পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰাই লিখাৰ পিছত ফেব্ৰুৱাৰী পায় মানে আঠাইশদিনীয়া মাহটোৰ দৰে দিনলিপিও চুটি হ'বলৈ ধৰে। অৱশেষত বছৰটো শেষ নৌহওতে সেইফেৰা কামত যতি পৰে। অৱশ্যে নতুন বছৰত নতুন উৎসাহেৰে আকৌ দিনলিপি লিখাত মন দিওঁ এনেদৰে প্ৰতিজ্ঞাবদ্ধ হৈ যে, এতিয়াৰে পৰা এটা দিনো বাদ নপৰিব। পিছে প্ৰতিবছৰে প্ৰতিজ্ঞা ভংগ কৰিবলগীয়া হওঁ। এটা ঘটনাই অৱশেষত দিনলিপি লিখাৰ পৰা মোক মুক্তি দিলে চিৰদিনলৈ। ঘটনাটো আছিল লাজলগা আৰু ভয়লগাও। চৰিত্ৰত চেকা লাগিবৰ ভয়। তেতিয়া আছিল মোৰ কৈশোৰৰ পৰা যৌৱনলৈ প্ৰমোচন পোৱাৰ বয়স। মন নামৰ অদৃশ্য বস্তুটোৰ গাত কল্পনাৰ ডেউকা লগাই উৰি ফুৰাৰ বয়স। আমাৰ এজন চুবুৰীৰ সম্পৰ্কত ভিনিহিয়ে এদিন ডায়েৰীৰ পাতত মই লিখা কেইটামান শাৰী সলসলীয়াকৈ গাই যোৱাৰ পিছত মোৰ মূৰত জাপানী বোমা এটা বিস্ফোৰণ হোৱা যেন পালো। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধই মেদিনী কপাই তুলিছিল। ভাৰতৰ পূব প্ৰান্তত জাপানী আক্ৰমণ চলি আছিল, বোমাৰ আঘাতৰ পৰা হাত সাৰিবলৈ ঘৰে ঘৰে ট্ৰেঞ্চ খন্দা হৈছিল। ভিনিহিয়ে পাঠ কৰা বাক্য কেইশাৰী শুনি ট্ৰেঞ্চত জাপ মাৰিবৰ মন গ'ল। ভাবি নাপালো মোৰ টেবুলত ৰখা ডায়েৰীখন ভিনিহিয়ে পালে কেনেকৈ? সুধিবও নোৱাৰো। লাজতে ৰঙা পৰা মুখলৈ চাই ভিনিহিয়ে ক’লে— ‘পাৰ্ছনেল ডায়েৰী’ আনে ঢুকি নোপোৱাকৈ ৰাখিব লাগে।’ কথাষাৰ বুজিলো ঠিকেই, কিন্তু আমাৰ অন্দৰ মহলৰ পৰা ডায়েৰী চুৰ কৰিলে কোনে? দেউতা-মা-বাইদেউয়ে পালে কাকো নিদিয়ে নিশ্চয়। অৱশেষত সুধিয়ে পেলালো তেওঁক। পুৰণি বাতৰি কাকত, কিতাপ-বহী আদি কিনা মানুহৰ— কলকাতাত যিসকলক কোৱা হয় বিক্ৰিৱালা বা ৰদ্দীৱালা— পাচিত হেনো পাইছে। আজিলৈকে নেজানিলো ভিনিহিয়ে পাচিটো খুচৰিছিল কিয়? নে মানুহৰ চকুৰ আঁৰত অৱসৰ সময়ত তেওঁ ঠোঙা বান্ধি বেচিছিল। কথাষাৰ ৰহস্য হৈয়ে থাকিল। আনটো প্ৰশ্ন মনত জাগিল কোনে মোৰ ডায়েৰীখন বেচিলে। সন্দেহ বৰ্তিল সহায়কাৰী ল'ৰাটোৰ ওপৰত। খাতা-বহী বেচি হয়তো সি দুটামান পইচা আৰ্জিছিল। স্বীকাৰ নকৰিলেও মই নিশ্চিত সেইফেৰা কাম কৰিছে সিয়েই। তাক ধমকি দিছিলো যদিও মা-দেউতাৰ আগত তাৰ বিৰুদ্ধে নালিচ কৰিব পৰা নাছিলো ডায়েৰীত লিখা কথাষাৰ চিচিংফাঁক হোৱাৰ ভয়ত। কিনো এনে ভয়ংকৰ কথা লিখা হৈছিল যে কঁপি কঁপি মৰিবলগীয়া হৈছিলো? আজিৰ যুগৰ দৃষ্টিভংগীমতে কথাষাৰ তেনেই পনীয়া, কিন্তু তেতিয়াৰ মতে চৰিত্ৰহীনতাৰ লক্ষণ। বান্ধৱীহঁতৰ ঘৰলৈ ফুৰিবলৈ অহা তাইৰ সুদৰ্শন মোমায়েকজনক দেখি মনটো ভাল লাগিছিল বুলি লিখিছিলো। বচ্ এয়েই। ভিনিহিয়ে সেই পৃষ্ঠাটো দেখুৱাই মোক ব্লেকমেইলিং কৰাৰ ভয়ত

বহুদিন তেওঁলোকৰ ঘৰৰ আগেৰে অহা-যোৱা কৰা নাছিলো। যি কি নহওক, সিদিনাৰে পৰা দিনলিপি লিখা বন্ধ কৰিলো। দুখ লাগে অতি সাধাৰণ কথা এটাৰ বাবে ভাল অভ্যাস এটা জলাঞ্জলি দিলো। সেই বয়সত বিপৰীত লিংগৰ কোনোবা ধুনীয়া মানুহক দেখিলে ভাল লগাটো স্বাভাৱিক। আজিও অনেকৰ ধাৰণা ভাল লগাটো চৰিত্ৰহীনতাৰ লক্ষণ, বিশেষকৈ ছোৱালীৰ। নিজৰ জীৱন বৈচিত্ৰ্যহীন হ'লেও চন-তাৰিখেৰে সমসাময়িক ঘটনাবোৰ নিয়াৰিকৈ লিখিব পাৰিলোহেঁতেন। এতিয়া মনত খাজি থোৱা কথাবোৰ হয়তো ধাৰাবাহিকভাৱে লিখা

/জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি