পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰন্ত গতিৰ নৈবোৰৰ তুলনাত দিৰাং কিছু শান্ত। এইখন নৈৰ মাছ মানুহে নাখায়। স্থানীয় মানুহৰ মৃত্যু হ’লে নিজা পুৰোহিতৰ হতুৱাই গণনা কৰি কি পদ্ধতিত সৎকাৰ কৰা হ’ব স্থিৰ কৰা হয়। এটা পদ্ধতিমতে মৃতদেহটো খণ্ড খণ্ড কৰি নৈত উটুৱাই দিয়ে। মাছ নোখোৱাৰ কাৰণ ইয়েই।

 দিৰাং চহৰ এৰাৰ পাছত ন্যুকমাদাং নামৰ ঠাইখনত ১৯৬২ ৰ ১৮ নৱেম্বৰত চীন যুদ্ধত নিহত সৈনিকসকলৰ সমাধিক্ষেত্ৰত সোমাইছিলো। তাত থিয় হৈ আকৌ মনত পৰিল ৰক্তাক্ত সেই দিনবোৰৰ কথা। মনত পৰিল ভূপেন হাজৰিকাৰ সেই গীতটো—

আজি কামেং সীমান্তত দেখিলো
দেখি শত্ৰুৰ পশুত্ব চিনিলো।
মৃত মৌন শত জোৱানলৈ
মোৰ অশ্ৰু অঞ্জলি যাচিলো।...

 সমাধিক্ষেত্ৰৰ দুৱাৰ মুখত ফলক এখনত লিখি থোৱা কবিতা এফাঁকি পঢ়ি চকু দুটা সেমেকি উঠিল—

When you go home
Tell them of us and say
For your tomorrow
We gave our today...

 মনে মনে ক’লো— আমাক যুদ্ধ নালাগে, লাগে শান্তি। পিছে মানুহ জাতিটোৱে দেখোন যুদ্ধ বিচাৰে, বিচাৰে বোমা বিস্ফোৰণ। বিচাৰে ধ্বংস।

 ...ক্ৰমে ওপৰলৈ উঠি আছো। এৰি অহা বাটটো ফিতাৰ দৰে পৰি থকা দেখিলো বহু তলত। দূৰৈৰ পৰা আকাশ চুই থকা যিবোৰ পৰ্বত দেখিছিলো সেইবোৰ এটা সময়ত হাতেৰে ঢুকি পালো যেন লাগিল। ভয় আৰু আনন্দই মনগহনত লুকাভাকু খেলিবলৈ ধৰিলে। প্ৰকৃতি এনে ভয়ংকৰভাৱে উপভোগ্য হ’ব পাৰেনে?

 ‘সুৰেন, তোমাৰ পত্নী আৰু শিশু পুত্ৰ নয়নলৈ ভাবি সাৱধানে গাড়ী চলোৱা।’ আমাৰ সতৰ্কবাণী।

 ‘আজি কালি মাইকীটোলৈ বেছি মনত নপৰে অ’। পোৱালিটোৰ মুখখনহে মনত পৰি থাকে।’— সুৰেনে টপৰাই কয়।

 ‘অথচ ই যোৱা বছৰ মাইকীটোৰ মন পাবলৈ বটলে বটলে পাৰফিউম চাৰ্টত ঢালিছিল।’— ৰামে হাঁহি হাঁহি কয়।

বাকীছোৱা জীৱন /৩৩৭