পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ অনু পৰিয়াল : ইতিহাসবিদ, সমাজবিজ্ঞানী, গৱেষক, সাহিত্যিক আৰু কবি হিচাপে খ্যাত আমাৰ গৃহস্থ অধ্যাপক অমলেন্দু গুহ, আমাৰ পুত্ৰ সুপ্রতীক (জয়), বোৱাৰী মনীষা আৰু দুই নাতি ঋষভ-অনুভৱৰে আমাৰ অণু পৰিয়াল গঠিত। পুত্র-বোৱাৰীৰ কথা ইতিমধ্যে বিভিন্ন প্রসংগত উল্লেখ কৰিছো। কোৱা হৈছে পুত্র জয় আৰু বোৱাৰী মনীষা অগাপিছাকৈ খড়গপুৰ আই আই টিৰ পৰা ওলাই উচ্চ শিক্ষার্থে আমেৰিকালৈ গৈছিল ৷ দুয়ো ইউনিভাৰচিটি অব্ চাদাৰ্ন। কেলিফ’ৰ্নিয়াৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰি আমেৰিকাৰ পূৱ উপকূললৈ চাকৰি কৰিবলৈ আহে। মনীষা সোমালে ফিলিপচ্ কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হৈ আৰু জয় গ’ল মিনিয়া পলিচৰ 3M কোম্পানীৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট বিভাগত বিজ্ঞানী হিচাপে ৷ দুবছৰমান পিছত জয় আহিল নিউয়র্ক ষ্টেটত অৱস্থিত আই বি এম কোম্পানীলৈ। বর্তমান তেওঁ কোম্পানীটোৰ এটা বিভাগৰ সঞ্চালক। পিছে ল’ৰাৰ দেহত আছে শিক্ষকৰ তেজ। দেউতাক শিক্ষক, ককাদেউতাক শিক্ষক। তাৰো ইচ্ছা আছিল শিক্ষকতা কৰা।কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ আহিছিল। পিছে বিয়া বাৰু কৰাই সংসাৰ পাতিলে মানুহে কেতিয়াবা স্বাধীনতা বিসর্জন দিবলগীয়া হয়। তাৰ বিয়াও পতা হৈছিল আজিকালিৰ তুলনাত কম বয়সত। আমেৰিকাত আত্মীয়-আপোনজনহীন পৰিবেশত অকলশৰে জীৱন কটোৱা কষ্টকৰ। নিজে পছন্দ কৰা বিয়া ঠিকেই হৈ আছিল। মনীষা বি টেক পাছ কৰি আমেৰিকালৈ উচ্চ শিক্ষার্থে যোৱাৰ এবছৰৰ পাছতে দুয়ো পি এইচ ডিৰ ছাত্ৰ হৈ থাকোতে তেওঁলোকৰ বিয়া পাতি দিয়া হৈছিল। ডিগ্রী লাভ কৰাৰ পাছত কম বয়সতে তেওঁলোক পিতৃ-মাতৃও হয়৷

 বিচাৰি বিচাৰি ভাল স্কুলত সন্তানক ভর্তি কৰোৱাৰ পাছত মাক-দেউতাকে সহজতে আন ঠাইলৈ চাকৰি সলনি কৰি যোৱাত হয় কিছু অসুবিধা। আন এটা সমস্যা পতি-পত্নী দুয়ো পছন্দমতে একে বিশ্ববিদ্যালয়ত নহ'লেও ওচৰা-ওচাৰিকৈ কাম পাব লাগিব। স্বামী-স্ত্রী দুয়ো বেলেগ বেলেগ ঠাইত থাকি কাম কৰাৰ উদাহৰণ নোহোৱা নহয়। পিছে ল'ৰা-বোৱাৰী দুয়ো নিজ নিজ পদত সুপ্রতিষ্ঠিত। তদুপৰি জয়ে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সপ্তাহত এদিন অবৈতনিক অধ্যাপক হিচাপে পঢ়ায়। মনীষায়ো এটা ইঞ্জিনিয়াৰিং ইনষ্টিটিউতত পঢ়াইছিল। কিছুদিন কৰাৰ পাছত এৰি দিছে। আচল চাকৰিটো কৰি নিউয়ৰ্ক চিটিলৈ গৈ ক্লাছ লৈ উভতি আহে মানে ভালেখিনে ৰাতি হয়। ঘৰত ল’ৰা দুটাৰ পঢ়া শুনাৰ খা-খবৰ ঘাইকৈ মনীষাই

৩৫২/ বাকীছোৱা জীৱন