পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইক্ষেত্ৰত বাইদেউ বা নবৌ বুলি মাতিলেও শোভা পায়। ত্রিশ বছৰ বয়সতে যাঠী বছৰীয়াৰ খুৰী! যাওক বাৰু দুখৰ কথাবোৰ, ময়ো পুৰণি কথাবোৰ মনত নেপেলাবলৈ চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো।

 অলপ সময়ৰ পাছত আকৌ ষ্টাৰ্ট কৰি দেখিলো বুঢ়া শালিকাই মাত মতাৰ দৰে গৃহস্থৰ ইচ্ছানুযায়ী দিল্লীবিশ্ববিদ্যালয়ত নাম লগালো গ্রেজুৱেট হোৱাৰ আঠ বছৰ পিছত। মনত শান্তি পালো যে দিল্লীত খুৰী বুলি মাতিবলৈ কোনো টকলা বুঢ়ী নাই।

 দিল্লী পর্ব শেষ কৰি ল’ৰা এটাৰ মাক হৈ সোমালো পুনেত। মোৰ কপাল ! ইয়াত মোৰ নামটো পর্যন্ত জানিবলৈ কোনো আগ্রহী নহয়। গৃহস্থৰ সহকর্মী তথা অন্যান্য সকলৰ বাবে মই হলো মিছেছ অমুকা। ওচৰ-চুবুৰীয়া মহিলা আৰু কেম্পাছৰ ল'ৰা-ছোৱালীয়ে মোক মাতে ‘জয়চা আই’ অর্থাৎ জয়ৰ মাক। ইংৰাজী কোৱাসকলে কয় Joy's mother. আমাৰ ইয়াত গাঁৱৰ মহিলাসকলে পৰস্পৰক অমুকৰ মাক তমুকৰ মাক বুলি মতা শুনো। পুনেৰ শিক্ষিত মহলতো একেটা সম্বোধন শুনি আচৰিত হৈছিলো। সঁচাকৈয়ে মই নিজৰ নামটোৱে পাহৰি গৈছিলো। মনত পৰিল পুনেত পাঁচটা বছৰ কটোৱাৰ পাছত যেতিয়া পি এইচ ডি কৰিবৰ উদ্দেশ্যে পুনে বিশ্ববিদ্যালয়ত নাম ৰেজেষ্ট্ৰি কৰিছিলো।

 ন বছৰ পুনেত কটোৱাৰ পাছত জয়চা আই আহি পালে কলকাতা। ইতিমধ্যে তেওঁ চল্লিশৰ ডেওনাখন পাৰ হৈ প্রৌঢ়ত্বৰ ফালে ধাৱমান। জয়চা আইৰ কি গতি হ’ল চোৱা যাওক। প্ৰথমফালে দোকানে বজাৰে মানুহে দিদি বুলি সম্বোধন কৰিছিল যদিও কেইবছৰমান পাছত বয়সৰ চাব পৰাত দিদিৰ পৰা প্ৰমোচন পাই হ'লো মাসীমা অর্থাৎ মাহীদেউ। ল’ৰাৰ সহপাঠীসকলে পুনেৰ ল’ৰাহঁতৰ দৰে জয়ৰ মা বুলি মতা নাছিল।তেওঁলোকেও মাসীমা বুলিছিল। অসমত মাহী হ’ল মাকৰ ভনীয়েক। অনাত্মীয়ৰ পক্ষে মাহী বা জেঠাই কোৱা এটা সমস্যা। জেঠাই বুলি মাতিলে মানুহজনীৰ খং উঠিব পাৰে— তাৰ মাকক মোতকৈ সৰু বুলি ভাবিছে নে কি? আনহাতে মাহী বুলি মাতিলে মাতোতাৰ মাকৰ খং উঠে— তই যে আমুকীক মাহী বুলি মাতিলি মোতকৈ তাই সৰু নেকি? এনেবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ আজিৰ অনেক ল’ৰা-ছোৱালীয়ে আণ্টি শব্দটো ব্যৱহাৰ কৰে। এটা কথা মন কৰিছো অধিকাংশ মহিলাই নাজানো কিয় নিজৰ বয়স লুকুৱাবলৈ ভাল পায়। সাধাৰণ সকলেই নহয়, অসাধাৰণৰো অনেকে। যি কি নহওক, বাঙালী সমাজত মাৰ বায়েক-ভনীয়েক সকলোৱে মাসীমা আৰু দেউতাৰ বায়েক-ভনীয়েক সকলোৱে পিসিমা। গতিকে আণ্টি শব্দটো

৩৬৪/ বাকীছোৱা জীৱন