কদম্ব তৰু তলে নবীন নীৰদ

ৱিকিউৎসৰ পৰা

<poem>

                                ।।ৰাগঃ কেদাৰ।। তালযতি।।
                       ধ্ৰুং|| কদম্ব তৰু তলে, নবীন নীৰদ, ৰুচিৰ সুন্দৰ শ্যাম|
                              ভুবন মোহন মুৰুতি মনোহৰ, কাঅতিহো নাহি উপাম||
                       পদ।। ভ্ৰুৰ মনোহৰ        নয়ন চঞ্চৰ
                                      বয়ন চান্দ উজোৰ|
                              হাসিতে অমিয়া        বৰিষে পেখি সখি
                                      জীৱন নাৰহে মোৰ||
                              কতনা যতনে        বিধি নিৰমিল
                                      সুন্দৰ কানুক ৰূপ|
                             পেখিতে লাৱণ্য        লাজো ভয় পুনু
                                     কোটি মনমথ চুপ||
                             ৰতন ভূষণ        যৈচে নিৰমিল
                                     গগনে তাৰা সুহাই|
                             কহয় মাধৱ        হামাৰি মজু মন
                                     নন্দনন্দন দোহো পায়||