পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতত তুলি দি কৈছিল— ‘এইখন কাপোৰ পিন্ধি পূজা কৰিব’। মাসীমাই যে পূজা নকৰে ভাগিনে জানিব কেনেকৈ। যি কি নহওক চাৰিখনকৈ কাপোৰ দুহেজাৰত পাই মোৰ মহাফূৰ্তি। আবেলি কলকতীয়া ভতিজা বোৱাৰীয়ে চাৰিওখন লিৰিকি-বিদাৰি চাই ক'লে চাৰিওখনৰ মুঠ দাম পোন্ধৰশৰ বেছি হ’ব নালাগে। দেখাত ভাল হলেও All that glilters is not gold. ভাবিছো মই অঁকৰা নে বয়সে মোক বুদ্ধিহীন কৰিছে।

 আজিকালি বয়সীয়া মানুহক শ্ৰুতিমধুৰ ভাষাত কোৱা হয় জ্যেষ্ঠ নাগৰিক। জ্যেষ্ঠ নাগৰিকজনে কিন্তু জানে তেওঁৰ ওচৰলৈ যমৰজাৰ দূতসকল আহিবলৈ প্ৰস্তুত হৈ আছে। যমৰ ছেক্ৰেটাৰী চিত্ৰগুপ্তৰ অফিচে প্ৰয়োজনীয় কাগজ-পত্ৰবোৰ ৰেডী কৰিলেই দূতসকল আহি হাজিৰ হ’ব। জ্যেষ্ঠ নাগৰিকৰ আত্মীয়-স্বজন আৰু চিনাকি সকলেও ধৰি লয় যে এই জনাৰ দিন ঘনাই আহিছে, পিছে ভদ্ৰতাৰ খাতিৰত যেনিবা উচ্চাৰণ নকৰে। কেতিয়াবা অসতৰ্ক মুহূৰ্তত নাইবা চকু-মুখৰ অভিব্যক্তিত জ্যেষ্ঠজনে তেওঁলোকৰ মনবোৰ নুবুজা নহয়।

 ১৯৯১চনত আমি গুৱাহাটীলৈ নিগাজিকৈ থাকিবলৈ অহাৰ সময়ত মোৰ তিনি কুৰি বছৰ পূৰ্ণ হোৱা নাছিল। নিজকে বুঢ়া বুলি ভবা নাছিলো যদিও কমবয়সীয়া সকলে ভাবিছিল। ইয়ালৈ আহি দুজোপামান তামোল-নাৰিকলৰ পুলি ৰুবলৈ দেখি ঘৰ মেৰামতি কৰি থকা দুজনমান কামলাই কোৱাকুই কৰা মোৰ কাণত পৰিছিল— বুঢ়া-বুঢ়ীহালে যে তামোল-নাৰিকল ৰুইছে ফল হোৱালৈ টিকিব জানো? ফল হোৱালৈ টিকিলো পিছে।

 আন এদিনৰ কথা। ১৯৭৫ চনতে কিনা মোৰ ফ্ৰীজটো বুঢ়ী হ’ল। আগৰ দিনৰ মেচিন বাবে তিষ্ঠি আছিল যদিও গাটোত বাৰ্ধক্যৰ আঁচোৰ দেখি নাতিনী এজনীক ক’লো ফ্ৰীজৰ দোকানলৈ মোক লৈ যাবলৈ, উদ্দেশ্য নতুন এটা কিনা। তাই অলপ সময় মনে মনে থাকি পৰামৰ্শ দিলে বুঢ়ীজনীকে অলপ মেক-আপ দি গাভৰু সজাবলৈ। নাতিনীয়ে নিশ্চয় ভাবিছিল, আইতাকৰ আৰু কেইদিন? মিছাকৈ নতুন ফ্ৰীজ এটা কিনি পইচা নষ্ট কৰে কিয়?

 আলোচনা প্ৰসঙ্গত এদিন কৈছিলো ডায়েবেটিচ নহ'বলৈ মিঠা খোৱা কমাইছো। লগে লগে কলিজাত খুন্দা লগাকৈ ডেকা এজনে টপৰাই ক’লে, ‘জেঠাই মনৰ ইচ্ছা পূৰাই দীঘলীয়া জীৱন কটালে। এতিয়া হেঁপাহ পলুৱাই যি মন যায় খাওক’। মানুহবোৰৰ কথা-বতৰা শুনি এতিয়া জীয়াই থাকিবলৈকে লাজ লাগিছে।

বাকীছোৱা জীৱন /৩৬৭