চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/সম্পাদকীয়ৰ পৰিৱৰ্তে

ৱিকিউৎসৰ পৰা

[  ]

সম্পাদকীয়ৰ পৰিৱৰ্তে

 ২০১০ চনত যেতিয়া ‘সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ’ ( Saurav Kumar Chaliha Fan Society ) গঠন হৈছিল, তাৰ আঁৰৰ মূল মানুহজন আছিল চিত্ৰ নিৰ্মাতা, সৌৰভ কুমাৰ চলিহাৰ এজন একনিষ্ঠ অনুৰাগী আলটাফ মজিদ। ( দুখৰ বিষয় তেখেত আমাৰ মাজত আজি নাই। ) প্ৰয়াত মজিদ ডাঙৰীয়াই সৌৰভ কুমাৰ চলিহাক অনুৰাগী সমাজ গঠনৰ পৰিকল্পনাৰ বিষয়ে যেতিয়া অৱগত কৰিছিল, প্ৰথমে তেখেতে স্বাভাৱিকতে আপত্তি কৰিছিল— তেখেতে স্বভাৱসুলভ কথনভংগীৰে কৈছিল, “এহ, কিনো হ’ব এইবোৰ কৰি।” পিছলৈ অৱশ্যে তেখেত মান্তি হৈছিল আৰু অনুৰাগী সমাজে আয়োজন কৰা কেতবোৰ অনুষ্ঠানৰ অংশীদাৰো হৈছিল।

 সৌৰভ কুমাৰ চলিহাৰ চৰ্চা— তেখেতৰ সৃষ্টিৰাজিৰ মূল্যায়ন, প্ৰসাৰ, প্ৰচাৰ আৰু সংৰক্ষণ— এই উদ্দেশ্য আগত ৰাখিয়ে অনুৰাগী সমাজৰ জন্ম দিয়া হৈছিল। লগতে আমি মনত ৰাখিছিলোঁ এনেধৰণে কাম-কাজৰ মাজেৰে যাতে জনজীৱনৰপৰা স্বনিৰ্বাসিত হৈ থকা এই বিস্ময়কৰ প্ৰতিভাৱান লেখকজনক কিঞ্চিৎ হ'লেও আনন্দ দিব পৰা যায়।

 এই উদ্দেশ্যৰ অংশ হিচাপে তেখেতৰ গল্পবোৰ ইংৰাজীৰ লগতে [  ] অন্যান্য ভাষাৰ পাঠকৰ আগত তুলি ধৰাৰ প্ৰয়াসেৰে সেইবোৰ অনুবাদৰ কথা ভবা হৈছিল (প্ৰথমে তেওঁৰ কিছুসংখ্যক গল্প ইংৰাজী, বাংলা আৰু হিন্দীলৈ অনুবাদৰ কাম আৰম্ভ কৰা হৈছিল।) সৌৰভ কুমাৰ চলিহাৰ অনুৰাগীসকলক এখন মঞ্চত সমৱেত কৰোৱাৰ লগতে তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰাও অনুৰাগী সমাজৰ অন্য এক উদ্দেশ্য আছিল।

 অনুৰাগী সমাজৰ জন্মৰ সময়ত সৌৰভ কুমাৰ চলিহা বেলতলাৰ বাসগৃহত আছিল। তেখেতৰ ঘৰৰ কাষতে অনুৰাগী সমাজৰ এটি সৰু কাৰ্যালয় আছিল আৰু একাংশ অনুৰাগী প্ৰায়ে তাত লগ লাগিছিল। মাজে মাজে তেখেতো তালৈ আহি আড্ডা দিছিল নানা বিষয় লৈ কথা পাতিছিল।

