পৃষ্ঠা:অনিমা গুহ.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ঠাইডোখৰৰ নাম দিয়ে যশোৱন্ত গড়।

 বাটৰ পৰা অলপ ওখ ঠাইত সৰু ঘৰ এটাৰ এটা কোঠাত সংৰক্ষণ কৰিছে যশোৱন্তই ব্যৱহাৰ কৰা বাকচ, বিছনা, জোতা আৰু হাৱাই চেণ্ডেলযোৰ। আনটোত ধূপ-ধুনা জ্বলাই বীৰজনৰ ফটো পূজা কৰা হয়। যুদ্ধত ব্যৱহাৰ কৰা বাংকাৰ দুটাই পুৰণি দিনৰ স্মৃতি বহন কৰিছে। ঠাইখন পহৰা দিবলৈ সৈন্য বিভাগে পহৰাদাৰ নিযুক্ত কৰিছে। আমাৰ দলৰ আটাইকেইজনে যেতিয়া পাহাৰৰ কিছু উচ্চতাত যশোৱন্তক ফাঁচী দিয়া ঠাইডোখৰ দৰ্শন কৰিবলৈ গৈছিল তেতিয়া প্ৰতিমা আৰু মই তলতে ইটো-সিটো চাই ফুৰিছিলো। এনেতে আকৰ্ণ বিস্তৃত গোঁফধাৰী সৈনিক এজনে আমাক দুয়োকে তেওঁলোকৰ ছাউনীত বহুৱাই। কাঢ়া চাহ খুৱাই সতেজ কৰিলে। শুনিলো যশোৱন্তৰ ফাঁচী হ’লেও ভাৰত চৰকাৰৰ চকুত তেওঁ জীৱিত। অশৰীৰি যশোৱন্ত তেতিয়াও চাকৰিত আছিল। আমি যোৱাৰ সময়ত প্ৰমোচন পাই পাই তেওঁ কেপ্টেইন হৈছিলগৈ। তেওঁৰ দৰমহা বাঢ়ে, বছৰেকীয়া ছুটী পায়। গোঁফৱালাই কৈছিল যশোৱন্ত হেনো সেই সময়ত তেহৰী গাঢ়োৱালৰ ঘৰলৈ ছুটীত গৈছিল। বোধকৰো ইমান দিনে যশোৱন্ত অৱসৰো গ্ৰহণ কৰিছে। সৈন্য বিভাগৰ সকলো ৰেংকৰ পদাধিকাৰীয়ে গাড়ী ৰখাই বীৰ যশোৱন্তক শ্ৰদ্ধাঞ্জলি যাচি যায়।

 দিনটো পাহাৰ বগাই বগাই ভাগৰি পৰিছিলো। এনেতে ফেনে-ফোটোকাৰে বিৰাট বিৰাট শিলত খুন্দা খাই ধাৱমান কল্লোলিনী তাৱাঙৰ মন বলিয়া কৰা ৰূপে নিমিষতে দেহ-মনৰ ক্লান্তি উৰুৱাই নিলে। ছে-লাৰ পাছত সঘনে ইংৰাজী ‘U’ বৰ্ণটোৰ আকাৰত পাক খাই খাই নামি অহা আলিবাটটো চাবলগীয়া, ঠিক যেন ওপৰলৈ উঠিবলৈ এশাৰী দীঘলীয়া চিৰি।

 লাহে লাহে আমি জনবসতিপূৰ্ণ এলেকাত সোমালো, খেতিয়কে আলিবাটত মৰণা মাৰি আছিল। আঁতৰৰ পৰা দেখা ৰঙা ৰঙৰ চালৰ ঘৰবোৰ ওচৰ পাই দেখিলো ৰং নহয়, পকা জলকীয়া শুকুৱাইছে চালত। একেদৰে শুকুৱাইছে মুঠিয়ে মুঠিয়ে হালধীয়া মাকৈ, কোমোৰা, ৰঙা লাও আৰু নানাধৰণৰ পাচলি। চালি ঘৰত দ’ম কৰি থৈছে খৰি। জাৰকালি বৰফৰ চাদৰে ঢাকি ৰাখে কামেং তাৱাং অঞ্চল। তাৰে সৈতে সংগ্ৰাম কৰি চলিবলৈ শীতৰ আগমনৰ আগে আগে চলে প্ৰস্তুতি। মাজে মাজে চকুত পৰিছিল চমৰী গৰুৰ দল।

 আহি পালো যুদ্ধৰ সময়ত সঘনাই শুনা জং নামৰ ঠাইখনলৈ। বুকুখন যেন কঁপি উঠিল, যেন চীনা সৈন্যবোৰ ওচৰতে ক'ৰবাত খাপপিটি বহি আছে! ডেৰ ঘণ্টামান

বাকীছোৱা জীৱন /৩৩৯