পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্ভৱ নহ'ব। সত্যজিৎ ৰায়ৰ পত্নী বিজয়া ৰায়ে স্বামীৰ জীৱনীখন লিখোতে দিনলিপিৰ সহায় লৈ লিখা বাবে বিশ্ববন্দিত ব্যক্তিগৰাকীৰ জীৱনৰ এটা কথাও বাদ পৰা নাই, লগতে সমসাময়িক ঘটনাবোৰো সন্নিৱিষ্ট কৰাত বহু নজনা কথা জানিব পাৰিলো। আমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে একো লিখিবলগীয়া নাই, কিন্তু এই সুদীৰ্ঘ কালছোৱাত সমাজত ঘটি থকা ঘটনাসমূহৰ চিত্ৰ এখন আগবঢ়াব পাৰিলোহেঁতেন। তথাপি চেষ্টা কৰি চাওঁচোন পাৰো নেকি!

 মই উপজিছিলো পৰাধীন ভাৰতত। মোৰ জন্মৰ ৯ বছৰ আগতে ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত হৈছিল অসহযোগ আন্দোলন। তেতিয়া বুজি নেপালেও জ্ঞান হোৱাৰ পিছৰে পৰা এইবোৰ কথা শুনি আহিছো মা, আবুহঁতৰ মুখতো। আমাৰ মা গোৱালপাৰা চহৰৰ ছোৱালী। তেতিয়া তেওঁৰ ৯-১০ বছৰ। স্বাধীনতা যুদ্ধৰ কিশোৰী সেনা। তেওঁলোকে হেনো বিলাতত তৈয়াৰী কাপোৰ জুইত জাহ দিছিল। গোৱালপাৰা চহৰৰ মাজমজিয়াত মণিকান্ত দাসৰ নেতৃত্বত অনুষ্ঠিত বিলাসী সামগ্ৰী ধ্বংসযজ্ঞত। তেতিয়াৰ দিনত আমাৰ দেশত আজিৰ দৰে ভাল ভাল কাপোৰৰ উৎপাদন নহৈছিল। সকলো আহিছিল বিলাতৰ পৰা। মাহঁতে গান্ধীজীৰ আহ্বানত উদ্বুদ্ধ হৈ বিলাতী সামগ্ৰী পুৰিছিল। বৰ্তমান যুগত আকৌ আমাৰ দেশতে উৎকৃষ্ট বয়-বস্তু পোৱা সত্ত্বেও মানুহে ‘ফৰেইন'ৰ বস্তুহে ভাল পায়। এতিয়া অৱশ্যে বিশ্বায়নৰ ফলত সকলো বস্তুৱে ইয়াত পাওঁ, লাগে কেৱল টকা। তথাপি বিদেশৰ মাটিত কিনা বস্তুই যেন মানুহৰ মৰ্যাদা বৃদ্ধি কৰে— বহুতে তেনেদৰে ভাবে।

  মহাত্মা গান্ধীয়ে আশা কৰিছিল এবছৰৰ ভিতৰতে ভাৰত স্বাধীন হ’ব। অসমত সেই সময়ত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল চন্দ্ৰনাথ শৰ্মা, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন প্ৰমুখ্যে জ্যেষ্ঠ নেতাসকলে। গোপীনাথ বৰদলৈ আৰু তৈয়বুল্লা চাহাব আছিল কনিষ্ঠৰ দলত। আন্দোলনৰ সময়ত চৌৰিচুৰাত কেইজনমান আন্দোলনকাৰীয়ে এখন আৰক্ষী থানা ঘেৰাও কৰি এঘাৰজন পুলিচক জুইত পুৰি মাৰে। অহিংসাত আজীৱন বিশ্বাসী গান্ধীজীয়ে অত্যন্ত দুঃখিত হৈ দুবছৰৰ ভিতৰতে এই আন্দোলন প্ৰত্যাহাৰ কৰে। তেওঁৰ সিদ্ধান্তক ঘাইকৈ সমালোচনা কৰে সুভাষ চন্দ্ৰ বসু, চন্দ্ৰনাথ শৰ্মা আৰু বল্লভভাই পেটেলে। সাম্ৰাজ্যবাদী স্কুলত নপঢ়িবলৈ গান্ধীজীয়ে সেই সময়ত আহ্বান কৰাত বহু ছাত্ৰই স্কুল ত্যাগ কৰিছিল। পিছত তেওঁ নিজৰ এই কাৰ্যক Himalayan Blunder কৰা বুলি স্বীকাৰ কৰিছিল।

 আমাৰ আবুই কৈছিল ১৯২১ চনত তেওঁৰ জ্যেষ্ঠ পুত্ৰ অৰ্থাৎ আমাৰ দেউতা গিৰীন্দ্ৰ মোহন দাসে কটন কলেজৰ পৰা বি এ পাছ কৰি স্কুল এখনত শিক্ষক হিচাপে যোগদান কৰিছিল। কোন স্কুলত সঠিক মনত নাই যদিও মোৰ ধাৰণা গোৱালপাৰা হাইস্কুলতে নিযুক্তি পাইছিল তেওঁ। তাৰপিছত অৱশ্যে তেওঁ বিজনী ৰাজ এষ্টেটৰ খুটাঘাট পৰগণাত ছাব মেনেজাৰ হিচাপে যোগদান কৰে। একে সময়তে এষ্টেটখনৰ হাবৰাঘাট পৰগণাত একে পদত নিযুক্তি পায় সুৰেন্দ্ৰ মোহন দাসে। এওঁ পিছত কটন কলেজত ইংৰাজী বিভাগত অধ্যাপক হিচাপে যোগ দিছিল। ১৯৪৭ চনত অলপ দিনৰ বাবে সেই কলেজত আমাক ছাত্ৰী হিচাপে পাইছিল তেওঁ। তেওঁক আমি ঘাইকৈ জানো টলষ্টয়ৰ সাধুৰ অনুবাদক

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /