পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৌ সিদিনালৈকে অচিনাকি মানুহবোৰ হেনো মোৰ পৰিয়াল। মোৰ আগতে পৰিচয় মচি এইখন ঘৰত সোমাইছে আন কেইগৰাকীমান বোৱাৰী। বেলেগ বেলেগ পৰিয়ালৰ পৰা অহা। আমিসকল হেনো বাই-ভনী, একেটা পৰিয়ালৰ সদস্য। মোৰ কিয় জানো আমিকেইজনীক গৰু যেন লাগিল। গৰাকী সলনি হৈ একেটা গোহালিলৈ আহিছো। এই গোহালিটোৱে বাকীছোৱা জীৱনৰ বাবে আমাৰ ঘৰ। তাকেই মানি লৈছিলো। পিছে বহু বছৰ পাছত আইন-আদালতৰ কথা জানিবলৈ সুযোগ পাই গম পালো বিবাহিতা নাৰীৰ ঘৰ নাই। তেওঁলোক আচলতে গৃহহীন গৃহিণীহে। স্বামীৰ মৃত্যু হলে ল’ৰা-ছোৱালীৰে সৈতে সমানে ভাগ কৰা ঘৰৰ এটা ভাগ বিধৱাগৰাকীয়ে পায়। সেই এটা ভাগ পাবলৈ কোনোবাই স্বামীৰ মৃত্যু কামনা কৰিব নে? নিশ্চয় নকৰে।

 আমি মাকৰ ঘৰ বুলি কওঁ যদিও আচলতে ঘৰ দেউতাকৰহে। বাংলা ভাষাত কিন্তু ‘বাপেৰ বাড়ি’ বুলিয়ে কয়। আইনে বাৰু এই অপমানজনক নিয়মটো কিয় কৰিলে। সঁচা কথা ক’বলৈ গ'লে কথাষাৰ জনাৰ পাছৰে পৰা ঘৰখনক মোৰ আপোন আপোন যেন নলগা হ’ল। আত্মসন্মানবোধ থকা মানুহৰ এই অনুভৱ হ'বই। কেতিয়াবা দকৈ ভাবো তেনেহ'লে ঘৰখনত গৃহিণীৰ(?) পদমৰ্যাদা কি? ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰা মানুহজনী তেনেহ'লে সহায়কাৰিণী নে? নাই নহয়, সহায়কাৰিণীয়ে দৰমহা পায়। মন গ'লেই কামটো এৰি ওলাই যাব পাৰে। গৃহিণী তেনেহ'লে কি? ক্ৰীতদাস? জন ষ্টুৱাৰ্ট মিলে (১৮০৬–৭৩) কাহানিবাই কোৱা কথাষাৰ যে বিবাহবোৰতে ক্ৰীতদাস প্ৰথা জীয়াই আছে, আজিৰ তাৰিখতো সঁচা।

 সদ্যহতে নাৰীবাদী কথাৰ পৰা আঁতৰি আহো। গৃহহীন গৃহিণী হোৱাৰ পাছত নিজৰ নামটোও পাহৰি যোৱাৰ অৱস্থা হৈছে৷ মই হ'লোগৈ কাৰোবাৰ জেঠী, কাৰোবাৰ খুৰী, কাৰোবাৰ বোৱাৰী। আমোদজনক কথাষাৰ হ’ল মই ধীৰে ধীৰে বাৰোৱাৰী খুৰীলৈ ৰূপান্তৰিত হলো। আমাৰ চুবুৰীয়া এগৰাকী বয়সীয়া মহিলাই মোক এদিন বাটত পাই সাবটি ধৰি সুধিলে, ‘খুৰী ভাল নে?’ মই আচৰিত। মূৰত চুলি সেৰেঙা বাবে ওচৰ-চুবুৰীয়াই ‘টকলা বুঢ়ী’ বুলি কোৱা মানুহগৰাকীৰ খুৰীয়েক যে কোনটো সম্পৰ্কত হ’লো তেওঁহে জানে। আমাৰ ৰসিক ভতিজা এজনে মোক কৈছিল, ‘আপুনি টকলা বুঢ়ীক ক'ব লাগিছিল— কি হে বৰজনাৰ জীয়েক কেনে আছা তুমি?'

 মনটো বেয়া লাগি গ'ল। টকলা বুঢ়ীয়ে নিয়ম মতে মোক নামকাঢ়ি মতা উচিত।

বাকীছোৱা জীৱন /৩৬৩