পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ট্ৰেফিক বন্ধ হৈ যায়। দুৰ্ঘটনাত যাতে কোনো ছাত্ৰ-ছাত্ৰী আহত বা নিহত নহয় তাৰ বাবে এই সতৰ্কতা।

 কিতাপৰ দোকানত দেখিছো শিশু সকলৰ অবাধ স্বাধীনতা। বাৰ্নছ এণ্ড ন’ব্লছ নামৰ বিখ্যাত কিতাপৰ দোকানত দেখিছিলো এখোজ দুখোজ খোজ কাঢ়িব পৰা শিশুৰ বাবেও আবেষ্টনীৰ মাজত কিতাপৰ ব্যৱস্থা। ফালিব নোৱৰা প্লাচটিক জাতীয় কাগজত ছপা হয় সিহঁতলৈ কিতাপ। সেই কিতাপৰ লগত সজাই ৰাখে খেলিবলৈ নানা ধৰণৰ খেলনা। সেইবোৰ কণমানি বোৰে টানি-টুনি গছকি তহিলং কৰে। দোকানীৰ ভ্ৰক্ষেপ নাই। অবাধ স্বাধীনতা। স্বাধীনচিতীয়া নাগৰিক তৈয়াৰ কৰে এইদৰে।

 মোৰ নাতিহঁতৰ স্কুল দেখি আমাৰ দেশৰ স্কুলবোৰৰ অৱস্থাৰ কথা সিহঁতক কৈছিলো, বিশেষকৈ দুৰ্দশাৰ কথা। কিছুমান স্কুলৰ দুৱাৰ-খিৰিকী নাই, কিছুমানৰ বেৰেই নাই, চালখনো ফুটা।

 আমাৰ সৰুটো নাতিৰ বয়স তেতিয়া পাঁচ বছৰ। সি তাৰ খেলনা বেংকত খুচুৰা পইচা জমায়। এদিন বেংকৰ পৰা পইচাবোৰ উলিয়াই মোনা এখনত ভৰাই মোক দি কৈছিল অসমৰ স্কুলবোৰ এই টকাৰে মেৰামতি কৰাবলৈ। তাৰ উদাৰতা দেখি মই গৌৰৱবোধ কৰিছিলো। মাকে সেই খুচুৰা পইচাখিনি বেংকত দি বিনিময়ত নোট লৈ আহিছিল। মই গুৱাহাটীত ডলাৰৰ নোটকেইখন ভঙাই দুহেজাৰ ভাৰতীয় টকা পাই জালুকবাৰী শিশু সদনত অনুভৱৰ নামত দি আহিছো। ডাঙৰটো নাতি ঋষভৰ তেতিয়া আঠ বছৰ বয়স। সি মোক কৈছিল আমেৰিকাৰ প্ৰেছিডেণ্টক লগ ধৰি অসমৰ ভগা-ছিগা স্কুলবোৰ মেৰামতি কৰিবলৈ কিছু সহায় আনিবলৈ। সেই সময়ত বোধকৰো আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল বুশ্ব (সৰু গৰাকী বুশ্ব)। মোৰ ধাৰণা সিহঁতক স্কুলতে বোধকৰো দান কৰিবলৈ শিকোৱা হয়। কিয়নো সিহঁতক কিবা দিব খুজিলেই কয়, ‘আমাৰ আছে, তুমি charity কৰা'। সেইখন দেশত হেনো কোৱা হয় ‘তোমাৰ উপাৰ্জনৰ টকা আটাইখিনি তোমাৰ নহয়, এটা অংশ দান কৰিবা'।

 আমেৰিকাৰ দাতাসকলৰ ভিতৰত প্ৰথমেই মনত পৰে মাইক্ৰ'ছফটৰ গৰাকী বিল গেট্ছৰ নাম। তেওঁ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে পৃথিবীৰ মংগলাৰ্থে, বিশেষকৈ পিছ পৰা দেশবোৰৰ বাবে। তেওঁ আৰু তেওঁৰ পত্নী মিলিন্দা গেট্ছে তেওঁলোকৰ সম্পত্তিৰ আধামান জনহিতকৰ কামত ব্যয় কৰে। পৃথিবীৰ পৰা পলিঅ' নিৰ্মূল কৰিবলৈ কিমান অৰ্থ তেওঁলোকে ব্যয় কৰি আছে তাৰ হিচাপ হয়তো

৩৫৪/ বাকীছোৱা জীৱন