পৃষ্ঠা:অনিমা গুহ.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষকৰ পদত উপৱিষ্ট আছিল। তেওঁলোকৰ আটাইকেইটা ল'ৰা-ছোৱালীৰ জন্ম ইম্ফলত। খোৱা-বোৱাৰ পৰা আদি কৰি জীৱন যাত্ৰাৰ নানাক্ষেত্ৰত এওঁলোকৰ ওপৰত মণিপুৰৰ সংস্কৃতিৰ প্ৰভাৱ মন কৰিবলগীয়া। এইখন ঘৰলৈ অহাৰ পাছত এওঁলোকৰ খাদ্য তালিকাত ইৰম্বা, চামপুট, হাংগাম, উতি আদি নামবোৰ দেখি ভাবিছিলো এইবোৰ আকৌ ক’ৰ খাদ্য — ফ্ৰান্স, উগাণ্ডা, চীন নে থাইলেণ্ডৰ। না, আটাইবোৰেই মণিপুৰৰ। আমাৰ শহুৰ দেউতা যামিনী সুন্দৰ গুহৰ নামত প্ৰতি তিনি বছৰৰ মূৰে মূৰে ৰাজ্যখনৰ প্ৰসিদ্ধ এগৰাকী সাহিত্যিকক সোণৰ মেডেল প্ৰদান কৰে মণিপুৰ সাহিত্য পৰিষদে। আমি মাজে মাজে সেই প্ৰতিষ্ঠানলৈ বৰঙণি আগবঢ়াও। শহুৰ দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ দুজন পুত্ৰ আৰু এজন নাতি তাত থাকি যায়। পৰিয়ালৰ তাত থকা শেষ সদস্যগৰাকীৰ মৃত্যুৰ পাছতো মণিপুৰৰ লগত গুহহঁতৰ সম্পৰ্ক জীয়াই ৰাখিছে মণিপুৰ সাহিত্য পৰিষদে।

 প্ৰধান জনগোষ্ঠী মৈত্ৰেয়ীসকলৰ মাজত শতকৰা দহজন মুছলমান। পাৰ্বত্য অঞ্চলত বাস কৰে নগা আৰু কুকিসকল। মৈত্ৰেয়ীসকলৰ ভাষা, শিক্ষা, সংস্কৃতি অতি উন্নতমানৰ।

 নাজানো আজি মণিপুৰৰ মন্ত্ৰীসকলে কটকটীয়া নিৰাপত্তাৰ বেহুত বাস কৰে নে নকৰে, আমি ১৯৯৪ চনত গৈ ৰিজিঅ'নেল ইনইষ্টটিউট অব্ মেডিকেল ছায়েন্সৰ সঞ্চালক, মোৰ ভনীজোঁৱাই ডাঃ চি দাসৰ ঘৰত আলহী হৈ থাকোতে দেখিছিলো তেওঁৰ প্ৰতিবেশী জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকী অকলে অকলে বাটত খোজকাঢ়ি আছে। ডাঃ দাসক দেখা পাই পদুলিমুখত দুয়ো থিয়ৈ থিয়ৈ কথা পাতিছিল। আচৰিত হৈছিলো অসমত এনে দৃশ্য দেখা নাছিলো বাবে।

 ডাঃ দাসৰ সাহায্যকাৰী ৰামক সুধিছিলো মন্ত্ৰীজনৰ নামটো। ক’লে চন্দ্ৰমণি। মণিপুৰত হেনো আমেৰিকাৰ দৰে মানুহৰ প্ৰথম নামটো কোৱা নিয়ম। মন্ত্ৰীগৰাকীৰ মুকলিমূৰীয়া ব্যৱহাৰে মোক কেইবাবাৰো চমক খুৱাইছিল। এদিন এজন ডাক্তৰৰ ঘৰত মন্ত্ৰী চন্দ্ৰমণিৰ পৰিয়ালৰে সৈতে আমি কেইবাঘৰো ৰাতিৰ সাঁজলৈ নিমন্ত্ৰিত হৈছিলো। ৰাতি এঘাৰ বজাত সদলবলে উভতি আহোতে মই কৈয়ে পেলালো যে নিৰাপত্তাবিহীন অৱস্থাত খোজকাঢ়ি ঘৰলৈ ওভোতা মন্ত্ৰী জীৱনত প্ৰথম দেখিলো। তেওঁ হাঁহি হাঁহি মোৰ কথা উপভোগ কৰি কৈছিল, ‘সৌ পাছফালে নিৰাপত্তাৰক্ষী এজন আহি আছে'। সিজনাক মোৰ সাক্ষী গোপাল যেনহে লাগিছিল।

 এদিন মন্ত্ৰী চন্দ্ৰমণিয়ে আঠ-নটা পৰিয়ালক ইম্ফলৰ পৰা কিছু আঁতৰত বান্ধি থকা ছিংদা বান্ধটো দেখুৱ লৈ গ'ল। সমগ্ৰ মণিপুৰখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ তুলনা

বাকীছোৱা জীৱন /৩২৩