পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নকৰিলেও একেটা যৌথ পৰিয়ালৰ বুলি কোৱা হয়। ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম নাথাকে। মোৰ দৃষ্টিত মোৰ ভনীহঁতৰ অণু পৰিয়ালবোৰো মোৰ যৌথ পৰিয়ালৰ সদস্য।

 মোৰ সংজ্ঞাত কেৱল বাই-ভনীয়ে নহয় মোৰ অনেক অতি আপোনজন, যাৰ সৈতে হয়তো তেজৰ সম্পৰ্ক নাই, তেওঁলোকো মোৰ পৰিয়ালভুক্ত। মই কেনেকৈ ক’ম সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ-মুকুল কলিতা, মঞ্জুলা আৰু তেওঁৰ পুত্ৰ কন্যা ভাস্কৰ-জিঞ্জি, তেওঁৰ পালিতা কন্যা ৰীমা-ববিতা, জুনু বৰা-নৰেন বৰা মোৰ পৰিয়ালৰ কোনো নহয় বুলি। মঞ্জুলাই তেওঁৰ গাঁঠিৰ ধন খৰচ কৰি মোৰ ‘সোঁতৰ বিপৰীতে’ নামৰ কিতাপখন প্ৰকাশ কৰি মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছিল। মই ক’ব পাৰো নে কুমুদ ৰঞ্জন দাস, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, অলক আৰু ৰাজীৱ অধিকাৰী ভ্ৰাতৃদ্বয়, ৰাজেন্দ্ৰ আৰু সৰিতা খেতোৱাত, খগেন শৰ্মা, হেমন্ত বৰ্মন-সম্প্ৰীতি মোৰ পৰিয়ালৰ কোনো নহয়। সুখে-দুখে তেওঁলোক আমাৰ কাষত থিয় দিয়েহি। আন অনেকৰ নাম হয়তো থাকি গ'ল। অনেকে ক’ব পাৰে তেওঁলোকক পৰিয়াল নহয় বন্ধু বুলি ক'ব পাৰি। কিন্তু বন্ধুত্ব হয় সমবয়সাৰ লগত। এওঁলোক আটায়ে মোৰ পুত্ৰ-কন্যা সম।

 মইনো কেনেকৈ কওঁ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ দক্ষিণ গুৱাহাটী শাখাত কৰ্মৰত শ্যামন্ত কোঁৱৰ, সঞ্জয় চক্ৰৱৰ্তী, সুৰজিত বৰুৱা — যি তিনিজনক মই ‘থ্ৰী এছ’ বুলি কওঁ মোৰ আপোন নহয় বুলি। আমাৰ সাহায্যকাৰিণী সুৰো দেৱীৰ লগত সাধাৰণতে বেঙ্কলৈ যাওঁ। উভতি আহি সুৰোই গৃহস্থক কয়, ‘মাহী বেংকত সোমাই থম থম মদন গোপাল হৈ বহি থাকে। সকলো কাম কৰি দিয়ে বেংকৰ মানুহে'। সঁচাই ভাবো এওঁলোক বদলি হৈ গ'লে মোৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। একেদৰে ইউ বি আই বেংকতো আছে মোৰ আপোনজন। তাতো বহি থাকো বিগ্ৰহটোৰ দৰে। দুদুলমণি শৰ্মা আৰু ৰুমা গোস্বামী থাকোতে কিহৰ চিন্তা? আন এজন আছিল দীপংকৰ খাওন্দ। তেওঁ বদলি হৈ গৈছে। ৰুমা আকৌ আমাৰ সহপাঠী ফুচুৰি গোঁসাই অৰ্থাৎ নৰেণ গোস্বামীৰ জীয়ৰী। আৰ্য হাস্পাতালৰ এম ডি ডাঃ বিজয়া গোস্বামী, অনিল শৰ্মা মোৰ আপোন নহয় নে? আপোন নহয় নে গল্পকাৰ প্ৰণৱজ্যোতি ডেকা আৰু তেওঁৰ পত্নী গীতা?

 মোৰ নিজস্ব সংজ্ঞা মতে মোৰ বৃহত্তৰ পৰিয়ালৰ সদস্য সংখ্যা অনেক।

বাকীছোৱা জীৱন / ৩৫১