পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপনিৱেশ। তেওঁলোকেও অহংকাৰত গংগাটোপ হৈ কৈছিল, Rule Britania, rule thy waves. একালৰ বৃন্দাবন একালত পৰে ছন। ব্ৰিটিছ সাম্ৰাজ্যৰ গৌৰৱ ৰবি আজি অস্তমিত। আমি সৰু কালত দেখিছিলো তেওঁলোকৰ মধ্যগগনৰ ঔজ্জ্বল্য।

 যি কি নহওক, মই যেন দেখিলো আলোচনাত মগ্ন চিংফৌপ্রধান আৰু ৰবাৰ্ট ব্ৰুছলৈ অন্দৰমহলৰ পৰা যোগান ধৰা হ'ল দুপাত্র পানীয়। চাহাবে এসোহা মাৰি বাকৰুদ্ধ হৈ পানীয়খিনিলৈ চাই থাকিল। আকৌ এসোহা মাৰিলে। এই পানীয়ত যে চাহৰ গোন্ধ! চাহাবৰ চকু তিৰবিৰাই উঠিল।

 মোৰ কল্পনাত আউল লগাই ৰজা-ৰাণীয়ে কৈছিল, ‘ভিতৰলৈ ব’লক’। ছিৰি বগাই চাংঘৰত উঠিলো। ৰজাৰ চাংঘৰ ডাঙৰেই হ’ব। চাংখন কাঠৰ৷ বহা কোঠাটো পৰম্পৰাগত ষ্টাইলত সজোৱা। কোঠাটোৰ এমূৰৰ পৰা আনটো মূৰলৈ বিস্তৃত হৈ থকা আধাফুটমান ওখ মেজখনৰ দুয়োফালে মজিয়াত পাৰি থোৱা গাদীত বহিছিলো। ব্ৰুছো চাগৈ বম বিছা গামৰ চ’ৰা ঘৰত এনেকৈয়ে বহি পানীয়ৰ পাত্ৰত সোহা মাৰিছিল। ব্ৰুছক মনৰ পৰা আঁতৰাই বাস্তৱলৈ আহিলো । সৰু সৰু মৰম লগা ছোৱালীকেইজনীমানে পিবলৈ পানী আনি দিলে সোণৰ দৰে চকচকীয়া সৰু সৰু পিতলৰ বা কাঁহৰ কলহত। হাত ধুবলৈ দিছিল একোটাকৈ চৰিয়া। পিঠাপনা আৰু ঘৰতে কৰা পৰম্পৰাগত নানা ধৰণৰ জলপান খাই তৃপ্ত হলো।

 চিংফৌসকলৰ বহা-মেলা আৰু খাদ্য পৰিবেশনৰ ধৰণ-ধাৰণ দেখি মনত পৰিছিল কাশ্মীৰিসকলৰ পৰিবেশন পদ্ধতিলৈ। আমি কলকাতাত থাকোতে দুজনমান কাশ্মীৰি শ্বালৱালাৰ লগত ঘনিষ্ঠ হৈছিলো। ১৯৮৭ চনত কাশ্মীৰলৈ যাওঁতে তেওঁলোকে আমাক আহাৰলৈ নিমন্ত্ৰণ কৰি পৰম্পৰাগত পদ্ধতিমতে খাদ্য পৰিবেশন কৰিছিল ইখন দেৱালৰ পৰা সিখনলৈ বিস্তৃত কাশ্মীৰি কাৰ্পেটত পাৰি থোৱা গাদীত বহুৱাই। হাত ধুবলৈ চিংফৌসকলৰ দৰেই চৰিয়া আৰু সুদৃশ্য নলীযুক্ত বাচনত পানী দিছিল।

 ৰজাৰ খুড়ীয়েকে আমাক দেখুওৱা চিংফৌ পুৰুষ-মহিলাৰ সাজপাৰ, আ-অলংকাৰ আদি লিৰিকি-বিদাৰি চাইছিলো। ঘাই ঘৰ, ৰান্ধনী ঘৰ আদি তন্ন তন্নকৈ দেখুৱাইছিল। ঘৰটোৰ এটা অংশৰ চাং বাঁহেৰে সজা।

 আহিবৰ সময়ত ৰাণীয়ে আমাক এখন পুকাং উপহাৰ দিছিল। স্থানীয় বৈশিষ্ট্যপূর্ণ ডিজাইনেৰে ঘৰতে বোৱা পুকাং মেখেলাৰ দৰে মহিলাসকলৰ পোছাক। অৰুণাচললৈ যাওঁতে মহিলা এগৰাকীয়ে আমাক দিছিল এখন গালে। পুকাং, গালে, মেখেলা, মণিপুৰীসকলৰ ফানেক আদি উত্তৰ-পূব ভাৰতৰ মহিলাৰ পোছাক থুলমূলকৈ একে

৩৪৬/ বাকীছোৱা জীৱন