পৃষ্ঠা:অনিমা গুহ.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নকৈ শ্বাইলক নামৰ সাউদ এজন বুলি ক'লে কি ক্ষতি আছিল। মিছাকৈয়ে বহুদিনলৈ জাতিটোৰ প্ৰতিয়ে এটা ভাল ধাৰণা পোষণ কৰিব পৰা নাছিলো। ঋষভৰ বুদ্ধিমান আৰু মৰমলগা ইহুদী বন্ধুটোক দেখি মোৰ পুৰণি কথাবোৰ মনত পৰিছিল।

 অনুভৱৰ আটাইতকৈ অন্তৰংগ বন্ধুজন আছিল পাকিস্তানী, নাজানো এতিয়াও সেই বন্ধুত্ব আগৰ দৰে আছে নে নাই। সিহঁত মাজে মাজে ইজনে সিজনৰ ঘৰত ৰাতি কটাইছিল। সিহঁতৰ অন্তৰংগতাৰ ঘাই কাৰণ দুয়ো পশুপ্ৰেমী। পশু-পক্ষীৰ লগত চিনাকি হ'বলৈ, সিহঁতক ভাল পাবলৈ নানা ধৰণৰ জন্তু স্কুল কৰ্তৃপক্ষই মাজে মাজে আনে। দুয়োটা নাতিয়ে অজগৰৰ গাত হাত বুলাই মৰম কৰিছে বুলি শুনি মোৰ গা জিকাৰ খাই উঠিছিল। সাপৰ পিঠিতো কোনোবাই হাত বুলায় নে? অনুভৱে ঘৰতে পুহিছিল তিনিবিধমান গেকো অৰ্থাৎ ডাঙৰ ডাঙৰ জেঠি পোক যেন প্ৰাণী। এইবোৰ দোকানতে কিনিবলৈ পোৱা যায়; সিহঁতৰ বাবে সজা, বিভিন্ন ধৰণৰ খাদ্য আদিও দোকানতে পাব পাৰি। পুহিব পৰা সকলো ধৰণৰ জীৱ জন্তু দোকানতে বিক্ৰী হয়। চেৰাবলিয়া আমেৰিকানসকলে নিগনিও পোহে। অনুভৱৰ বন্ধুজনৰ ঘৰত হেনো পুহিছে বাইশবিধ প্ৰাণী। তাৰে ভিতৰত আছে এডাল সাপ। ইমানবোৰ পশু-পক্ষী পুহিলেই নহ’ব, চোৱাচিতা কৰিবলৈ মানুহো লাগিব। সিহঁতৰ হেনো যৌথ পৰিয়াল। মাক-দেউতাক দুয়ো ডাক্তৰ। আমেৰিকাৰ ডাক্তৰসকল বৰ চহকী। গতিকে জন্তু পোহা টান কাম নাছিল।

 এইবোৰ কথা শুনি আমাৰ আত্মীয় এজনে কৈছিল অনুভৱে যেন পাকিস্তানীৰ সংগ ত্যাগ কৰে। কাৰণ সিহঁতৰ বিশ্বাস নাই। নিজৰ দেশত ভাৰত-পাকিস্তানৰ মাজত মিত্ৰতাৰ অভাৱ আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত কূটাঘাতমূলক কাম-কাজ চলাই থকা বাবে আমি ধাৰণা কৰো এই দুখন দেশৰ মানুহৰ মাজত বন্ধুত্ব হ’ব নোৱাৰে। অথচ বাহিৰত ভাৰতীয় উপমহাদেশৰ মানুহৰ মাজত কোনো বৈৰী ভাব নাই। অনুভৱ আৰু তাৰ বন্ধু দুয়ো জন্মসূত্ৰে আমেৰিকান, গতিকে সিহঁতৰ ককাদেউতাকৰ দেশৰ শত্ৰুতাই সিহঁতক নোচোৱে।

 নাতিহঁতৰ যোগেদি নানা ধৰ্ম, নানা জাতি, নানা দেশৰ মানুহক পালো। একেদৰে ল’ৰা-বোৱাৰীৰ সহকৰ্মী, বন্ধু-বান্ধৱ আদিও বিভিন্ন দেশৰ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ। পৰস্পৰৰ লগত সৌহাৰ্দমূলক সম্পৰ্কই মনত জগায় বিশ্বভ্ৰাতৃত্ববোধ, যাৰ ফলত বিশ্বত শান্তি স্থাপিত হোৱা সম্ভৱ বুলি ভাবো। এটা কথা মন কৰিছো ধৰ্মই পৰস্পৰৰ মাজত বিভেদৰ সৃষ্টি কৰে। পৃথিৱীখন যদি এটা ধৰ্মৰ অধীন হ'লহেঁতেন!

বাকীছোৱা জীৱন /৩৫৯