পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উত্তৰাধিকাৰীসকলে তেওঁৰ অলংকাৰবোৰ পাইছিল। উল্লিখিত হাৰডাল আমাৰ পেহী অবলাৰ কোনোবা এজন পুতেকে পাইছে। আগৰ দিনৰ চহকী পৰিয়ালবোৰত কিমান যে সোণ-ৰূপ আছিল। আমাৰ আবুৱে তেওঁৰ সোণ বেচি তিনিটা ল’ৰাক পঢ়ুৱাইছিল, জীয়েকক বিয়া দিছিল। তাৰ পিছতো আছিল এডাল ষোল্ল তোলা ওজনৰ হাৰ। সেইডাল আমি দেখিছো, অতি মিহি সোণৰ তাঁৰেৰে কৰা হাৰডালৰ শিল্পমান আছিল অতি উন্নত। আবুৰ মৃত্যুৰ পিছত চাৰি ভাই-ভনীৰ মাজত ভাগ হয় হাৰডাল।

 আবুৰ বৰপুত্ৰজন কিছুমান কথাত আছিল অতি অঁকৰা। বিয়া হোৱাৰ পিছত ছোৱালীজনীয়ে যে বাকী জীৱনটো শহুৰেকৰ ঘৰত কটায় তেওঁ নেজানিছিল। মৰমৰ ভনীয়েকজনী লোকৰ ঘৰত থাকিব বুলি জানি তেওঁ হেনো অন্তৰত গভীৰ আঘাত পাইছিল। তেওঁৰ মনত প্ৰশ্ন জাগিছিল একে মাক-দেউতাকৰ সন্তান হৈ কিয় ল’ৰাকেইজন ঘৰত থাকিল আৰু ছোৱালীজনী যাবলগীয়া হ'ল। বোধকৰো তেতিয়াই তেওঁ এই বৈষম্যৰ প্ৰতি সচেতন হৈছিল। পৰৱৰ্তী জীৱনত নাৰীৰ প্ৰতি তেওঁৰ যি উদাৰ দৃষ্টিভংগী লক্ষ্য কৰিছো সি তেতিয়াৰ যুগত আছিল অসাধাৰণ। হয়তো তেওঁৰ ধাৰণা আছিল স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ ঘটিলে লিংগবৈষম্যৰ ওৰ পৰিব। এই সন্দৰ্ভত তেওঁৰ অৱদানৰ কথা সময়ত কম।

 ভনীয়েকক চাবলৈ আৰু ঘৰলৈ আনিবলৈ বৰ ককায়েকজন ঘনাই সত্যপুৰলৈ গৈছিল। তেওঁক দেখা পালেই ভনীয়েকৰ বৰদেউতা-শহুৰ শম্ভুচৰণ হেনো গহীন হৈ পৰিছিল, কাৰণ বোৱাৰীয়েক ইমান ঘনাই মাকৰ ঘৰলৈ যোৱাটো তেওঁ ভাল পোৱা নাছিল। আনহাতে তেওঁৰ নিজৰ শহুৰেকে কিন্তু ককায়েকক উষ্ণ আদৰণি জনাইছিল। তেওঁ গৃহী হৈও আছিল সাধু, , গতিকে বোৱাৰীজনীৰ প্ৰতিও আছিল উদাৰ। আবুৱে জনসমুদ্ৰৰ মাজত ছোৱালীজনীক আপদ-বিপদৰ পৰা ৰক্ষা কৰিবলৈ বিয়া দিছিল ঠিকেই, কিন্তু তেওঁ যে অনু পৰিয়াল এটাত ককায়েক-মাকৰ আলাসৰ লাৰু হিচাপে ডাঙৰ হোৱা একমাত্ৰ ছোৱালী! শহুৰৰ ঘৰতো তেতিয়ালৈ একমাত্ৰ বোৱাৰী হিচাপে মৰম পালেও আনৰ ঘৰত কোনো বোৱাৰী কোনো দিনেই মুকলিমুৰীয়া হৈ থাকিব নোৱাৰে। তদুপৰি মূৰৰ ওপৰত চাৰিজনীকৈ শাহু আই, শহুৰেকৰ সাত ভায়েকৰ ভিতৰত জীয়াই থকা চাৰি ভায়েকৰ চাৰিগৰাকী পত্নী। মাহী শাহু, পেহী শাহু সকলৰো সঘন আগমন ঘটে ঘৰখনত। শাহুয়েকসকলৰ মৰম পালেও হুকুমো মানিব লাগে। এবাৰ হেনো এগৰাকী শাহুয়েকে তেওঁক কৈছিল— ‘এই দেৱানৰ বেটি (জীয়ৰী), ঘৰ মুচিবা (মচিব) পাৰিস্?’ বোৱাৰীয়েকে পাৰিম বুলি কোৱাত তেওঁ থিয় হৈ থাকি মজিয়াখন মচিবলৈ শিকাইছিল। কালক্ৰমে বোৱাৰীয়েক ইমান এক্সপাৰ্ট হ’ল যে ওচৰ-চুবুৰীয়া পৰিয়ালৰ শাহুয়েকহঁতে তেওঁলোকৰ বোৱাৰীহঁতক গালি পাৰিছিল আমাৰ পেহীক উদাহৰণ স্বৰূপে দাঙি ধৰি এইদৰে— ‘জোতদাৰ ঘৰেৰ বৌখিনি (বোৱাৰীজনী) দেৱানেৰ বেটি আছিল, ঘৰখনত ক’ত কামানি (কাম) কৰে! হোৰা (সৌৱা) চাকৰ বাকৰ নাথাকিলে গোহালি চাফা কৰিয়া মাথাত গোবৰেৰ পাচিটা নিয়া (লৈ) যাবা লাজ নাকৰে। আৰ তুমিৰা (তোমালোক) খাবা-নাপাওয়াৰ বেটি (খাবলৈ নোপোৱাৰ জীয়েক) কিছু কৰিবা নাপাৰিস।’

 পেহীক জাকৰুৱা ঘৰত বিয়া দিয়াৰ প্ৰসংগত মনত পৰিছে মোৰ ডাঙৰ জা প্ৰতিভা

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৩১