পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

 বিশাল গে'ট এখনৰ মাজেৰে গুম্ফাৰ চৌহদত সোমাই জলৌ-জপৌ পোছাক পিন্ধা দুটা পোৱালি লামাক দেখি বৰ স্ফূৰ্তি পাইছিলো।

 প্ৰথমতে আমি সোমাইছিলো গুম্ফাৰ লাইব্ৰেৰীটোত, তাত ৰক্ষিত আছে কানজুৰ আৰু তানজুৰ শ্ৰেণীৰ ধৰ্মগ্ৰন্থবোৰ। কানজুৰ হ’ল বুদ্ধৰ বাণীৰ অনুবাদ আৰু তানজুৰত আছে টীকা-টিপ্পনীৰ সৈতে তাৰ ব্যাখ্যা। তানজুৰ গ্ৰন্থৰ সংখ্যা ২২৫। কানজুৰৰ ছপা খণ্ড ১০১খন, হাতে লিখা ২৫৬ খন। এখন ধৰ্মপুথিৰ তিনিখন পাত সোণৰ আখৰেৰে লিখিত। লাইব্ৰেৰীটোৰ অৱস্থা হতাশাজনক। ৰক্ষণাবেক্ষণ অনুন্নত। দেখুৱাবলৈ নাছিল কোনো উপযুক্ত নিৰ্দেশক।

 গুম্ফাৰ আটাইতকৈ সুৰক্ষিত অট্টালিকাটো তিনিমহলীয়া। তলৰ মহলাৰ সভাগৃহটোত পাঁচশ লামাই বহি ধৰ্ম চৰ্চা কৰিব পাৰে। ইয়াৰ সমগ্ৰ উত্তৰ দিশটো অধিকাৰ কৰি আছে এখন ওখ বেদীয়ে। বেদীৰ সোঁমাজত অধিষ্ঠিত বুদ্ধৰ ২৬ ফুট ওখ এটা প্ৰকাণ্ড মূৰ্তি। তদুপৰি আছে গুম্ফাৰ প্ৰতিষ্ঠাতা মেৰা লামা, মনপা ৰাজ্যত ওপজা ষষ্ঠ দালাই লামা (১৬৮৩-১৭০৬) আৰু নানা দেৱ-দেৱীৰ প্ৰতিকৃতি। বুদ্ধদেৱে প্ৰচাৰ কৰা জীৱন চকৰিৰ ছবিত দেখুৱাইছে জীৱনৰ ছটা অৱস্থা, যাৰ ফলত মানুহৰ পুনৰজনম হয়।

 শুনি আচৰিত হওঁ য'ত আজিও আমি এইবোৰ দুৰ্গম অঞ্চললৈ সহজতে যাব নোখোজো তালৈ ৭৪৭ চনতে নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তিব্বতলৈ গৈছিল পদ্মসম্ভৱা নামৰ এগৰাকী সন্ন্যাসী। মনপাসকলৰ মাজত জনপ্ৰিয় এইগৰাকী সন্ন্যাসীৰ প্ৰতিমূৰ্তি তাৱাং গুম্ফাত ৰক্ষিত আছে। তিব্বতৰ ৰজাৰ আমন্ত্ৰণ ক্ৰমে আহি তেওঁ এই অঞ্চলত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে।

 ধৰ্মসংক্ৰান্ত সকলো দায়িত্ব ন্যস্ত পুৰোহিত লামাসকলৰ ওপৰত। বৌদ্ধ ট্ৰিনিটিৰ--বুদ্ধ, ধৰ্ম আৰু সংঘৰ তৃতীয় স্থান সংঘ অধিকাৰ কৰি আছে লামাসকলে। সৰ্বোচ্চ স্তৰত উপৱিষ্ট ‘অৱতাৰ' লামাসকল। ১৯৫১ চনলৈ অৱতাৰ লামাজন আহিছিল তিব্বতৰ পৰা। বৰ্তমানে মনপাসকলে এই দায়িত্ব পালন কৰি আছে। গুম্ফাৰ ইতিহাস, নীতি-নিয়ম, কৰ্মপদ্ধতি, লামাসকলৰ জীৱন আদিৰ বিষয়ে লিখিবলৈ হ'লে এখন গ্ৰন্থ হ’বগৈ। গতিকে তেওঁলোকক ইয়াতে এৰিলো।

 সপ্তাহজোৰা অভিযানৰ পাছত উভতিবৰ সময় উপস্থিত হ’ল। দিৰাঙৰ ডাকবঙলাত গোলক দাসে নিজৰ বাৰীৰ জাতিলাওৰে ৰন্ধা সুস্বাদু খাৰৰ আঞ্জা আৰু পাতলকৈ ৰন্ধা

বাকীছোৱা জীৱন /৩৪৩