পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰণে পৰিধান কৰা হয়।

 আমাক বিদায় দিবৰ সময়ত ৰজাৰ খুৰীয়েক গুদুং চিংফৌৱে আমাৰ দীৰ্ঘ জীৱন কামনা কৰি ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা জনালে। আমি তেওঁলোকৰ আতিথ্যত অভিভূত। ভাৰতত চাহ খেতিৰ গুৰিৰ ব্যক্তি বম বিছা গামৰ উত্তৰ পুৰুষসকলে বাস কৰা অঞ্চলটোৰ দুৰৱস্থা দেখি ম্ৰিয়মান হৈ পৰিছিলো। বাটৰ দুয়োকাযে মাইলৰ পাছত মাইল জোৰা চাহ বাগিচাবোৰলৈ চাই ভাবিছিলো এই খেতিবোৰ হ’ব লাগিছিল কাৰ হ’ল কাৰ। এয়েই হয় কিছুমানৰ কপালত। আনকি ব্ৰিটিছক চাহ গছৰে চিনাকি কৰি দিয়াৰ গৌৰৱো বম বিছা গামে পোৱা নাছিল। কিয় নাপালে সেই ইতিহাসত এভূমুকি মৰা যাওক। তাৰ আগতে আন এজন দুৰ্ভগীয়াৰ কথা কৈ লওঁ।

 বিশ্বই জানে ইউৰোপৰ পৰা ভাৰতলৈ অহা সমুদ্ৰ পথ আৱিষ্কাৰ কৰিছিল ভাস্কো-ডা-গামাই। কিন্তু দুজনমান গৱেষকৰ বাহিৰে আন কোনেও নাজানে যে আফ্ৰিকাৰ উপকূলৰ পৰা বাট দেখুৱাই আনিছিল এজন আৰৱ নাগৰিকে। ইয়াকেই বোধহয় কোৱা হয় কপাল।

 চিংফৌ জনগোষ্ঠীটোৰ আদি বাসভূমি আছিল ম্যানমাৰৰ হুৱাকাং উপত্যকলৈকে বিস্তৃত পাটকাই পৰ্বতমালাৰ দক্ষিণৰ এঢলীয়া অঞ্চলত। বৰ্তমানে তেওঁলোকৰ বাসভূমি মাৰ্ঘেৰিটাৰ ফালে অসম-অৰুণাচল সীমাৰ দুয়োপাৰে আৰু দক্ষিণ-চীনৰ ইউনান প্ৰদেশত। এওঁলোক ঘাইকৈ বাৰটা গাম বা গোষ্ঠীত বিভক্ত। গাম প্ৰধানসকলৰ ভিতৰত বিছাগাম, দাফা গাম, ছাতুগাম আৰু লাট্টোৰা গামেই আছিল সবাতোকৈ প্ৰতিপত্তিশালী।

 চিংফৌ প্ৰধানসকলৰ ভিতৰত বম বিছা গামৰ দূৰদৰ্শিতা আৰু বিচক্ষণতা আছিল অসাধাৰণ। তদুপৰি তেওঁ আছিল বিপুল ক্ষমতাৰ অধিকাৰী। ব্ৰহ্মদেশ চৰকাৰে বম বিছা গামক ‘ছাৱবৱা’ উপাধি প্ৰদান কৰি সোণৰ ছাতি এটা উপহাৰ দিছিল।

 বম বিছা গামৰ হাউলিত, চাহৰ গোন্ধ মিহলি পানীয় খাই ৰবাৰ্ট ব্ৰুছৰ বুজিবলৈ বাকী নাথাকিল যে চিংফৌসকলে এইবিধ পানীয় খায়। তেওঁ কৌতূহলী হৈ উঠিল। জানিব পাৰিলে যে তেওঁলোকৰ বাৰীত আৰু হাবিত জন্মা এবিধ গছৰ পাত সিজাই তেওঁলোকে তপত পানীয় এবিধ খায়। ব্ৰুছ নিশ্চিত হ’ল যে এই জোপাই চাহ গছ। চকুৰ আগত দেখিবলৈ পালে এক সোণালী ভৱিষ্যতৰ ছবি। তেতিয়াৰ দিনত ব্ৰিটিছসকল চীনদেশীয় চাহৰ ওপৰত নিৰ্ভৰশীল আছিল। নিজৰ সাম্ৰাজ্যত সেই সম্পদৰ সম্ভাৱনাই চাহাবক ৰঙীন সপোন দেখুৱালে।

বাকীছোৱা জীৱন /৩৪৭