পৃষ্ঠা:অনিমা গুহ.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা সকলো চাইচিতি ১৮৪২ চনত আৱিষ্কাৰকৰ সন্মান যচা হ’ল শ্বাৰ্লটনক। মোৰ মনলৈ আহিল কামৰূপত প্ৰচলিত ফকৰা এষাৰলৈ — হাপায় আনলাক তিৰী, শিয়াল ওপৰতে হ’ল গিৰী।

 বেচেৰা বিছা গাম। ৰবাৰ্ট ব্ৰুছৰ লগত তেৱেঁ প্ৰথম চিনাকি কৰি দিছিল চাহ গছ। চিংফৌসকলে চাহ খোৱাৰ কথা তেৱেঁই কৈছিল ব্ৰুছক। কিন্তু বিছাগাম জনসাধাৰণৰ স্মৃতিৰ পৰা আঁতৰি গ'ল। অসমীয়া জাতীয়তাবাদৰ উত্থানৰ যুগত বেণুধৰ শৰ্মায়ো চাহ গছৰ সৈতে চিনাকি কৰাই দিয়া সন্মানটো বম বিছা গামক নহয়, মণিৰাম দেৱানকহে দিব খুজিছিল। অৱশেষত ঐতিহাসিক অনুসন্ধানে বম বিছা গামক তেওঁৰ প্ৰাপ্য সন্মান যাচিলে। পৰিতাপৰ কথা যে তেওঁৰ কোনো প্ৰতিকৃতি পোৱা নগ’ল। আনহাতে অৰুণোদয়ৰ পাতত পোৱা গ'ল চাহ খেতিৰ বিকাশত বৰঙণি যোগোৱা আন এগৰাকী চিংফৌ জনগোষ্ঠীভুক্ত ব্যক্তিৰ প্ৰতিকৃতি, যাৰ নাম নংগুলা। এওঁৰ বিষয়ে লিখিত আছে আছাম চাহ কোম্পানীৰ (প্ৰতিষ্ঠা ১৮৩৯ চন) ইতিহাসত।

 অসমত ব্যাপকভাৱে চাহ খেতিৰ প্ৰচলন, সম্ভৱ হৈছে আন্তৰ্জাতিক সহযোগিতাৰ ফলত। এই খেতিৰ সৈতে জড়িত আছিল চিংফৌ, ব্ৰিটিছ, থলুৱা মানুহ আৰু চীনাসকল। গুৰিতে চীনাসকলে জন আৰু অজনজাতীয় থলুৱা মানুহক চাহ পাত প্ৰচেছিং কৰিবলৈ শিকাইছিল। চীনাসকল আছিল বৰ উৎপতীয়া আৰু তেওঁলোকৰ টকাৰ চাহিদাও আছিল অধিক। ১৮৪৩ চনৰ ভিতৰতে আছাম কোম্পানীয়ে তেওঁলোকক বিদায় দিয়ে।

 ১৮৬০ চনৰ আগলৈকে আন আন ৰাজ্যৰ পৰা ব্যাপকভাৱে চাহ শ্ৰমিক সংগ্ৰহ কৰাৰ কোনো সফল ব্যৱস্থা নাছিল। থলুৱা শ্ৰমিকসকলে, ঘাইকৈ দৰং আৰু উত্তৰ কামৰূপৰ পৰা সংগৃহীত কছাৰী পুৰুষ শ্ৰমিকৰ দ্বাৰাই বাগিচাৰ কাম চলাইছিল। ১৮৬০ৰ পাছত ব্যাপক হাৰত পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আনকি মাদ্ৰাছ-বম্বেৰ পৰাও হেজাৰে হেজাৰে শ্ৰমিক সংগ্ৰহৰ কাম আগবাঢ়িছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে। নিজ নিজ ৰাজ্যত দুখ-দুৰ্দশাৰ মাজেৰে জীৱন অতিবাহিত কৰা এইসকল শ্ৰমিকৰ অন্তৰাত্মাই গাইছিল – চল মিনি আছাম যাব, দেছে বৰ দুখৰে...।

 সুখৰ আশাত মাংৰা-মুংৰী-মিনিহঁতে গৃহ ত্যাগ কৰি সুখ পালে নে? তেওঁলোকৰ অৱস্থা আছিল ক্ৰীতদাস সদৃশ। অৱস্থাৰ আজিও উন্নতি হোৱা নাই। আজিও দেওবৰীয়া ছুটীৰ দিনত তেওঁলোকে মজুৰি নাপায়। মহিলাসকলৰ অধিকাংশই অস্থায়ী, যাক

বাকীছোৱা জীৱন /৩৪৯