পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰিটাকৈ সন্তানৰ মাক হোৱা সত্ত্বেও সদ্য বিধৱা যুৱতীজনীৰ ৰূপ-লাৱণ্য অটুট আছিল। নিৰলংকাৰ দেহত শুধু বগা কাপোৰ সাজেও তেওঁৰ সৌন্দৰ্যক অলপো ম্লান কৰিব পৰা নাছিল। সেই ঘোৰ দুৰ্দিনত সহায়ৰ হাত আগবঢ়াই দিয়া সজ্জনৰ মাজত মুখা পিন্ধা কেইজনমান দুৰ্জনো যে থাকিব পাৰে বাহিৰা জগতৰ আও ভাও নুবুজা যমুনাই জানিব কেনেকৈ? তেতিয়াৰ ঘটনাবোৰৰ কথা মনত পৰিলে তেওঁৰ অন্তৰাত্মা আজিও কঁপি উঠে। সেই অধ্যায়টোৰ কথা পাহৰি যাব খোজে, কিন্তু নোৱাৰে, পাহৰা টান।

 বহু বছৰ আগৰ কথা ১৯০৮ নাইবা ১৯০৯ চন। গৌৰমোহন হত্যাকাণ্ডৰ এবছৰো হোৱা নাই। এদিন ৰাণা (ছদ্মনাম) নামৰ আত্মীয় এজনে গধূলি এঘৰলৈ ফুৰিবলৈ আহি ভিতৰত চাকিৰ মলিন পোহৰত কেইজনমান মানুহক ফুচফুচাই কথা কোৱা শুনিলে। কৌতূহলী হৈ তেওঁ ইকৰাৰে সজা বেৰখনত কাণ পাতি মানুহবোৰৰ আলোচনা শুনিবলৈ চেষ্টা কৰিলে। সিহঁতৰ কথাবোৰ উতলি থকা তেল যেন হৈ ৰাণাৰ কাণত বৰ্ষিত হ’ল। মানুহ ইমান হীন, ইমান ইতৰ হ’ব পাৰে নে? ৰাণাৰ হনু টান হৈ উঠিল। দুচকুৰে দাও দাওকৈ ওলাল জুইৰ লেলিহান শিখা। মন গ'ল আটাইকেইটা নৰাধমৰ নেলু চেপি ধৰিবলৈ। সেই নিশা এন্ধাৰত খুপি খুপি তেওঁ কেইজনমান শুভাকাংক্ষী আত্মীয়ৰ ঘৰলৈ গৈ জনালে ভাল মানুহৰ ছদ্মবেশত থকা নৰকৰ কীট কেইটামানে গাভৰু বিধৱাজনীক বেচিবলৈ দালালৰ সৈতে দৰদাম কৰি আছে। বজ্ৰাহত মানুহৰ দৰে শ্ৰোতাসকল লৰচৰ কৰিব নোৱাৰা হ’ল। অৱশেষত এওঁলোকৰ চেষ্টাত অধিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ল ধুবুৰীৰ পৰিয়ালটোৰ।

 প্যাৰীমোহন দত্ত নামৰ ধুবুৰীৰ এগৰাকী সম্ভ্ৰান্ত ব্যক্তিৰ সৈতে আতাহঁতৰ পৰিয়ালটো অতি ঘনিষ্ঠ আছিল। আবুৰ ভাষাত তেওঁক ‘বাপদায়’ দিছিল। আবুৱে তেনেদৰেই আমাক কোৱা মনত পৰে। ‘বাপদায়’ দিয়াৰ অৰ্থ তেওঁলোকে দুয়োৰে মাজত পিতা-পুত্ৰীৰ সম্পৰ্ক স্থাপিত হোৱা। বোধকৰো তাকে কৰোতে ধৰ্মীয় কিছু বিধি-বিধান অনুষ্ঠিত কৰিবলগীয়া হৈছিল কেইগৰাকীমান গণ্যমান্যৰ উপস্থিতিত। প্যাৰীমোহনে হেনো কৈছিল পিতৃৰ উপস্থিতিত কোনো দূৰাচাৰীয়ে কন্যাৰ সন্মান হানি কৰিব নোৱাৰে।

 দত্ত পৰিয়ালত তাহানিৰে পৰা আজিলৈকে দুৰ্গা পূজা অনুষ্ঠিত হৈ আছে। সেই পৰিয়ালৰে ছোৱালীৰ ফালৰ উত্তৰপুৰুষ এঘৰৰ বোৱাৰী, নৃত্যপটিয়সী জাৰ্মান-তনয়া এৰিকা নন্দীয়ে পৰম্পৰাগতভাৱে চলি অহা দুৰ্গা পূজাত আৰতি নৃত্য কৰে।

 বাৰ বছৰীয়া অবলা সুন্দৰীৰ মাকে পছন্দ কৰা দৰাৰ লগত বিয়া হৈ গ’ল এদিন। দৰা তেতিয়াও স্কুলীয়া ছাত্ৰ। ঘৰ আবুৰ মাক-দেউতাকৰ গাঁও মৌৱাটাৰীৰ সমীৱৰ্তী সত্যপুৰ গাঁৱত। মৌৱাটাৰী, আৰেয়াৰঝাৰ, ভকতপাৰা, সত্যপুৰ আদিকে লৈ কেইবাখনো গাঁৱৰ সমষ্টিকে কোৱা হয় চাপৰ।

 পূবে চম্পাৱতী নৈ আৰু ভৈৰৱ পাহাৰ, পশ্চিমে ধীৰ বিল আৰু চক্ৰশিলা পাহাৰ, উত্তৰে পাতালপুৰ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ — এই চাৰিসীমাৰ মাজত অৱস্থিত চাপৰ এখন উন্নত গাঁও। ৰত্নগৰ্ভা চাপৰে সুদূৰ অতীতৰে পৰা জন্ম দিছে অনেক সুসন্তানৰ। ১৮৮৬ চনত সত্যপুৰ গাঁৱৰ পৰা শিক্ষা লাভ কৰিবলৈ নাৱেৰে ঢাকালৈ গৈছিল জোতদাৰ পুত্ৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /২৯