‘পুৰণি ৰোমান্সৰ কথা ভাবি ষ্টিয়াৰিং নেৰিবা।’— আমাৰ দুয়ো বাই-ভনীৰ সতৰ্কবাৰ্তা।
সমুদ্ৰ পিঠিৰ পৰা চৈধ্য হেজাৰ ফুট উচ্চতাত ছেলা গিৰিপথত নামিলো। ১৯৬২ চনৰ নৱেম্বৰ মাহটো আহি চকুৰ আগত উপস্থিত হ'ল। ৰেডিঅ'ত ঘোষণা— চীনাসকল ছে-লা পাৰ হৈ দিৰাং পালেহি... বমদিলাত চীনা সৈন্যৰ প্ৰৱেশ। ছেলা গিৰিপথৰ বাটৰ দুয়োকাষে টান শিলেৰে গঠিত সুঠাম পৰ্বতবোৰলৈ চাই ভাবিছিলো— ভয়ংকৰভাৱে সুগঠিত দেখনিয়াৰ পৰ্বতশাৰীক মেদহীন, পেশীবহুল, বাহুবলী প্ৰাচীন গ্ৰীক আৰু ৰোমান যোদ্ধাসকলৰে ৰিজাবলৈ মন নাযায় নে? আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ানত দেখিছিলো এনে ভয়ংকৰভাৱে সুন্দৰ পৰ্বতমালা।
প্ৰতিমাই অবাক দৃষ্টিৰে পৰ্বতবোৰলৈ চাই কৈছিল, 'বিশাল এই পৰ্বতবোৰক বোকোচাত লৈ পৃথিৱীখন যে কেনেকৈ ঘূৰি আছে!'
জীৱনত প্ৰথম বৰফ দেখি বিনোদ, সুৰেন আৰু ৰামে সৰু ল'ৰাৰ দৰে জঁপিয়াই জঁপিয়াই নাচিবলৈ ধৰিলে। আঁজলি ভৰাই বৰফ তুলি ইফালৰ পৰা সিফাললৈ সিহঁতক দৌৰা দৌৰি কৰা দেখি মোৰ নিজৰ প্ৰথম বৰফপাত দেখা দিনটোলৈ মনত পৰিছিল। বৰফৰ পাতল চকলাবোৰ নিঃশব্দে আকাশৰ পৰা সৰি পৰে। দেখিলে ধূনা কপাহ যেন লাগে।
ছে-লাৰ দক্ষিণে দিৰাং উপত্যকাত ছেৰদুক্পেন আৰু উত্তৰে তাৱাং উপত্যকাত মনপাসকলৰ বাস। এই অঞ্চলটোত তিব্বতৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। ছে-লাৰ পাহাৰৰ বুকুত আলফুলকৈ বহি থকা পেৰাডাইছ সৰোবৰে অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।
ছে-লা পাৰ হৈ চীন যুদ্ধত মৃত সৈনিক, লেন্সনায়ক যশোৱন্তৰ স্মৃতি বিজড়িত যশোৱন্ত গড় নামৰ দ্ৰষ্টব্য ঠাইখন পালো। সেনাপতিৰ আদেশ পাই ভাৰতীয় সৈন্যদল যেতিয়া যুদ্ধক্ষেত্ৰ ত্যাগ কৰি পিছ-হোঁহকি গৈছিল, তেতিয়া সেনাপতিৰ আদেশ অমান্য কৰি দুজনী স্থানীয় বাই-ভনীৰ সহায় লৈ যশোৱন্তই অকলশৰে মাতৃভূমিক ৰক্ষা কৰিবলৈ পৰাক্ৰমী চীন সৈন্যৰ লগত যুদ্ধ চলাই যায়। বাসত্তৰ ঘণ্টা তেওঁ চীনা সৈন্যক আগবাঢ়িবলৈ দিয়া নাছিল। অৱশেষত ধৰা পৰাত তেওঁৰ ফাঁচী হয়। বাই-ভনী দুজনীয়ে আত্মহত্যা কৰে। ছোৱালীৰ পাকত পৰি যশোৱন্তই যুদ্ধক্ষেত্ৰ ত্যাগ কৰা নাছিল বুলি ভবা বাবে যশোৱন্তৰ কোৰ্ট মাৰ্শ্বাল অৰ্ডাৰ হয়। পাছত যশোৱন্তৰ দেশপ্ৰেম আৰু ফাঁচীৰ কথা চীনে ভাৰতক জনোৱাত তেওঁক বীৰৰ সন্মান যঁচা হয়