পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৈছিল বাবে উল্লেখ কৰিলো। মোৰ জন্মৰ বহু আগতে ঘটা ঘটনাবোৰ পৰিয়ালৰ আৰু চহৰখনৰ কেইগৰাকীমান ব্যক্তিৰ মুখে শুনিছো।

 ইয়াৰ পিছত চাৰিটা এমা-ডিমা সন্তানক লৈ গাভৰু হৈ থকা আবুজনীৰ যে কি অৱস্থা হৈছিল। কেইটামান বছৰ ৰাজৰাণীৰ দৰে জীৱন কটাই হঠাতে ভিক্ষাৰিণী হ'বলগীয়া হ'ল অপৰূপা সুন্দৰী মহিলাগৰাকী। আতাৰ কাজিন ভায়েকসকলে আলোচনা কৰি সিদ্ধান্ত ল’লে আবুহঁতক গাঁৱলৈ লৈ যাব। তাত যিখিনি মাটি-বাৰী আছে তাৰেই জীৱনটো সুখে-দুখে কটাব পাৰিব। আত্মীয়-স্বজনকো তাত পাব আপদে-বিপদে। কিন্তু ল’ৰাহঁতৰ পঢ়া-শুনা? যিসকলৰ দেউতাক গৈছিল কলকাতালৈ পঢ়িবলৈ, সেইসকলে গাঁৱলৈ গৈ হাল বাই খাব? ই হ’ব নোৱাৰে— আতাৰ দুজন কাজিন আমাৰ শশী আতা আৰু নিশি আতাই ক'লে। তেওঁলোকৰ সৈতে একমত হ’ল দেউতাহঁতৰ ঘৰুৱা শিক্ষক সতীশ চন্দ্ৰ দত্ত। আশ্বাস দিলে যে ধুবুৰীত তেওঁ ল’ৰাকেইটাৰ অভিভাৱক হিচাপে সিহঁতক চোৱাচিতা কৰিব। পিছে খাব কি, পিন্ধিব কি? ব্ৰহ্মপুত্ৰৰ বতাহ খাইতো মানুহ জীয়াই থাকিব নোৱাৰে। শশী আতা-নিশি আতাই ল’লে সেই দায়িত্ব। গাঁৱৰ পৰা আতাৰ মাটিত হোৱা ধান তেওঁলোকে নাৱেৰে লৈ আহিব। তাতেইতো সমস্যাৰ শেষ নহয়। চাৰিটা শিশুক লৈ দুগৰাকী গাভৰু বিধৱা, আবু আৰু তেওঁৰ ননদেক থাকে কেনেকৈ? তাৰো উপায় ওলাল। জৱৰদস্ত বিহাৰী পৰিয়াল এটাক নিৰাপত্তাৰক্ষী হিচাপে নিযুক্তি দি আতাৰ মাটিৰ এফালে থকাৰ ব্যৱস্থা কৰিলে। গদাধৰ নামৰ বিহাৰী মানুহজনক মই তেওঁৰ বৃদ্ধ বয়সত দেখিছো। তেতিয়া তেওঁ কুঁজা হৈ গৈছিল। ঘৰৰ পিছফালে চাৰিগৰাকী কন্যা কবুৰী, উৰহিয়া, দুখীয়া, কেজিয়াসহ থাকিল আন এটা পৰিয়াল। তেওঁলোকক আমি পিসিমা (পেহী) বুলি মাতিছিলো। দুয়োটা পৰিয়ালকে দেউতাহঁতে আজীৱন আপোনজনৰ মৰ্যাদা যাচিছিল। আমাৰ পিতৃ পৰিয়ালৰ একমাত্ৰ জীৱিত সদস্য খুড়ীদেউ শ্ৰীমতী সৰলা দাসে ক’লে গদাধৰ দাদুৰ নাতিজনে মৃত্যুৰ আগে আগে ধুবুৰীলৈ আহি খুড়ীৰ ঘৰত ভাত খাই গৈছে। আনটো পৰিয়ালৰ উত্তৰপুৰুষসকল একেডোখৰ মাটিতে আছে আজিলৈ।

 আজিকালি পশ্চিমীয়া দেশবোৰত গাত টাটু (Tatto) কৰা এটা ফেশ্বন। বিহাৰী কবুতৰী পিসিমাহঁতৰ দেহাত সেই টাটু জ্ঞান হোৱাৰ পৰা দেখিছো। পৃথিৱীৰ অনেক জনগোষ্ঠীৰ মাজত টাটুৰ প্ৰচলন আছে। গাৰ ছাল বেজিৰে খুচি খুচি ভিতৰত ৰং— ঘাইকৈ ক’লা ৰং সুমুৱাই নক্সা বা চিত্ৰ অঁকাকে কোৱা হয় টাটু। বিহাৰী মহিলাসকলৰ ডিঙিয়ে-হাতে টাটুৰ নক্সা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ মাজত ই বাধ্যতামূলক বুলি উৰহীয়া পিসিমাহঁতে কৈছিল। ইমান কষ্টেৰে দেহাটো সজাবলৈ বাধ্য বুলি জানি বিহাৰী পৰিয়ালত জন্ম নোহোৱা বাবে সৰুতে ভগৱানক ধন্যবাদ জনাইছিলো। সেই টাটু দেখিবলগীয়া হৈছিলো অত্যাধুনিক দেশ আমেৰিকাত। চেৰাবলিয়া আমেৰিকান মেম আৰু চাহাবহঁতৰ বাহু, হাত, ডিঙিৰ গুলপীয়া ছালখনৰ ওপৰত ক'লা ৰঙৰ টাটুৰ ডিজাইন দেখি মই বিচুৰ্তি খাইছিলো। আলোচনী এখনত দেখিছিলো অন্তঃসত্বা মহিলা এগৰাকীয়ে ওফন্দি থকা পেটটো টাটুৰ নক্সাৰে ঢাকিছে। টিভিৰ পৰ্দাত দেখিছিলো এগৰাকী প্ৰায় বিবসনা নাৰী, যাৰ সৰ্বশৰীৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /২১