পৃষ্ঠা:অনিমা গুহ.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু সেই ধৰ্মটোৰ নাম যদি মানৱ ধৰ্ম হ'লহেঁতেন। পিছে মোৰ এই আশা দুৰাশাৰে নামান্তৰ।

 জয়-মনীষাৰ নানা দেশীয় বহু সহকৰ্মীৰ লগত চিনাকি হৈ তেওঁলোকক বেলেগ ঠাইৰ মানুহ যেনতো লগা নাই। মোৰ আটাইতকৈ ভাল লাগিছিল তাৰ্কি নামৰ দেশখনৰ পৰা অহা দম্পতীহালক। গৃহস্থ ছেভদেত নোৱান কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৃহিণী ফুছুন কোনোবা এখন কলেজৰ।

 স্কুলৰ তল শ্ৰেণীত এখন পাঠ্যপুথিত তাৰ্কিত গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা মুস্তাফা কামাল আতাতুৰ্কৰ বিষয়ে পঢ়িছিলো। ১২৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত অটোমেন সাম্ৰাজ্যখনৰ চুলতান সকলে কেইবা শতাব্দী ধৰি তাৰ্কিক শাসন কৰিছিল। এটা সময়ত কামাল আতাতুৰ্কৰ নেতৃত্বত তাত বিপ্লৱৰ সূত্ৰপাত হয় আৰু ১৯২৩ চনত ৰাজতন্ত্ৰক ওফৰাই তাৰ্কিত প্ৰতিষ্ঠিত হয় গণতন্ত্ৰ। তাৰ পাছত বিশাল সেই অটোমেন সাম্ৰাজ্যৰ ভাগ্য চুৰমাৰ হ’ল আধুনিকতাৰ বতাহ এছাটিৰ খুন্দাত। আধুনিক তাৰ্কিৰ মুক্ত পৰিৱেশত ডাঙৰ হোৱা অধ্যাপক নোৱানৰ লগত আমাৰ গৃহস্থৰ সম্পৰ্ক বৰ ঘনিষ্ঠ হৈছিল। নোৱান গোমোঠামুখীয়া অধ্যাপক নহয়। জয়ক কৈছিল বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ক তেওঁৰ চাবৰ মন। জয়ে ঐশ্বৰ্যই অভিনয় কৰা চিনেমা এখনৰ চি ডিত বিশ্বসুন্দৰীক দেখুৱাইছিল। নোৱানৰ মতে তেওঁৰ পত্নী ফুছুন হেনো বেছি ধুনীয়া, অৱশ্যে ৰসিকতা কৰিয়ে কৈছিল। পিছে ফুছুন সঁচাকৈয়ে ৰূপৱতী।

 আমি তাত থাকোতেই বাতৰি কাকতত পঢ়িছিলো অটোমেন সাম্ৰাজ্যৰ শেষ উত্তৰাধিকাৰী হিজ ইম্পিৰিয়েল হাইনেছ প্ৰিন্স আৰটুগ্ৰুল ওছমানৰ ৯৭ বছৰ বয়সত তাৰ্কিৰ মাটিত মৃত্যু হয়। কামাল আতাতুৰ্কে যেতিয়া ৰাজবংশৰ সকলো পুৰুষ-নাৰীক তাৰ্কিৰ পৰা বহিষ্কাৰ কৰে তেতিয়া ওছমান ভিয়েনাত স্কুলৰ ছাত্ৰ। ওৰে জীৱনটো তেওঁ কটাইছিল নিউয়ৰ্কৰ মেনহাটনত এটা দুকোঠীয়া এপাৰ্টমেন্টত। কিন্তু সুদীৰ্ঘকাল বাস কৰিও তেওঁ আমেৰিকাৰ নাগৰিকত্ব লোৱা নাছিল, তাৰ্কিৰ নাগৰিক হৈয়ে থাকিল। তেওঁ আছিল আধুনিকমনস্ক। গতিকে ৰাজতন্ত্ৰৰ ঠাইত তাৰ্কিত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাক আদৰণি জনাইছে। তেওঁ বাৰু মনে মনে ভৱা নাছিল নে যে তাৰ্কিৰ চুলতান হৈ থকা হ'লে ২৮৫ টা কোঠাৰ দোলমাবাহছে ৰাজপ্ৰাসাদত মহা আৰামত জীৱনটো কটাব পাৰিলেহেঁতেন। জীৱনৰ প্ৰথম দহ-এঘাৰটা বছৰ তেওঁ ৰাজপুত্ৰ হিচাপে তাতেই কটাইছে। জয়হঁতৰ তাত লগ পোৱা তাৰ্কিৰ দম্পতীহালৰ বয়স কম, তেওঁলোকৰ জন্ম গণতান্ত্ৰিক তাৰ্কিত, গতিকে দুৰ্দান্ত আধুনিকমনস্ক ব্যক্তি।

৩৬০/ বাকীছোৱা জীৱন