পৃষ্ঠা:অনিমা গুহ.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এফালে পোৱালি ৰকষ্টাৰে নাচি নাচি গীটাৰ বজায় বা পিয়ানোত সুৰৰ মুৰ্ছনা তোলে— মোজাৰ্ট, বিথোফেন, দেবুছি আৰু কিবাকিবি। আন এটা কোঠাত ঋষভে কিবা এটা বিষয় উত্থাপন কৰি মাকৰ লগত তৰ্কযুদ্ধত অৱতীৰ্ণ হয়। সি এজন ভাল তাৰ্কিক। স্কুল টীমৰ লগত তৰ্কযুদ্ধ কৰিবলৈ নানা ঠাইলৈ গৈছে— কেতিয়াবা জিকিছে, কেতিয়াবা হাৰিছে। মাকো তাৰ্কিক।

 ল’ৰা-বোৱাৰী-নাতিহঁতক লৈ একেলগে বাস কৰাৰ এক সুকীয়া আনন্দ আছে। সেই আনন্দৰ পৰা বঞ্চিত হৈ আমি দুয়ো বুঢ়া-বুঢ়ী গুৱাহাটীৰ ঘৰত সেই স্মৃতি পাগুলি থাকো। নাতিহঁতেও আমাক সিহঁতৰ লগত থাকিবলৈ কয়। পিছে গুৱাহাটীত আমাৰ এটা নিজস্ব জীৱন আছে যিটো এৰি সুদূৰ বিদেশত থকাটো কষ্টকৰ। দুই নাৱত দুই ভৰি যেন অৱস্থা।

 মানুহ মোৰ প্ৰিয় বিষয়। প্ৰতিজন মানুহ স্বতন্ত্ৰ হৈ-ও মানুহ প্ৰজাতিটো মূলতঃ একেই। ধৰ্ম, ভৌগলিক অৱস্থান, ভাষা আদিয়ে মানুহক পৰস্পৰৰ পৰা দূৰতৈ ৰাখিছে। গৃহস্থৰ কৰ্মসূত্ৰে ভাৰতৰ বিভিন্ন ঠাইত দেশ-বিদেশৰ মানুহক লগ পোৱাৰ সুযোগ পাইছিলো; ল’ৰা-বোৱাৰী নাতিহঁতৰ সান্নিধ্যই আন বহু দেশৰ মানুহক লগ পোৱাৰ ক্ষেত্ৰখন বহল কৰিলে।

 বামুণ আৰু ক্ষত্ৰিয়সকলৰ উপনয়ন আৰু ইছলামধৰ্মী সকলৰ ছুন্নত অনুষ্ঠানৰ দৰে ইহুদীসকলেও এটা ধৰ্মীয় নিয়ম পালন কৰে। ঋষভৰ ইহুদী বন্ধুৰ বাবে অনুষ্ঠিত এনে এটা উৎসৱত যোগ দিবলৈ সিহঁতক নিমন্ত্ৰণ কৰিছিল আৰু গাইপতি একোটাকৈ মূৰৰ ওপৰ অংশ ঢাকিব পৰা বিশেষ ধৰণৰ ইহুদী টুপী উপহাৰ দিছিল। ঋষভে সেই টুপীটো আনি ককাকক পিন্ধাই দিছে।

 ইহুদী বা Jew নামৰ যে এটা জনগোষ্ঠী আছে সৰুতে শ্বেইক্সপিয়াৰৰ ‘মাৰ্চেণ্ট অব্ ভেনিচ’ নাটকত ‘শ্বাইলক দ্য জ্যু’ চৰিত্ৰটোৰ উল্লেখ পাই জানিছিলো। এই সাউদজন বৰ কঠুৱা স্বভাৱৰ আছিল আৰু আছিল সুত পিশাচ। ধাৰণা কৰিছিলো ইহুদী মাত্ৰেই দয়ামায়াহীন হয়। শ্বাইলকৰ বাহিৰে আন কোনো ইহুদীৰ বিষয়ে বহু দিনলৈ শুনা নাছিলো। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁলোকৰ কথা ঘনাই কাণত পৰিছিল। হিটলাৰে এই জাতিটোক বিশ্বৰ বুকুৰ পৰা উৎখাত কৰিবলৈ লাখে লাখে ইউৰোপবাসী ইহুদীক গেছ চেম্বাৰত ভৰাই নিধন কৰে। এইবোৰ সকলোৱে জনা কথা। যি কি নহওক, তেওঁলোকৰ প্ৰতি থকা ভুল ধাৰণা উঠাই লৈ সেই ঠাই পূৰণ কৰিছিলো স্নেহ, সহানুভূতি আৰু সহমৰ্মিতাৰে। শ্বেইক্সপিয়াৰে শ্বাইলকক ‘জ্যু’ বুলি

৩৫৮/ বাকীছোৱা জীৱন