 ইয়াৰ মাজতেই তেওঁৰ গল্পৰ অনুবাদৰ কাম আৰম্ভ হৈছিল। কেইবাগৰাকীও সুদক্ষ অনুবাদক, যিসকল একো একোগৰাকী সৌৰভ কুমাৰ চলিহাৰ লেখাৰ নিষ্ঠাবান পাঠক, কিছু নিৰ্বাচিত গল্প অনুবাদ কৰিবলৈ আগ্ৰহেৰে আগবাঢ়ি আহিছিল। প্ৰথমে লেখক অনুবাদক দেৱাশিস তৰফদাৰ আৰু ‘ছেণ্টিনেল’ (হিন্দী) কাকতৰ সম্পাদক দিনকৰ কুমাৰে ক্ৰমে বাংলা আৰু হিন্দীলৈ অনুবাদৰ কাম আৰম্ভ কৰিছিল। অনুবাদৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ সুবিধাটো আছিল অনূদিত গল্পসমূহৰ প্ৰকাশৰ পূৰ্বে অনুবাদ সম্পৰ্কে তেওঁৰ সৈতে আলোচনা কৰাৰ সুযোগ পোৱাটো। অনূদিত গল্পবোৰ প্ৰকাশৰ পূৰ্বে তেওঁ গভীৰ মনোযোগেৰে পঢ়িছিল আৰু প্ৰয়োজনমতে সংশোধন, সংযোজন কৰিবলৈ পৰামৰ্শ দিছিল। আমি অনুভৱ কৰিছিলোঁ গল্পবোৰ পঢ়াৰ সময়ত যেন তেখেত তৰুণ অৱস্থালৈ উভতি গৈছিল। কি পৰিস্থিতিত সেই গল্পবোৰ লিখিছিল, কেনেদৰে লিখাৰ তাগিদা আহিছিল, সেই বিষয়ে আমাৰ আগত স্বতঃস্ফূৰ্তভাৱে কৈ গৈছিল। সেই দিনবোৰ আমাৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব, কাৰণ তেখেতৰ সান্নিধ্য পোৱাসকলে জানে এনে ধৰণৰ কথা তেওঁ কাচিৎহে পাতে। তেওঁৰ আন্তৰিক অংশগ্ৰহণে আমাক কাম-কাজবোৰ আগবঢ়াই নিবলৈ [  ] উৎসাহ দিছিল।

 ২০১০ চনৰ শেষৰফালে অনুৰাগী সমাজৰ তৰফৰপৰা প্ৰস্তুত কৰা ৱেবছাইটটো (www.sauravkumarchaliha.in) সাজু হৈ উঠিছিল। তাত তেখেতৰ ১৬ টা অনূদিত ইংৰাজী গল্পৰ লগতে মূল অসমীয়া গল্পকেইটা তুলি দিয়া হৈছিল। ৱেবছাইটটোত দিয়াৰ কাৰণে আমি ‘সৌৰভ চলিহাৰ বিষয়ে সৌৰভ চলিহা' নামৰ ৰচনাখন ইংৰাজীলৈ অনুবাদ কৰি দিবলৈ অনুৰোধ জনাইছিলোঁ। তেখেতৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল “নাই, কৰিব পৰা নাযাব”। কিন্তু আমাক আচৰিত কৰি এদিন ফোন কৰি ঘৰলৈ মাতিলে আৰু অনূদিত ৰচনাখন আগবঢ়াই দিলে, ক’লে— “ঠিক কৰি ল’বা”। তেখেতৰ এনে প্ৰশ্ৰয়ত স্বাভাৱিকতে আমি দুগুণে উৎসাহিত হৈছিলো। আমি এটা আৰ্হি চহী দিবলৈ কৈছিলোঁ যাতে ৰচনাখনৰ সৈতে সেই চহীটোও ৱেবছাইটত দিব পৰা যায়। তেখেত বিনাদ্বিধাই সন্মত হৈছিল।

 ইতিমধ্যে অনুৰাগী সমাজৰ তৰফৰপৰা ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো সৌৰভ কুমাৰ চলিহাৰ নামত উদ্‌যাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে নামটো পোনপটীয়াকৈ উল্লেখ কৰাৰপৰা বিৰত থাকি ১ জানুৱাৰীৰ অনুষ্ঠানটিৰ নাম দিয়া হৈছিল ‘এটা ভাল খবৰ’। ( এইবেলিৰপৰা অনুষ্ঠানটো ‘ভাল খবৰৰ দিন’ হিচাপে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ) উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানতেই ৱেবছাইটটো মুকলি কৰা হৈছিল। অনুষ্ঠানটোৰ প্ৰতি অনুৰাগীসকলৰ সঁহাৰি আছিল অভূতপূৰ্ব। গুৱাহাটীৰ লগতে ৰাজ্যৰ চুক-কোণৰ অলেখ অনুৰাগীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল। আনকি প্ৰৱাসত থকা অনুৰাগীসকলেও অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু শুভকামনা যাচিছিল। তেখেতক লৈ অলেখ পৰিকল্পনা আমাৰ মনলৈ আহিছিল। কিন্তু সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে ২০১১ চনৰ ২৫ জুনত, অৰ্থাৎ ‘সৌৰভ কুমাৰ চলিহা’ অৰ্থাৎ অন্তৰালৰ ব্যক্তিজন, অৰ্থাৎ সুৰেন্দ্ৰ নাথ [ ১০ ] মেধি কায়িকভাৱে আমাৰ মাজৰপৰা চিৰকালৰ বাবে আঁতৰি গ'লগৈ।

 অৱশ্যে সৌৰভ কুমাৰ চলিহাৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে। অননুকৰণীয় সৃষ্টিৰাজিয়ে এই বিৰল, বিস্ময়কৰ গল্প-প্ৰতিভাগৰাকী অনুৰাগীৰ মাজত জীয়াই ৰাখিব চিৰনতুন ৰূপত।

