পৃষ্ঠা:অনিমা গুহ.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অতপৰে চাই থকা জীৱন নাটৰ চি ডিখন অফ্ কৰি দি ভাবিছো মা-দেউতাৰ ডেউকাৰ তলত থকা সময়ছোৱাত ভাবিছিলো নে কেতিয়াবা জোৱাৰত জীৱন ওফন্দি উঠিব, কেতিয়াবা ভাটাত নামি জীৱন হৈ উঠিব অসহনীয়। কিন্তু দুয়োটা অৱস্থাই পাৰ হৈছো। সন্মুখত আৰু কিমান জোৱাৰ-ভাটা আহিব-যাব নাজানো, মানুহৰ জীৱনত কোনো অৱস্থা স্থায়ী নহয়। সমুদ্ৰৰ জোৱাৰ-ভাটাৰ দৰে জীৱনতো অহৰহ চলে জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকৰ্ষণ। জীৱন এক যুদ্ধক্ষেত্ৰও, আছে জয়-পৰাজয়। সকলো অৱস্থাৰ যেয়ে সাহসেৰে মুখামুখি হ’ব পাৰে তেৱেঁই জয়ী। নিজকে প্ৰশ্ন কৰো, মই পাৰিছো নে? উত্তৰ বিচাৰি পোৱা নাই।■■

৩৬৮/ বাকীছোৱা জীৱন