পৃষ্ঠা:অনিমা গুহ.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইম্ফলৰ ৰাজপ্ৰাসাদ সংলগ্ন শ্ৰীশ্ৰীগোবিন্দজীৰ মন্দিৰ আৰু ইয়াৰ প্ৰাংগণ অতি চাফ-চিকুণ। আমাৰ অধিকাংশ মন্দিৰৰ পৰিবেশত পৰিচ্ছন্নতাৰ অভাৱ। গোবিন্দজীৰ মন্দিৰৰ পুৰোহিতসকলকে ধৰি মন্দিৰৰ বিভিন্ন কামৰ সৈতে জড়িত অন্যান্যসকলৰ অংগত দেখিছিলো শুভ্ৰ বসন। তেওঁলোকৰ শিল্পীমনৰ প্ৰতিফলন আনকি খাদ্য পৰিবেশনৰ ক্ষেত্ৰতো দেখি মুগ্ধ হৈছিলো। ডাঃ প্ৰিয়সখীৰ বায়েকৰ ঘৰত কলপাতত খাদ্য পৰিবেশন কৰিছিল, আমি মজিয়াত বহি খাইছিলো। গৃহস্থৰ হাতৰ পৰশত কলপাতে অপৰূপ ৰূপ ধাৰণ কৰিছিল। ডাঙৰকৈ কটা কলপাত এখনৰ সোঁমাজত ঘূৰণীয়াকৈ কটা আন এডোখৰ কলপাতত দিছিল জৰজৰীয়া ভাতখিনি। তাৰ চাৰিওফালে সজাই দিছিল কলপটুৱাৰে সজা সুদৃশ্য বাৰটা বাটিত বিধে বিধে আঞ্জা। শিল্পীসুলভ পদ্ধতিত জুতিলগাকৈ ৰন্ধা খাদ্য আগবঢ়োৱাত আমাৰ ৰসনাই কেৱল তৃপ্ত হোৱা নাই, দৃষ্টিকো কৰিছিল পুলকিত।

 সেয়েহে ভাবো সেই সময়ত নোযোৱা হ'লে জীৱনত বহুত হেৰুৱালোহেঁতেন। দেখা নাপালোহেঁতেন নজৰ কাঢ়ি নিয়া মণিপুৰৰ হাবি-বননিয়ে ফুলি থকা নানাৰঙী অৰ্কিডবোৰ।

 কাশ্মীৰ দৰ্শনো কৰিছিলো সন্ত্ৰাসবাদে উগ্ৰমূৰ্তি ধাৰণ কৰাৰ আগে আগে। আমি অহাৰ পাছত তালৈ পৰ্যটকৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰে। আনকি কাশ্মীৰৰ হিন্দু পণ্ডিতসকলেও জীৱনটো হাতত লৈ ওলাই আহিবলগীয়া হৈছিল নিজ নিজ ঘৰ, মাটি-ভেটি ত্যাগ কৰি।


মেক মোহন লাইনৰ ওচৰলৈ

 সময়বোৰ বৰ দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। পিছলৈ উভতি চালে এনে অনুভৱ হয় যে সৌ সিদিনা উপজিছিলোহে। যাবৰ সময় হ’লেই নে? কৰিবলৈ কিমান কাম যে বাকী থাকিল। ‘ঘৰ হতে শুধু দুই পা ফেলিয়া’ কিমান ‘শিশিৰ বিন্দু’ যে দেখা নহ'ল! এনেতে শিশিৰ বিন্দু বা নিয়ৰৰ টোপাল নহয় হিম কণিকা দৰ্শন কৰিবলৈ আমন্ত্ৰণ পালো ১৯৯৭ চনত ভনীজোঁৱাই ডাঃ চি দাসৰ পৰা। ‘বাইদেউ, তাৱাঙলৈ যাওঁ ব’লক’।

 তাৱাং! এক ভয়ংকৰ নাম তাৱাং। চীন-ভাৰত যুদ্ধৰ ভয়াৱহ স্মৃতি বিজড়িত তাৱাং। এই যুদ্ধই মোৰ জীৱনত যি ধুমুহাৰ সৃষ্টি কৰিছিল সেই বিষয়ে মোৰ স্মৃতিকথাৰ

৩৩০/ বাকীছোৱা জীৱন