পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৈনিকসকলৰ সৈতে সম্পৰ্ক হেনো মধুৰ। কোনেও কাৰো ভাষা নুবুজিলেও অংগী-ভংগী কৰি তেওঁলোকে কথা পাতে, চিগাৰেট দলিয়ায় ইদলে সিদললৈ। স্থানীয় মানুহৰ লগত অন্তৰংগতা গঢ়ি নুতুলিবলৈ তিনি মাহৰ মূৰে মূৰে এওঁলোকক বদলি কৰা হয়।

 বমডিলা চহৰখনক এখন ফুলনি বুলি ক'লে বেছি কোৱা নহয়। উৎকৃষ্টজাতৰ আপেলো তাত সস্তাতে পাইছিলে, দিৰাঙৰ ডালিমো বৰ সোৱাদ লগা। সস্তাও।

 বমডিলা চহৰখন আমাক দেখুৱালে অভিযন্তা এ এন ৰয়ে। এমাহ আগতে দালাই লামাই উন্মোচন কৰা নতুন গুম্ফাটো দেখিলো। এৰাতিৰ বাবে দালাই লামা শোৱা বিছনাখনৰ মূল্য তেতিয়া আছিল পঁয়ষষ্ঠি হেজাৰ টকা। দৰ্শকসকলে বিছনাখনৰ ওপৰত জাপ জাপ টকা দক্ষিণা দি থোৱা দেখিলো। ৰাজসিক বিছনাখনলৈ চাই ৰামে ক’লে, ‘জেঠী, ভলাই ৰামাৰ বিছনাখনত এবাৰ শুব পাৰিলে বৰ ভাল আছিল।’ সিদিনাৰে পৰা ৰামক আমি ভলাই ৰামা বুলি মাতিছিলো।

 আঠ হেজাৰ ফুট উচ্চতাত গাটো অলপ বেয়া লগা বাবে চিভিল হাস্পতাললৈ গৈ লগ পালো ডাঃ বি চি শৰ্মাক। তেওঁ নলবাৰীৰ মানুহ। সিদিনাই প্ৰথম চিনাকি হ’লেও ৰাতি তেওঁলোকৰ ঘৰত আমাক খাবলৈ মাতিছিল। ডাঃ শৰ্মা আৰু তেওঁৰ পত্নী পূৰ্ণিমা শৰ্মা কিতাপৰ পোক। অসংখ্য ইংৰাজী, অসমীয়া আৰু বাংলা কিতাপ দেখিলো কাঁচৰ আলমাৰীত। পূৰ্ণিমা ৰন্ধন পটিয়সীও। তেওঁ ৰন্ধা মোমোৰ সোৱাদ জিভাত লাগি আছে যেন লাগিছে। তেওঁলোকৰ উষ্ণ সম্ভাষণ আৰু মধুৰ ব্যৱহাৰে মনত এক মছিব নোৱাৰা ছাব পেলাই থৈ গ'ল।

দিৰাং-চেলালৈ : বমডিলাৰ পৰা ৪৫ কিলোমিটাৰ নামনিত দিৰাং উপত্যকাত দিৰাং চহৰ। ডাক বঙলাৰ সন্মুখেদি ধীৰ গতিত বৈ গৈছে দিৰাং নৈ। ভালুকপুঙৰ পৰা তাৱাঙলৈ প্ৰায় তিনিশ কিলোমিটাৰ পাৰ্বত্য পথত এখনৰ পাছত এখনকৈ কামেং, দিৰাং আৰু তাৱাং নৈয়ে আমাৰ সংগ এৰা নাছিল। বাটৰ আনটো ফালে থকা শাৰী শাৰী পৰ্বতমালা কোনো কোনো ঠাইত চাপৰ কিছুমান আকাশখন চুই থকা, কিছুমান গছ-গছনিৰে আবৃত, কিছুমান খহটা প্ৰাচীৰৰ দৰে থিয়। অকাই পকাই যোৱা বাটটোৰে যাওঁতে পাহাৰবোৰ কেতিয়াবা সোঁফালে দেখো, কেতিয়াবা বাওঁফালে। কেউপিনে যেন পাহাৰৰ মেলা বহিছে। যিমানে ওপৰলৈ গৈছিলো সিমানে বাঢ়ি গৈ আছিল নৈবোৰৰ চপলতা। পানীৰ খুন্দা খাই খাই নিমজ হোৱা শিলৰ ওপৰেদি বাগৰি যোৱা

বাকীছোৱা জীৱন /৩৩৫