পৃষ্ঠা:অনিমা গুহ.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰৰ কাষৰ মণিপুৰলৈ যাবলৈ সময় পালো জীৱনৰ শেষ অধ্যায়ত সোমাবৰ প্ৰাক্মুহূৰ্তত। মণিপুৰৰ প্ৰাকৃতিক সৌন্দর্য, ইয়াৰ সুপ্রসিদ্ধ প্রাচীন সাহিত্য-সংস্কৃতি আৰু বিশিষ্ট নৃত্যশিল্পৰ বাবে ৰাজ্যখনক কোৱা হয় A Jewel of India. তদুপৰি পিতৃপ্ৰধান হ’লেও মণিপুৰী সমাজত নাৰীৰ স্থান মনকৰিবলগীয়া।

চমু ইতিহাস : মণিপুৰৰ আছে এক সুসভ্য প্রাচীন ইতিহাস। অতি প্রাচীন কালৰে পৰা ৰাজ্যখন এক সুপ্রতিষ্ঠিত ৰাজবংশৰ অধীনস্থ আছিল। সেই সময়তে তেওঁলোকৰ আছিল নিজস্ব বর্ণমালা আৰু সেই হৰফত লিখিত সাহিত্য। বর্তমানে অসমীয়া বাংলা লিপি ব্যৱহৃত হয় যদিও সাম্প্ৰতিক কালত পুনৰুত্থানবাদী জাতীয়তাবাদৰ জন্ম হোৱা বাবে প্ৰাচীন লিপি পুনঃপ্রতিষ্ঠাৰ চেষ্টা চলিছে।

 নিজা হৰফত লিখা মণিপুৰী পুৰাণখ্যাত এই পুথিবোৰত ৰাজ্যখনৰ বিষয়ে বহু কথা জানিব পৰা যায়। বর্ণিত আছে মণিপুৰ এসময়ত গন্ধৰ্বসকলৰ দেশ আছিল। মহাভাৰতত উল্লেখ আছে অর্জুনে গন্ধৰ্বৰাজ চিত্ৰবাহুৰ জীয়ৰী চিত্ৰাংগদাক বিবাহ কৰাইছিল । মহাবীৰ বজ্ৰবাহন এওঁলোকৰ পুত্ৰ আৰু মণিপুৰীসকল বব্ৰুবাহনৰ বংশধৰ। গতিকে ক্ষত্রিয়। এইবোৰ কাহিনী যদি সঁচা হয় তেনেহ'লে মনত প্রশ্ন জাগে, আজিৰ দৰে উন্নত যোগাযোগ ব্যৱস্থা নথকা সত্ত্বেও অর্জুনে বিয়া কৰাবলৈ ইমান দূৰ বাট আহিছিল কেনেকৈ?

 যি কি নহওক, ঐতিহাসিক যুগৰ প্ৰথম ৰজাজন আছিল পাখাংবা। তেওঁৰ ৰাজত্বকাল খ্ৰীষ্টীয় দ্বিতীয় শতাব্দী। এই সময়তে তাত প’ল’ খেলৰ প্ৰচলন হৈছিল আৰু মুদ্ৰাও ব্যৱহৃত হৈছিল। মণিপুৰক প'ল’ খেলৰ জন্মভূমি বুলি কোৱা হয়।

 ১৫৯৮ খ্রীষ্টাব্দত সিংহাসনত আৰোহণ কৰিছিল ৰজা খগেনবা-ই। তেওঁৰ অৰ্ধ শতাব্দী ব্যাপী ৰাজত্বকালক মণিপুৰৰ সুৱৰ্ণ যুগ বুলিব পাৰি। তেওঁ পুৰণি সমাজখনক ভাঙি নতুন ৰূপ দান কৰে। মণিপুৰৰ জাতীয় পোছাক খগেনবাৰ দ্বাৰা প্ৰৱৰ্তিত। এওঁৰ ৰাজত্বকালত বহু চীনা ব্যৱসায়ী মণিপুৰলৈ আহি ৰাজ্যত প্রচলিত ধর্ম গ্রহণ কৰি স্থায়ীভাৱে বসবাস কৰে। এওঁলোকৰ পৰা মণিপুৰীসকলে বাৰুদ আৰু ইটা তৈয়াৰ কৰিবলৈ শিকিছে। ১৬২৭ চনত ৰজা খগেনবাই প্রথম বন্দুক নিৰ্মাণ কৰে। মণিপুৰৰ সৈতে ব্ৰহ্মদেশ (ম্যানমাৰ), কাছাৰ, ত্ৰিপুৰা আদি ৰাজ্যৰ যুদ্ধ-বিগ্রহ লাগিয়ে থাকিছিল।

 ওঠৰ শতিকাৰ প্ৰথম ভাগত মহাৰজা ভাগ্যচন্দ্ৰৰ ৰাজত্বকালত বাঙালী বৈষ্ণৱ

বাকীছোৱা জীৱন /৩১৯