পৃষ্ঠা:অনিমা গুহ.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুলেখিকা বিদুষী কন্যা ৰাজকুঁৱৰী বিনোদিনী দেৱী আছিল কমিউনিষ্ট আদৰ্শত বিশ্বাসী। এওঁক কোৱা হয় The Red Princess of the East. বামপন্থী নেত্ৰী অঞ্জলি লাহিড়ী বিনোদিনীৰ বান্ধৱী। সম্ভৱতঃ তেওঁৰ প্ৰভাৱতে ৰাজতন্ত্ৰৰ ধাৰক হোৱা সত্ত্বেও বিনোদিনী ৰঙা আদৰ্শত বিশ্বাসী হৈছিল। ১৯৭২ চনত ভাৰত চৰকাৰৰ দ্বাৰা মণিপুৰে পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পাইছে।

 কলা-সংস্কৃতিত সমৃদ্ধিশালী মণিপুৰৰ আজি অস্থিৰ অৱস্থা। সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহৰ ৰম্যভূমিত পৰিণত হৈছে এসময়ৰ A Jewel of India. হত্যা, লুণ্ঠন, অপহৰণ, ধৰ্ষণ আদি বিবিধ অপৰাধেৰে জৰ্জৰিত ৰাজ্যখনক ১৯৮০ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা অশান্ত অঞ্চল ঘোষণা কৰি ভাৰত চৰকাৰে বলৱৎ কৰিছে এখন দানৱীয় আইন— ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮'। এই আইনৰ অধীনত কোনো দয়া-মায়া-সহানুভূতিৰ প্ৰশ্ন নাই। আইনখন বিতৰ্কিত হোৱাৰ কাৰণ হ’ল ইয়াৰ অধীনত সশস্ত্ৰ বাহিনী আৰু আৰক্ষীয়ে সীমাহীন ক্ষমতা লাভ কৰিছে। তেওঁলোকে গ্ৰেপ্তাৰী পৰোৱানা নোহোৱাকৈ যিকোনো মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে, লিখিত আদেশ নোহোৱাকৈয়ে Search and Chase অপাৰেশ্যন চলাব পাৰে, হত্যা কৰিব পাৰে। মুঠতে যি খুচি কৰিব পাৰে। আইনখনৰ অপপ্ৰয়োগ হ’ব পাৰে, হৈ আছে। উগ্ৰপন্থীক নাপাই নিৰীহ মানুহক উগ্ৰপন্থী সজাই নিৰ্যাতন কৰিছে, হত্যাও কৰিছে। কেতিয়াবা উগ্ৰপন্থী বিচাৰি নাপাই খঙৰ ভমকত নিৰীহক হত্যা কৰি অভিযান সফল হোৱা বুলি ঘোষণা কৰে। ২০০৪ চনত মনোৰমা দেৱীক অসম ৰাইফলছৰ জোৱানে ঘৰৰ পৰা উঠাই নি বলাৎকাৰ কৰি হত্যা কৰিছিল। ইয়াৰ প্ৰতিবাদত অসম ৰাইফলছৰ কাৰ্যালয়ৰ সন্মুখত বাৰগৰাকী মৈৰা পাইবিৰ সদস্যই উলংগ হৈ ‘Indian Army Rape us প্লেকাৰ্ড হাতত লৈ প্ৰতিবাদ কৰিছিল। ফলাফল একো নহ'ল।

 ইয়াৰ আগতে ২০০০ চনৰ ২ নৱেম্বৰ তাৰিখে মালম নামৰ ঠাইখনৰ বাছ আস্থানত বাছলৈ ৰৈ থকা দহজন নাগৰিকক অসম ৰাইফলছৰ জোৱানে নিৰ্দয়ভাৱে হত্যা কৰে। ৰাজ্যজুৰি প্ৰতিবাদ হ’ল। ইৰম শৰ্মিলা চানুই (জন্ম ১৯৭২) সৰুৰে পৰা শুনি আহিছিল মণিপুৰত চলি থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ কথা। মালমৰ ঘটনাই তেওঁক উপলব্ধি কৰালে যে ৰাজ্যখনত চলি থকা হিংসামূলক কাৰ্যৰ আঁৰত জড়িত হৈ আছে ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮' খন। নিজৰ ৰাজ্যখনক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনি শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে এই কঠোৰ আইনখন প্ৰত্যাহাৰ কৰিব লাগিব। সেই উদ্দেশ্যে ২০০০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেওঁ আইনখন

বাকীছোৱা জীৱন /৩২১