 নানা কাৰণত অনুৰাগী সমাজৰ কাম-কাজৰ মাজতে কিছুদিনৰ কাৰণে যতি পৰিছিল। আলটাফ মজিদৰ অকাল বিয়োগ, অনুৰাগী সমাজৰ সক্ৰিয় সদস্য নজৰুল হক চাকৰিসূত্ৰে অসমৰ বাহিৰত থাকিবলগীয়া, হোৱা আদি কিছু কাৰণত অনুৰাগী সমাজৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছিল।

 তেখেতৰ মৃত্যুৰ পিছত দুই-এটা বিক্ষিপ্ত কাৰ্যসূচী বাদ দি আমাৰ ভাষাৰ অন্যতম শ্ৰেষ্ঠ কথাশিল্পীগৰাকীক লৈ বিশেষ অনুষ্ঠান অনুষ্ঠিত হোৱা দেখা নগ'ল৷ এনে প্ৰেক্ষাপটতে অনুৰাগী সমাজক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে মুষ্টিমেয় কেইগৰাকী অনুৰাগী আগবাঢ়ি আহিল। ২০১৫ চনৰ শেষৰফালে কেইগৰাকীমান অনুৰাগী— সুখ্যাত লেখক দেৱব্ৰত দাস, কবি কুশল দত্ত, পৰিৱেশ সাংবাদিক মুবিনা আখতাৰ, চলচ্চিত্ৰ সমালোচক ননী টেৰণ, সাংবাদিক মহেশ ডেকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক পৰশমণি দত্ত, গল্পকাৰ ভাস্কৰ ঠাকুৰীয়া, বোধিসত্ত্ব শৰ্মা আদিৰ উদ্যোগত গুৱাহাটী গ্ৰন্থমেলাত ২ জানুৱাৰীত ‘সৌৰভ কুমাৰ চলিহাৰ সৈতে এসন্ধ্যা’ নামেৰে এটি অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত ‘নতুন প্ৰজন্মৰ দৃষ্টিত সৌৰভ কুমাৰ চলিহা’ শীৰ্ষক আলোচনাৰ লগতে ‘প্ৰফাইল অব্ এ টাইম কেপচাৰাৰ’নামৰ ননিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হয়। খুব কম সময়ৰ ভিতৰতে অনুষ্ঠানটো আয়োজন কৰিবলগীয়া হোৱাত সকলোবোৰ অনুৰাগীক ইয়াত জড়িত কৰিব পৰা নগ'ল। সি যি নহওক, ইয়াৰ কেইমাহমান পিছতে আমাৰ হাতত আহি পৰিল তেখেতৰ কিছু অপ্ৰকাশিত চিঠি-পত্ৰ আৰু ৰচনা। বিভিন্নজনৰ পৰামৰ্শমতে ইয়াৰ মাজৰপৰা নিৰ্বাচিত কিছু লেখা সংকলন আকাৰে [ ১১ ] প্ৰকাশ কৰাৰ কথা ভবা হ’ল। তেখেতৰ ইংৰাজী লিখা কিছুমানো আমাৰ হাতত আছে, সেইসমূহো পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ পৰিকল্পনা অনুৰাগী সমাজৰ আছে।

 প্ৰসংগক্ৰমে, অনুৰাগী সমাজৰ কোনো আনুষ্ঠানিক পৰিচালনা সমিতি নাছিল যদিও শেহতীয়াভাৱে যোৱা ১৯ নৱেম্বৰত অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্তমৰ্মে অনুৰাগী সমাজৰ এখন আনুষ্ঠানিক সমিতি গঠন কৰা হৈছে।

 ভালেকেইগৰাকী সুখ্যাত লেখক-সমালোচক, কবি-গল্পকাৰ প্ৰত্যক্ষভাৱে সম্প্ৰতি সমিতিৰ লগত জড়িত হৈছে। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে সৌৰভ কুমাৰ চলিহাক ভালপোৱা, সৃষ্টিক ভালপোৱা প্ৰতিগৰাকী পাঠককে আমি অনুৰাগী সমাজৰ সদস্য বুলি বিবেচনা কৰো। ‘চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা’ –এই সংকলনখনত মূলতঃ তেওঁৰ কিছুসংখ্যক কাকত-আলোচনীলৈ লিখা চিঠি সন্নিৱিষ্ট কৰা হৈছে। চিঠিসমূহ বিষয়বস্তু প্ৰধানতঃ অসমৰ ৰাজনৈতিক পৰিস্থিতি কেন্দ্ৰিক-আলফা-আছুকেন্দ্ৰিক। অসমৰ সেইসময়ৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তেখেতৰ স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়াস্বৰূপে চিঠিবোৰ তেখেতে কাকত- আলোচনীলৈ প্ৰেৰণ কৰিছিল৷ দুৰ্ভাগ্যজনকভাৱে চিঠিবোৰ কিন্তু প্ৰকাশ পোৱা নাছিল। একেটা বিষয়ৰ ওপৰতে তেখেতে একাধিক চিঠি লিখিছিল। একেখন চিঠি কিছু সংযোজন-সংশোধন কৰি এখন কাকতত প্ৰকাশ নোপোৱাত অইন এখন কাকতলৈ প্ৰেৰণ কৰিছিল, কিন্তু সেইখনতো প্ৰকাশ পোৱা নাছিল। এনে কাৰণতে স্বাভাৱিকতে ইয়াত সন্নিৱিষ্ট চিঠিসমূহৰ ঠায়ে ঠায়ে পুনৰাবৃত্তি ঘটিছে। আমি চিঠিবোৰ ইয়াত হুবহু তুলি দিছোঁ, ক’তো হাত ফুৰোৱা হোৱা নাই।

 সংকলিত চিঠিবোৰৰ সকলোবোৰ কথাৰ প্ৰাসংগিকতা এতিয়া হয়তো নাই, কিন্তু তাৰ এক ঐতিহাসিক গুৰুত্ব আছে বুলি আমি বিশ্বাস কৰোঁ। অসমৰ বোধহয় তেওঁ একমাত্ৰ আধুনিক লেখক যি স্বাধীন অসমৰ [ ১২ ] সপক্ষে মুকলিকৈ মত পোষণ কৰিছিল। সহৃদয় পাঠকে দেখিব সংকলিত চিঠিত স্বাধীন অসমৰ ধাৰণা অলীক নহয় বুলি তেওঁ সজোৰে যুক্তি দিছে। একে সময়তে অৱশ্যে আলফাৰ হঠকাৰী কাৰ্যকলাপৰ শানিত সমালোচনা কৰিছে আৰু আলফাৰদ্বাৰা কেতিয়াও স্বাধীন অসম সম্ভৱ নহয় বুলি যুক্তি তথ্যসহকাৰে দেখুৱাইছে। এই চিঠিসমূহৰ লগতে ‘থামক নামৰ এখন ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে। অন্বেষাৰ শিশুগ্ৰন্থ উৎসৱৰ স্মৰণিকাত ‘Halt’ শিৰোনামেৰে ইংৰাজীত প্ৰকাশিত ৰচনাখন পৰৱৰ্তী সময়ত ‘সাতসৰী’ত প্ৰকাশ পাইছিল। ৰচনাখন যিহেতু তেওঁৰ কোনো গ্ৰন্থত সংকলিত হোৱা নাই সেয়ে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে যাতে সংৰক্ষিত হৈ থাকে। সংকলিত ৰচনাখন তেওঁ ‘সুৰেন্দ্ৰনাথ মেধি’ নামেৰে লিখিছিল। আমি অৱশ্যে ইয়াত ‘সৌৰভ কুমাৰ চলিহা’ৰ নামতেই সংকলিত কৰিছোঁ। কাৰণ লেখকে নিজেই সুৰেন্দ্ৰনাথ মেধি নামত প্ৰকাশিত ৰচনা পৰৱৰ্তী সময়ত সৌৰভ কুমাৰ চলিহাৰ নামতো সংকলন কৰিছে। এইক্ষেত্ৰত ‘দ্ৰোণ আৰু গ্যেটে’ নামৰ কিতাপখন দ্ৰষ্টব্য। সুৰেন্দ্ৰনাথ মেধিয়ে নিজকে সৌৰভ কুমাৰ চলিহা বুলি চিনাকি দিবলৈ অস্বীকাৰ কৰিছিল যদিও তেখেতৰ অনুৰাগীসকলে জানে শেষৰফালে তেখেতৰ সেই দাবী কৰিবলৈ বাদ দিছিল। এইবিষয়ে এক সাক্ষাৎকাৰত তেখেতে নিজে উল্লেখো কৰিছে।

 সংকলনটো প্ৰকাশ কৰি উলিওৱাত ভালেকেইগৰাকী অনুৰাগীয়ে সহায় কৰিছে। কিছুসংখ্যকে আৰ্থিক অনুদানো আগবঢ়াইছে।সকলোলৈকে অনুৰাগী সমাজৰ তৰফৰপৰা আন্তৰিক কৃতজ্ঞতা যাচিছোঁ আৰু ভৱিষ্যতেও সহায়-সমৰ্থন পাম বুলি আশা কৰিছোঁ। শেষত লেখাসমূহ প্ৰকাশ কৰিবলৈ অনুমতি দিয়া বাবে সৌৰভ কুমাৰ চলিহাৰ পৰিবাৰ শ্ৰীযুতা বন্দনা মেধি আৰু কন্যা বৰ্ণালী মেধিক ধন্যবাদ যাচিলোঁ।