পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এলেকাৰ মাজত আহ-যাহ আছিল, আত্মীয়তাও আছিল। সেই যুগত নাৱেই আছিল সংযোগকাৰী একমাত্ৰ বাহন। ডেকা বয়সত গৌৰমোহন এবাৰ চাপৰলৈ মিতিৰ খাবলৈ আহোতে কাষৰ ঘৰৰ চোতালত হেনো দহ বছৰীয়া যমুনা নামৰ অপৰূপা কিশোৰী এজনীক দেখা পাইছিল, অচল হৈ গৈছিল ডেকাৰ দুচকুৰ মণি। নহ'বনো কিয়? তাইৰ তেজগোৰা গাৰ বৰণ, উন্নত নাক, টনা টনা এযোৰ আবেগসনা চকু আৰু মূৰটো আবৃত কিচকিচীয়া ক’লা চুলি একোছাৰে। ঘৰলৈ উভতি গৈও পাহৰিব পৰা নাই সেই চন্দ্ৰবদনীক। অৱশেষত ‘থ্ৰু প্ৰপাৰ চেনেল’ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে।

 যমুনাৰ মাক-দেউতাকেও তাইৰ বিয়াৰ চিন্তা কৰি আছিল। দহ পাৰ হওঁ হওঁ। সময়মতে বিয়া দিব নোৱাৰিলে সমাজে যে এঘৰীয়া কৰিব। ৰূপৱতী জীয়েকলৈ বিয়াৰ প্ৰস্তাৱ আহি আছিল, পিছে তাইক য’তে ত’তেতো দিব নোৱাৰি। বৰভিটাৰ গৌৰমোহনৰ ঘৰৰ পৰা প্ৰস্তাৱ পাই যমুনাৰ দেউতাকে যেন জোনটো হাতত পালে। স্বচ্ছল অৱস্থা, সুদৰ্শন চেহেৰা। সৰ্বোপৰি কলকাতাত শিক্ষা লাভ কৰি মেছপাৰা এষ্টেটত দেৱান হিচাপে সোমাইছে। এনে ‘লুক্ৰেটিভ বেচ্যেলৰ’ ভূ-ভাৰস্ততে নাই বুলি মানুহৰ ধাৰণা আছিল। বিয়াৰথলীত দৰা-কইনাক দেখি ৰাইজে হেনো কৈছিল, ৰাজযোটক, আজিৰ ভাষাত যাক কোৱা হয় made for each other।

 ভাৰত স্বাধীন হোৱাৰ আগলৈকে অবিভক্ত গোৱালপাৰা জিলা আছিল ৰজা-জমিদাৰেৰে ভৰা। গৌৰমোহন মেছপাৰাৰ দেৱান হোৱা হেতুকে ৰজা-জমিদাৰ শ্ৰেণীটোৰ সান্নিধ্যলৈ আহিছিল। সেই সময়ত সোণ আছিল সস্তা। যমুনা সুন্দৰীয়ে বিয়াত জমিদাৰসকলৰ ঘৰৰ পৰা সোণৰ বহু অলংকাৰ উপহাৰ হিচাপে পাইছিল। তদুপৰি গৌৰমোহনে চন্দ্ৰমুখী পত্নীৰ গাতো সোণেৰে ঢাকি দিছিলেই, বেনাৰচী-আনাৰচী শাৰীও দিছিল।আনাৰচী যে কি বস্তু নাজানিলো। যমুনাই, পৰৱৰ্তী সময়ত যিগৰাকী আমাৰ আবু অৰ্থাৎ পিতামহী হৈছিল—তেওঁৰ বিয়াৰ কাহিনী কওঁতে বেনাৰচীৰ সৈতে আনাৰচী নামটোও কোৱা মনত পৰে। মোৰ দহ বছৰ নৌহওঁতেই আবু ঢুকাইছে। গতিকে সেই সময়ত শাৰী সম্পৰ্কে কোনো ধাৰণাই নাছিল। ডাঙৰ হোৱাৰ পিছত আনাৰচী বিচাৰি হাইৰাণ হৈ অৱশেষত উপলব্ধি কৰিলো বোধকৰো অন্যান্য দামী শাৰীবোৰক একেলগে থুপ খুৱাই আনাৰচী বুলি কৈছিল। নে তেতিয়াৰ দিনত আনাৰচী বুলি কিবা আছিল নাজানো!

 গোৱালপাৰা চহৰৰ পৰা গোৱালপাৰা জিলাৰ সদৰ ধুবুৰীলৈ স্থানান্তৰ কৰাৰ পিছত ৰজা-জমিদাৰসকলে ধুবুৰীত এডোখৰকৈ মাটি কিনিবলৈ ধৰিলে। মেছপাৰাৰ জমিদাৰসকলে মাটি কিনাৰ ভাৰ দিলে দেৱান বা মেনেজাৰ গৌৰমোহনক। ৰূপসী এষ্টেটৰ সেই সময়ত কোনো পৰিচালক নাছিল বুলি শুনিছিলো। গতিকে সেইখন এষ্টেট চোৱা-চিতাৰ ভাৰো গৌৰমোহনক দিয়া হ’ল। সিদ্ধান্ত লোৱা হৈছিল যে দুয়োখন এষ্টেট পৰিচালনা কৰিব একেজন মেনেজাৰে ধুবুৰীত থাকি। তেতিয়া গৌৰমোহনেও নিজলৈ বুলি মাটি কিনি বৰভিটাৰ পৰা উঠা দি আহিছিল ধুবুৰীলৈ। অৱশ্যে গাঁৱৰ লগত সম্পৰ্ক ছিন্ন হোৱা নাছিল।

 সঠিক তাৰিখ-চন নেজানিলেও আনুমানিক ১৮৯১-৯২ চন মানত গৌৰমোহনৰ বিয়া

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