পৃষ্ঠা:অনিমা গুহ.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰেক ৰকমৰ চিন্তা। তাৰ পাছত আছে টকাৰ চিন্তা। সাতে-পাঁচে আজিকালি ডেউকাক আশ্ৰয় কৰিয়ে ফুৰিবলৈ ভালপোৱা হৈছো। তদুপৰি টিভিতে আজিকালি দেখিবলৈ পোৱা যায় পৃথিৱীখন। বুঢ়া বয়সত এইদৰে বিশ্বদৰ্শন কৰিয়ে সন্তুষ্ট হৈ আছো। বাংলা ভাষাত ইয়াকে কয় ‘দুধেৰ স্বাদ ঘোলে মেটানো'।

 যি কি নহওক বাৰ্ধক্যৰ আগমনৰ আগলৈকে দিহিঙে-দিপাঙে ঘূৰি ফুৰিছো। অৱসৰগ্ৰহণ কৰাৰ পাছত গুৱাহাটীলৈ উভতি আহি উপলব্ধি কৰিছিলো উত্তৰ-পূৰ্বাঞ্চলখনেই চোৱা হোৱা নাই। অথচ এই অঞ্চলক ভূস্বৰ্গ বুলি ক'ব পাৰি। তদুপৰি ঘৰৰ কাষতে।

 মনে মনে থিৰাং কৰিলো বয়সে বিধি-পথালি দিয়াৰ আগতে উত্তৰ-পূৰ্বাঞ্চলৰ পর্বতে-ভৈয়ামে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিব লাগিব। ভাবি আচৰিত হৈছিলো ইমান বছৰে অৰুণাচল বা মণিপুৰ দৰ্শন কৰাৰ কথা ভবা নাছিলো কিয়? ইয়াৰ উত্তৰ পাইছো ৰবীন্দ্ৰনাথৰ কবিতাত। আচৰিত হৈ ভাবো জীৱনৰ যিকোনো পৰিস্থিতি চম্ভালিবলৈ আৰু যিকোনো বিপদ-আপদৰ সন্মুখীন হ’বলৈ এশ বছৰ আগতে তেওঁ লিখি থৈ গৈছে। সেয়েহে আনন্দতো তেওঁক পাওঁ, দুখতো পাওঁ, বিপদতো পাওঁ। তেওঁ আমাৰ পৰম সুহৃদ।


‘A Jewel of India’ মণিপুৰলৈ

 ৰবীন্দ্ৰনাথ ঠাকুৰে দেশ ভ্ৰমণৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰিছে কবিতাৰ মাজেদি—

 ‘বহুদিন ধৰে বহু ক্রোশ দূৰে
 বহু ব্যয় কৰি বহু দেশ ঘুৰে,
 দেখিতে গিয়েছি পর্বতমালা
 দেখিতে গিয়েছি সিন্ধু।
 দেখা হয় নাই চক্ষুমেলিয়া
 ঘৰ হতে শুধু দুই পা ফেলিয়া,
 একটি ধানেৰ শিষেৰ ওপৰে
 একটি শিশিৰ বিন্দু।'

 মোৰ ক্ষেত্ৰত ই এশভাগেই সঁচা। ভাৰতৰ ভিতৰে বাহিৰে বহু ঠাই ফুৰিলো, কিন্তু

৩১৮/ বাকীছোৱা জীৱন