পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্ববিদ্যালয়ৰ শিক্ষাৰম্ভৰ দৰে নাভূত-নাশ্ৰুত কথাষাৰ মই কটন কলেজিয়েট উচ্চতৰ মাধ্যমিৰ স্কুলৰ বিষয় শিক্ষয়িত্রী মঞ্জুলাক কৈছিলো। তেওঁ ক'লে এজন অসমীয়া ডেকাই আমেৰিকালৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈ হেনো প্রথম তিনি মাহ উপন্যাস পঢ়িলে। মানে পঢ়াটো আছিল বাধ্যতামূলক। মানুহৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিবলৈ, তেওঁলোকক ভালদৰে বুজিবলৈ উপন্যাস পাঠ হেনো কৰিবই লাগে। কাৰণ অভিযন্তা হৈ তেওঁ আলিবাট বন্ধা, দলং বন্ধা আদি যি কামেই কৰিব সেইবোৰ মানুহৰ সুবিধাৰ বাবে। গতিকে কামবোৰ যান্ত্ৰিকভাৱে নহয় অনুভূতি মিহলাই কৰিব লাগে।

 আমেৰিকাৰ স্কুলত ইউনিফর্ম পোছাকৰ প্ৰচলন নাই। একে ধৰণৰ পোছাক পৰিধান কৰা সকলৰ হেনো ব্যাক্তিত্বৰ বিকাশ নহয়। প্ৰতিটো শিশু যে স্বতন্ত্র তাক হৃদয়ংগম কৰিবলৈ হ’লে সিহঁতক হেনো সিহঁতৰ ইচ্ছামতে বিচৰণ কৰিবলৈ এৰি দিব লাগে। সেইবুলি জহন্নামে যাবলৈ দিয়া শিক্ষকৰ উদ্দেশ্য নহয়। মই কোনো দিনে নাতিহঁতক ইস্ত্ৰি কৰা কাপোৰ পিন্ধি স্কুললৈ যোৱা দেখা নাই।

 আমেৰিকাত মাক-দেউতাকে সন্তানক যদি নির্দয়ভাৱে অতিৰিক্ত শাসন কৰে বা সিহঁতৰ ওপৰত নির্যাতন চলায় তেনেহ'লে সেই শিশুসকলক তেওঁলোকৰ পৰা আঁতৰাই লৈ গৈ তোলনীয়া মাক-দেউতাকৰ (Foster parent) অধীনত ৰাখে।

 সৰু নাতি অনুভৱৰ গুৰু আৰু আদৰ্শ তাতকৈ তিনি বছৰে ডাঙৰ ককায়েক ঋষভ। তাৰ এটা নিজস্ব সত্তাও আছে। বাহিৰা জ্ঞানৰ কিতাপ পঢ়িবলৈ যদিও ভাল পায় সি ককায়েকৰ দৰে গ্ৰন্থকীট নহয়। ককায়েকৰ দৰে বেহেলাখন বজাব লাগে বাবেই সি নবজায়, সংগীতৰ প্ৰতি সি অনুৰক্ত। আমাৰ পুত্ৰও সংগীতানুৰাগী। সৰুটো পুতেকক প্ৰথমতে ৰাছিয়ান গাভৰু এজনীৰ তত্ত্বাৱধানত ঘৰতে পিয়ানো শিকোৱা হৈছিল। আৰু গীটাৰ শিকিছিল গানৰ স্কুলত। পাছত তাক পিয়ানোৰ স্কুলত ভৰ্তি কৰি দিয়া হয়। বর্তমান সি নানা ঠাইত বজাই ফুৰে। নিউয়র্ক মহানগৰীতো নামকৰা হলত কণ কণ ল’ৰাবোৰে শ্বো কৰি সুনাম অর্জন কৰিছে। আমি ইনটাৰনেটত সেই শ্বো দেখিলো। পুতেকৰ সাফল্যত গর্বিত দেউতাকে আমালৈ এখন চি ডি কৰি পঠাইছে। অনুভৱৰ এসময়ত ইচ্ছা আছিল ৰকষ্টাৰ হোৱাৰ। ইফালে ডাক্তৰ হোৱাৰো চখ। পঢ়াশুনাত সি ভাল। এতিয়া ভবিষ্যতে কি কৰে ভৱিতব্যইহে জানে।

 দিনটো জয়হঁতৰ ঘৰখন নিমাও-মাও হৈ থাকে, আবেলি আটায়ে নিজ নিজ কামৰ পৰা উভতি অহাৰ পাছত কিছুসময় এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

বাকীছোৱা জীৱন /৩৫৭