পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেলি দি ৰ’দত চুলি বননিয়ে
কাচোন কাচে।
শেলুৱৈয়ে ঢকা গছৰ বুকুৰ
কপৌফুল—
বুটলিবা যদি
ব’লা যাওঁ আমি, ভালুকপুং।

 আমি ভালুকপুঙলৈ যোৱাৰ অলপ দিনৰ আগতে কথাছবিৰ শ্বুটিং কৰিবলৈ ইয়ালৈ আহিছিল হিন্দী চিনেমাৰ অভিনেতা শ্বাহৰুখ খান আৰু অভিনেত্ৰী মাধুৰী দীক্ষিত। আৱৰ্ত ভৱনৰ কৰ্মচাৰীসকলৰ নিস্তৰংগ জীৱনত এওঁলোকে খলকনি তুলি গৈছে। ভালুকপুঙৰ পৰা তিনি কিলোমিটাৰ নিলগত টিপিত আছে এখন অৰ্কিড (কপৌফুল) ক্ষেত্ৰ। গৱেষণালব্ধ অৰ্কিডবোৰেও মন কাঢ়ি নিয়ে। মণিপুৰ আৰু অৰুণাচলৰ কপৌফুল জগত বিখ্যাত। টিপি আকৌ হাতীৰ বাবেও বিখ্যাত। হাতী অধ্যুষিত টিপিৰ অৰ্কিড ক্ষেত্ৰখনক হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ বিদ্যুৎবাহী তাঁৰেৰে বেৰি ৰখা হয় ৰাতি ৰাতি।

 অকোৱা পকোৱা বাটেৰে পাহাৰ বগাই গৈ থাকোতে বাটৰ দুয়োকাষে ঘন অৰণ্যত দেখিছিলো নানা ধৰণৰ গছ-গছনি। উদ্ভিদ বিজ্ঞানীৰ স্বৰ্গ। ওখ পৰ্বতসমূহৰ পৰা অজস্ৰ ধাৰাত নামি অহা স্বচ্ছ পানীৰ অসংখ্য জলপ্ৰপাত দেখিছিলো ভালুকপুঙৰ পৰা তাৱাঙলৈ। আৰু কিমান আকাৰ আৰু প্ৰকাৰৰ নানাৰঙী ফুল যে দেখিলো ওৰেটো বাটত! প্ৰাকৃতিক এই বিনন্দীয়া পৰিবেশৰ পটভূমিত বাটে বাটে চকুত পৰিছিল ভাৰতীয় সেনাৰ শিবিৰসমূহ।

 চেঁচা নামৰ ঠাইখনৰ মাজেৰে যাওঁতে গাটো অলপ গৰম কৰিবলৈ ভাগিন অমিতে কোৱা বিখ্যাত চাহ দোকানখনত এটুপি চাহ খোৱাৰ কথা ভাবিছিলো। তেওঁ কৈছিল দোকানখনৰ ওপৰত এখন চাইন বোৰ্ডত হেনো লিখা আছে— 'ইয়াৰ উৎকৃষ্ট চাহ পোৱা যায়, চেঁচা’। কিন্তু তেনে কোনো দোকান আমাৰ চকুত নপৰিল। বুজিলো কথাষাৰ গাঁজাখুৰী। আমিও যে আৰু অঁকৰা! অৰুণাচলত অসমীয়া লিপিত লিখা চাইনব’ৰ্ড ক’ত পাম? আমিও চেঁচাত গৰম চাহটোপা নাপাই হাত-মুখ চেলেকি গৈ থাকিলো।

 আমি যোৱাৰ কেইদিনমান আগতে এইটো বাটেৰে দালাই লামা গৈছিল তাৱাঙলৈ। এই উপলক্ষে বাটে বাটে সাজি থোৱা তোৰণবোৰৰ তলেদি আমিও গৈছিলো।

৩৩২/ বাকীছোৱা জীৱন