কৰি দেখা গ'ল, এটা চকু সম্পূৰ্ণভাৱে নষ্ট হৈ ওলাই গৈছে, ডিঙিৰে উশাহ ওলাইছে। জীয়াৰ আশা নাই। বহুতো যত্নত হাতীটো ৰক্ষা পৰিল বুলি শুনিছোঁ, কিন্তু ঘূণীয়া আৰু অকামিলাহৈ আছিল। মাইকী হাতীজনী পিচত ফান ছিঙি ধুৰালৈ আহিল।

 পিচদিনা ৰাতি হাতীৰ চিঞৰ শুনা গ’ল; খবৰ কৰি জানিলোঁ,মতিলাল নামেৰে দন্তাল এটাক খুচি খুচি এমাইলমানলৈ খেদি নিছে—তাৰ চিঞৰ সিমান দূৰৈৰপৰা শুনা গৈছিল।

 চাহাবে বিবুধি হৈ মৰণত শৰণ দি দৌৰি গৈ এগুলী মাৰিলে;গুলী খাই হাতীক এৰি চাহাবক খেদিলত লৰত হাতৰ বন্দুক উফৰি গ’ল, পৰি-হৰি, কাপোৰ-কানি ফাটি-ছিৰি কোনোমতে কেম্প ওলালহি, গণেশক আৰু বিচাৰিও পোৱা নগল।

 বাঘ সেই যাত্ৰাত বিচাৰি উলিয়াইছিলোঁ ১১টা, কিন্তু দুখৰ বিষয়,মৰা পৰিল মুঠেই চাৰিটা। তাৰে এটা পৰিল লৰ্ড ষ্টেফৰ্ডৰ ভাগত,এটা পৰিল ছাৰ হেনৰী টিছবৰ্ণৰ ভাগত, এটা পৰিল গৌৰী-পুৰৰ ৰজা শ্ৰীযুত প্ৰভাতচন্দ্ৰ বৰুৱাৰ ভাগত আৰু এটা পৰিল মোৰ ভাগত। ন-চিকাৰী বুলি মোৰো মান ৰক্ষা হ’ল; কিন্তু সেয়ে ৰজাৰ অনুগ্ৰহত, কাৰণ, ৰজাই বন্দুক টোঁৱায়ো মোকেই মাৰিবলৈ দিলে। তেখেতে বন্দুক টোঁৱালে মৃত্যু সুনিশ্চিত বুলি ধৰিবই লাগিব, কিন্তু অভ্যাগতক সুবিধা দিয়া তেওঁৰ প্ৰকৃতি আৰু চিকাৰৰো নিয়ম।

 বন্দুক নমাই কলে, “তুমিয়েই মাৰা।” কোৱা মাত্ৰেই মাৰিলোঁ গুলী বুকু চাই। ৰজাই সুধিলে, “লাগিলনে?” উত্তৰ কৰিলোঁ,“লগা যেন পালোঁ, কিন্তু লাগিল নে নাই সঠিককৈ কব নোৱাৰিলোঁ৷” ৰজাই হাঁহি মাৰি কলে, “Hard luck” অৰ্থাৎ দুৰ্কপাল। ইমান [ ৮৫ ] সুন্দৰকৈ দেখিও লগাব নোৱাৰাত নিজৰ গালত নিজেই চৰাবৰ মন গৈছিল। এনেতে শুনিলোঁ, “বাঘ গিৰ্‌ গিয়া, গিৰ্‌, গিয়া।” ৰজাই ওচৰ চাপি হাত জোকাৰি কলে, “I am glad you have got it—তুমি পোৱাত ভাল পালোঁ।”

 ইমান চিকাৰীৰ ভিতৰত ময়ো এটা মাৰিব পৰাত অতিশয় আনন্দ পালোঁ।

 চিকাৰৰ অন্তত ৰজাৰ সাদৰ নিমন্ত্ৰণ পালো, কোচবিহাৰলৈ ৰজাৰ লগতে যাবলৈ। কুঁৱৰী দুগৰাকীয়েও আগ্ৰহ দেখুৱালে—–যোৱাকে স্থিৰ কৰিলোঁ।

 লগে-ভাগে ধুবুৰী পালোগৈ। বাটতে নিমন্ত্ৰণ পালো গৌৰীপুৰৰ ৰজাৰ চাহ-জলপানৰ।

 স্পেচিয়েল ট্ৰেইন আহোঁতে অলপ পলম হ’ল। থাকোঁতে থাকোঁতে গৌৰীপুৰৰ আৰু মোৰ অসুখ হ'ল—নিশ্চয় সেই জলপানৰ ফলত। অসুখ লৈ ৰজাৰ লগত যাবলৈ মন নগল। বিশেষ অনুৰোধ জনাই তাতেই থাকিলোঁ। চিভিল ছাৰ্জনজনক কিন্তু থৈ গ'ল মোৰ লগত। মই নালাগে বুলি প্ৰতিবাদ কৰাতো ৰজাই নুশুনিলে আৰু ভকতেও আগ্ৰহ দেখুৱাই থাকিল।

 পিচদিনা ভাল পালোঁ আৰু ভকতক বিদায় দি ঘৰলৈ উভতি আহিলোঁ। ৰজাৰ নিমন্ত্ৰণ ৰক্ষা কৰা হ’ল “উডলেণ্ড” ৰাজভৱন কলিকতাত—সিও সৰু-সুৰা কাহিনী।